গাৱঁৰ যুৱক - যুৱতীসকলৰ মাজতো লুকাই থাকে সুপ্ত প্ৰতিভা "চুটি ছবি " NISA "ৰ শুভমুক্তি

Rinku Rajowar
0
গাৱঁৰ যুৱক - যুৱতীসকলৰ মাজতো লুকাই থাকে সুপ্ত প্ৰতিভা।এই কথাকে প্ৰমাণ কৰা দেখুৱাইছে বেলশৰ - বিল্বেশ্বৰ গাওঁৰ একাংশ উদীয়মান যুৱক - যুৱতীয়ে।মাদক দ্ৰব্যই বৰ্তমান সমাজ এখনক কিদৰে বিপথে পৰিচালিত কৰিছে আৰু নৱপ্ৰজন্মক মৃত্যুৰ মুখলৈ ঠেলি দিছে সেই সম্পৰ্কে জনসাধৰণক সচেতন কৰিবলৈ বাস্তৱ ঘটনাৰ আৰ্হিত তেওঁলোকে চুটি ছবি এখন নিৰ্মাণ কৰি উলিয়াইছে। " NISA " শীৰ্ষক চুটি ছবিখনৰ প্ৰথম খণ্ডটো  ইতিমধ্যে যোৱা ২ অক্টোবৰ তাৰিখে Evil Wizard ইউটিউব চেনেলটোৰ জৰিয়তে শুভমুক্তি দিয়া হৈছে।দ্বিতীয় খণ্ডটোৰ দৃশ্যগ্ৰহণ ইতিমধ্যে সম্পন্ন হৈছে আৰু শীঘ্ৰে মুক্তিৰ বাবে সাজু কৰি তুলিছে। " NISA " চুটি ছবিখনৰ প্ৰযোজনা কৰিছে প্ৰীতম,বদৰুল,ৰুবুল আৰু তফিজুৰে।পৰিচালনা কৰিছে যুৱ পৰিচালক আব্দুল লতিফে।দৃশ্ৰগ্ৰহণ দেবাংগ শৰ্মাৰ।অভিনয়ৰ কোনো প্ৰশিক্ষণ নথকা গাওঁৰ যুৱক -যুৱতীসকলে চুটি ছবিখনত যিখিনি নিখুঁত অভিনয় কৰিছে সচাঁকৈ শলাগিবলগীয়া। Evil Wizard ইউটিউব চেনেলটোত গৈ সমাজৰ বাস্তৱ জীৱনক লৈ নিৰ্মিত চুটি ছবি " NISA " সকলোৱে উপভোগ কৰক আৰু অনাগত দিনত তেওঁলোকক ভাল ভাল চুটি ছবি নিৰ্মাণ কৰিবলৈ উৎসাহিত কৰি তুলক।

🔏মোহাইমিনুৰ ৰহমান

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)