ক'ত হেৰাই গ'ল মোৰ আই-চিন্ময় ডেকা

©Admin
0
মোৰ আই
মৰম আকুলতাৰ লগৰী,
সুখ-দুখৰ সমভাগী।
ক'ত গুছি গ'লা গৈ অ'
অজান পুৰিলৈ;
শোকে খুন্দিয়াই মোৰ বুকু
দুবাহুৰ হৃদয়ৰ,
আশাৰ সপোন বোৰ যেন;
মৰহি যোৱা ফুলৰ দৰে হৈ পৰিছে অ'
মোৰ আই
জীয়াতু ভুগি দিশহাৰা হৈছোঁ,
অচিন জগতলৈ ঢাপলি মেলিছোঁ।
শুদ্ধ পথৰ সন্ধান দিবলৈ,
কোনো নাই অ'
সময়ৰ গ্ৰাসত সকলো নিজস্বতাৰ লগৰী।
স্বার্থ কেন্দ্ৰীক পৃথিৱীত,
মই যেন, পথভ্রষ্ট পথিক;
মোৰ আই
দিয়াহি এবাৰ দৰ্শন,
তোমাৰ এই অভাগিনী পুত্ৰক জীৱনৰ বাটত পূৰ্ণতা।

   ✍️চিন্ময় ডেকা, টংলা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)