সোণালী ধাননি-দিপশিখা ৰাজকোঁৱৰ

©Admin
0
কৃষকৰ ধাননিৰ পথাৰখনি
 আজি হ'ল সোণালী
সোণগুটি ধানেৰে ভৰি, 
শীতো আহিল শৰৎ ৰাণীক লৈ
শাওণৰ সপোন আজি হ'ল সোণালী।
কাঁচিয়লি কুঁৱলি , সোণালী ধাননি
পৰাণ জুৰোৱা গীত এটি
বাজিছে মোৰ হিয়াতে আজি
জাক জাক বগলী 
উৰি আহি পৰে ধাননিত।
দাৱনীয়ে মুঠি মুঠি 
কাটে ধানৰ গজি
সৰু আলিয়েদি কৃষক যায়
কান্ধত ডাঙৰিটো লৈ।
দূৰৈৰ পৰা ভাঁহি আহে
গৰখীয়াৰ এটি সুমধুৰ গীত
ঝাওবনবোৰৰ মাজে মাজে
কোনেনো সুহুৰিয়াই মাতে
বাঁহীৰ সুৰতে মোৰ মন 
মতলীয়া হৈ নাচে।।

✍️দিপশিখা ৰাজকোঁৱৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)