শৰতৰ অনুভৱ - ৰঞ্জু গায়ন বৰুৱা

Aditi Tanti
0
চোৱা প্ৰিয়ে মোৰ পদুলিত
আজি শৰতৰ শেৱালি ফুলিছে ,
সঘনাই তোমালৈ মনতে পৰিছে ।
আকৌ দৌৰি আহিবা মোৰ কাষলৈ ,
একেলগে খোজ দিম শৰত চুবলৈ ।
তলসৰা শেৱালি দুহাতেৰে তুলি ভাবিম পুনৰ এৰি অহা দিনবোৰৰ কথা ,
সঁচাকৈ নাহে আৰু কেতিয়াও ঘূৰি সেই পলবোৰ ।
      
মোৰ পদুলিত আজি শৰতৰ শেৱালি ফুলিছে ,
তোমাৰ স্নিগ্ধ পবিত্ৰতা দেখি মন মোৰ ব্যাকুলিত হৈ পৰিছে ।
দুটি মন এটি হোৱাৰ হেঁপাহত ।
মনত ৰঙীন পুলক ঢালিছে ,
জোনাক ৰাতিৰ পোহৰত তোমাৰ জিলিকি থকা মিচিকিয়া হাঁহিত ,
আঁতৰি যায় মনৰ পৰা বিষাদ-বেদনাবোৰ ,
যেন প্ৰেম জগাই তোলে
দি যায় কেৱল প্ৰেমৰ অনুভূতিবোৰ এখন হৃদয়ৰ পৰা আন এখন হৃদয়লৈ ,
মোৰ পদুলিত আজি শৰতৰ শেৱালি ফুলিছে
তোমালৈ সঘনাই মনতে পৰিছে ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)