কুঁৱলী-প্ৰতিভা ফুকন

©Admin
0
কুঁৱলী , তুমি কিয় মোক , 
বাৰে বাৰে আৱৰি ধৰা।
কুঁৱলী , তুমি মোৰ শিৰে শিৰে বৈ যোৱা এসাগৰ ৰক্ত জোঁৱাৰ।
তোমাৰ পৰশতেই লুকাই যায় সোণালী পথাৰ ।
কুঁৱলী, তুমি যে মোৰ জীৱনৰ
হৃদয় কপোৱা প্ৰথম শব্দ।
তোমাতে বিলীন মোৰ জীৱনৰ
দুখ , কষ্ট ।
তুমি আহিম বুলি ক'লেই 
মোৰ মন ভৰি পৰে,
মোৰ আকুল প্ৰতীক্ষা তোমালৈ।
কুঁৱলী, তুমিটো নহয় 
মৰহি যোৱা এপাহি ৰক্ত গোলাপ ,
কুঁৱলী, তুমিটো নহয় যৌৱনত সনা এসোপা বিষাদৰ ৰং ।

          ✍️প্ৰতিভা ফুকন।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)