তুমি জোনাক-উৎপল দাস

তুমি আহিলা মোৰ জীৱনৰ  উকা হৈ থকা অসম্পূৰ্ণ  চানেকি খনলৈ ।

হাঁহিৰে সজালা মোৰ হৃদয়ৰ কোঠালি ।

এতিয়া হ'বা তুমি আমাৰ উশাহ আশা ভৰসা ।

তোমাক পাবলে ক'ত দূৰ আগুৱাই গ'লো ।

নিৰাসাৰ পথাৰত আশাবোৰ বুটলিবলে বহুত প্ৰয়াস কৰিলোঁ ।

সফল হলো তোমাক পায়।
তুমিয়েই আমাৰ আনন্দ
তুমি জোনাক,তুমি হেঁপাহ ।

তুমি জোনাক, তোমাৰ পোহৰে আমাৰ জীৱন ধন্য কৰি আগবাঢ়ি যোৱাৰ প্ৰয়াস মাথোঁ অবিৰত ।

তুমি এটি সূৰ্য্য, উদয় হৈ বাসনাৰ পৃথিৱীত আমাৰ সহযাত্ৰী হ'বা ।

✍️শ্ৰী উৎপল দাস
কুৰুৱাবাহী বোকাখাত

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send