এটা চিনাকি বাট বিছাৰি-বিটুমনি কোছঁ

পংখী মৰাণ
0

আবেলিটো 
ক্ৰমান্বয়ে পূৰঠ হৈ আহিছিল 

মোৰ ঘৰ্মাক্ত দেহাটো 
আবেলিৰ সোণোৱালী ৰ'দে 
জিলিকাই তুলিছিল
নীলা কামিজটো পিন্ধি 
আকাশে মোক ক'লে
তুমিও পিন্ধি লোৱা হৃদয়ত 
প্ৰেমেৰে পূৰ্ণ কৰি
নীলা কামিজ এটা
হৃদয়খন যে মোৰ 
আতংক আৰু
অজান আশংকাৰে ভৰি আছে 

ঘৰ্মাক্ত কপালৰ মাটি মোহাৰি
উপাৰ্জন কৰোঁ জীয়াই থাকিবৰ বাবে
ঘামকেই বিক্ৰী কৰি ভৱিষ্যত ৰচোঁ
প্ৰচণ্ড হীনমন্যতাত ক্লেদাক্ত কৰোঁ মন
ৰক্তাক্ত হৃদয়ৰ কহুঁৱা কোমল অনুভূতিটো
যন্ত্ৰলৈ ঢাপলি মেলে 

মাটিৰ গোন্ধ থকা মোৰ দেহ পংগু
আৰু অসুস্থতাত থমকি ৰওঁ
সপোন দেখোঁ এটা চিনাকি বাটৰ
আগবাঢ়ি যাবলৈ মোৰ দুভৰি। 

                    

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)