১৪ অক্টোবৰ- আজিৰ দিনটোৰ বিশেষত্ব

Rinku Rajowar
0
১/ ১২৪০ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ভাৰতীয় প্ৰথম মহিলা মুছলমান শাসক ৰেজিয়া চুলতানাৰ মৃত্যু হয় ।

২/ ১৯২৪ চনৰ আজিৰ দিনটোতে প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম হয় ।

৩/ ১৯২৯ চনৰ আজিৰ দিনটোতে ভাস্কৰ্য শিল্পী শোভা ব্ৰহ্মৰ জন্ম হয় ।

৪/ ১৯৮০ চনৰ আজিৰ দিনটোতে শ্ৰীলংকাত জৰুৰী অৱস্থা ঘোষণা কৰা হয় ।

৫/ ১৯৮১ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেটাৰ গৌতম গম্ভীৰৰ জন্ম হয় । ২০০৩ চনৰ পৰা এদিনীয়া আৰু ২০০৪ চনৰ পৰা টেষ্ট ক্ৰিকেটৰ ভাৰতীয় দলৰ সদস্য ।

৬/ ১৯৯৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় অৰ্থনীতিবিদ অমৰ্ত্য সেনলৈ অৰ্থনীতিৰ নোবেল বঁটা আগবঢ়োৱা হয় ।

৭/ ২০০১ চনৰ আজিৰ দিনটোতে আফগানিস্তানত মাৰ্কিন আক্ৰমণৰ পৰিণতিত নাইজেৰিয়াত হোৱা গোষ্ঠীগত সংঘৰ্ষত প্ৰায় দুশ লোকৰ মৃত্যু হয় , অসংখ্য মছজিদ , গীৰ্জা ধ্বংস হয় ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)