আজিৰ শিশু কাই'লৈ দেশৰ ভবিষ্যত-চিন্ময় ডেকা

Rinku Rajowar
0
সাম্প্রতিক সময়ত দৰিদ্ৰতাৰে জুৰুলা কৰা দেশ তথা ৰাজ্য খনত শিশু শ্ৰমিকৰে জৰ্জৰিত হৈ আছে। আমাৰ সমাজ ,গাঁও খনটো বিৰাজমান। আমি আধুনিকতাৰ পৃথিৱীত বসবাস কৰা শিক্ষিত লোকৰ অশিক্ষিত দূৰদৰ্শী কামবোৰ চকুত পৰিলেও আওকাণ কৰা পৰিলক্ষিত হয়, সচাঁ অৰ্থত মই মিচা নাই কোৱা? আপুনি আপোনাক নিজক প্ৰশ্ন কৰিব? আজিৰ অভিভাৱক সচেতননে? ই কিমান দূৰ চিৰসত্য, এমুঠি অন্নৰ বাবে শ্ৰম কৰে। তথাকথিত লোকৰ হাতত ম্লান পৰে একো-একোজন নৱ-প্রজন্মৰ শিশু। সভ্যতাৰ অগ্ৰগতিৰ লগে লগেই আজি আমাৰ সমাজখন উন্নতিৰ শিখৰত প্ৰায় দপদপাব'লৈ ধৰিছে,কিন্তু এই সমস্যা বোৰৰ ভিতৰত এটা সমস্যা যাক আমাৰ সমাজে আওকাণ কৰি চলি আছে, সেয়া হৈছে শিশু শ্ৰমিক অৰ্থাৎ শিশুসকলক শ্ৰমিকৰ ৰূপ দিয়া। 
                আমাৰ দেশত দুখীয়া শ্ৰেণীৰ সংখ্যা বেছি আৰু এই শিশু শ্ৰমিক সকল বেছিভাগেই দুখীয়া শ্ৰেণীৰ পৰা অহা। বেছি ভাগ দৰিদ্ৰ পৰিয়ালৰ বাবে পেটৰ ভোক নিবাৰনৰ বাবে  নিজৰ ল'ৰা বা ছোৱালীক শ্ৰমিক শ্ৰেণীটোলৈ ঠেলি দিয়া দেখা যায়। সেই দৰিদ্ৰ পৰিয়ালবোৰৰ এষাৰেই কথা- যে পঢ়ি শুনি একো লাভ নাই,  শ্ৰম কৰি উপাৰ্জন কৰি পেটৰ ভোক আৰু ঘৰখন চলাবলৈ শ্ৰমিক হব'ই লাগিব। এনেদৰেই সেইচাম মাক-দেউতাকে  নিজৰ ল’ৰা ছোৱালীক শ্ৰমিকৰ ৰূপত সজাই। ফুল কুমলীয়া ওমলি ধেমালি কৰি স্কুল গৈ পঢ়া সময়তে সিহঁত হৈ পৰে একোটা মালিকীস্বত্ব প্ৰতিষ্ঠান বা কোনো গৰাকীৰ তলতীয়া শ্ৰমিক। আমি যদি নিজৰ ওচৰে পাজৰে মন কৰো, চাহৰ দোকানত, হোটেল, গাড়ীৰ হেণ্ডিমেন স্বৰূপ,  কোনোবা ডাঙৰ ঠিকাদাৰৰ কনষ্ট্ৰাকচনৰ কামত, কাৰোবাৰ ঘৰত লগুৱা নহ’লে বাটে-পথে প্লাষ্টিক জাতীয় সামগ্রী আদি বিচাৰি ফুৰা ফুল কুমলীয়া ল’ৰা-ছোৱালী প্ৰায়ে আমি দেখিবলৈ পাওঁ। প্ৰত্যকেই যেনিবা পেটৰ ভোকৰ তাড়নাত নহ’লে ঘৰৰ বোজা কান্ধত লৈ ৰূপ দিছে নিজকে একো একোটা শ্ৰমিক বুলি। কিন্তু একবিংশ শতিকাৰ আধুনিক সমাজত ই বাৰু সম্ভৱ নে?
              আজি ১৪ নবেম্বৰ ৰাজ্যত স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী দেশৰ জৱাহৰলাল নেহৰু খুড়াৰ জন্ম দিনটোত শিশু দিৱস হিচাপে পালন কৰাটো প্ৰশংসনীয়। তথা দেশবাসীৰ বাবে গৌৰৱৰ ঐতিহ্যৰ বন্যা। কিন্তু শিশু সকলে নিৰাপদে থাকিব'লৈ সক্ষম হৈছেনে? আমি সকলোৱে কওঁ "শিশু শ্ৰমিক' এক আইনগত দোষণীয় কামেই নহয়, ই এক সামাজিক ব্যাধিও।" বাস্তৱত ইয়াৰ জানোঁ কাৰ্যক্ষম হৈছে।কিমান দূৰ সফল হৈছে। এইবোৰ কাৰণত  অৰাজকতা পৰিস্থিতিয়ে বিৰাজ কৰিছে আজিৰ সমাজখন তথা দেশ,ৰাজ্য খনত। গতিকে মোৰ সমাজখন'লৈ তথা আমাৰ উঠি অহা শিক্ষিত নৱপ্ৰজন্মলৈ আৰু বিশেষ ভাৱে চৰকাৰলৈ অনুৰোধ, যে আগন্তুক দিনবোৰৰ কাৰণে আমাৰ শিক্ষা ব্যৱস্থা, দুৰ্ভিক্ষতা আৰু জনসংখ্যাৰ ওপৰত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কিয়নো আজিৰ সময়ত ফুল কুমলীয়া শ্ৰমিক শিশু সকল আমাৰ দেশৰ ভৱিষ্যত। সেয়ে তেওঁলোকক দেশৰ হিতৰ বাবে, উন্নতি আৰু অগ্রগতিৰ বাবে একো একোজন সু-নাগৰিক হিচাপে গঢ় দি তোলাটো আমাৰ সকলোৰে প্ৰধানতঃ দায়িত্ব আৰু কৰ্তব্য।

✍️চিন্ময় ডেকা, টংলা
দূৰভাষ:-৬০০২৬৬৬৫৯৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)