বিক্ষিপ্ত বিৱশ মনে,
গভীৰ ধাৰণাত বিভোৰ হওঁতেই
বিহ্বলতাই আমনি কৰে।।
বিবক্ষা থকাৰ স্বত্বেও আজি
বিবেকহীন বিব্রত মনে,
বিভ্ৰান্তিৰ জালত বন্দী হৈ আজি
বীতস্পৃহ আচৰণ কৰে।।
বিবিধ বিবৃতি বিপন্ন হল
বিমূৰ্ত বিমল প্ৰাণত,
শতেক বৈভৱ বিভঞ্জ হ'ল
বিভাৱৰীৰ নিশিৰ আঁৰত।।
বিহ্বল ভাৱে বিৰূপ দৰ্শালে
বিষণ্ণ বিভ্ৰান্ত মনত,
বিভাৱন হল বিপ্ৰিয় ধাৰণাবোৰ
বিস্মিত কৰিলে প্ৰাণক।।