ধনেৰে নহয় মনেৰে ধনী হওঁক-হেমেন হাজৰিকা

Rinku Rajowar
0
উচ্চ মন এটাৰ অধিকাৰী হ'বলৈ সাধনা লাগিব; মনেৰে ধনী হ'ব লাগিব।।
   ধনেৰে ধনী এজন মানুহ মনেৰে ধনী নহ'বও পাৰে তাৰ বিপৰীতে ধনৰ ভিক্ষাৰী হ'লেও কোনো এজন ব্যক্তি মনেৰে ঐশ্বৰ্য্যশালী হ'ব পাৰে ।
     ধনী মনৰ মানুহ এগৰাকী সকলোৰে প্ৰিয় পাত্ৰ হয়, কাৰণ তেওঁৰ উদাৰতাই সকলোকে আকোঁৱালি লয় । তেওঁৰ মনত কোনো উচ্চ-নীচ নাই । সকলো সমান , কিন্তু কেৱল টকাৰে ধনী এজন মানুহে তেনেদৰে ভাবিব নোৱাৰিব পাৰে ।
    আমি সমাজত দেখি আহিছোঁ,সোঁৱে বাওঁৱে টকা পইচা ঘটি নিজকে ধনাঢ্য ব্যক্তি বুলি চিনাকি দিয়া মানুহে তেওঁতকৈ কম টকা পইচা থকা মানুহক অলপ হেয় চকুৰে চাই। তেওঁতকৈ যেন সেই ব্যক্তি গৰাকী সৰু মানুহ । তেওঁৰ লগত ভালদৰে মাতবোল কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে ।
    তেনেবোৰ মানুহক অন্য মানুহে টকাৰ বাবেহে দেখুৱাই সন্মান কৰে । তেওঁলোকে আন্তৰিক সন্মান নাপায় । তেনেবোৰ মানুহৰ ঘৰত নাৰায়ণ স্বৰূপ মানুহ দেখিবলৈ পোৱা নাযায় । কিন্তু মনৰ ধনী মানুহৰ ঘৰত খাবলৈ একো নাপালেও তাত মানুহৰ সমাগম পোৱা যায় । মানুহৰ পদধুলি পোৱাটো সৌভাগ্যৰ কথা!এইটো ইমান সহজে পোৱা নাযায় ।
   ধনী মনৰ এগৰাকী মানুহৰ অন্তৰখন উদাৰ,অকপটে অন্যক সহায় কৰিবলৈ আগবাঢ়ি যায় নি়ঃস্বাৰ্থ ভাৱেৰে । আনক সহায় কৰি ভাল পায় । সৰু ডাঙৰ সকলোবোৰ তেওঁৰ বন্ধু । আনক আপোন কৰি ল’ব পৰা  বাবে সকলোৰে পৰা আদৰ পায় । সেই যে কবিতা ফাকি পৰক আপোন কৰিব পাৰিলে সংসাৰ সুখৰ ঠাই সেয়া তেওঁৰ ক্ষেত্ৰত প্ৰযোজ্য ।
     মনেৰে ধনী হ'বলৈ টকা পইচা নালাগে । মনেৰে ধনী হ'বলৈ আটক ধুনীয়া ঘৰ নালাগে, বিলাসী গাডী নালাগে, নালাগে দামী পোচাক লাগে মাথো এটা উদাৰ মন । ঘৰলৈ এজন ভিক্ষাৰী আহিলে দাবী ধমকি দি ঘৰৰ পৰা খেদি বাহিৰ কৰি দিব পৰা ধনী মানুহজন মানসিক ভাবে তেওঁ কিমান দুখীয়া সেয়া তেওঁ বুজিব কেতিয়া । আনহাতে নিজে নাখায়ো তেনে এজন লোকে ঘৰলৈ মাতি নি ঘৰত যি আছে তাকে সেই ভোকাতুৰ আত্মাটোক তৃপ্তি কৰাই যিমান প্ৰশান্তি লভে ঠিক তেনেদৰে সেই লোক জনেও লভে । তেন্তে তেওঁ মনেৰে এজন সমৃদ্ধিশালী লোক নহয়নে?
   কথা প্ৰসঙ্গত উনুকিয়াব খুজিছোঁ, সেয়া কিছু বছৰৰ আগৰ কথা, পুৰণা হ'ল, তথাপি শব্দ ব্ৰহ্ম সদায়েই নতুন ।অজস্ৰ ধন সম্পদৰ মালিক, পেচাত শিক্ষয়িত্ৰী,যাক টকাৰ ওপৰত বহি থকা বুলি ক'ব পাৰি । তেখেতে পাঠশালা বিদ্যালয়ৰ নিজৰ  কণ-কণ দুখীয়া ছাত্ৰ-ছাত্ৰীসকলক হেনো শুধিছিল, ঐ তঁহতে ৰৌমাছ দেখিছ, খাই পাইছ ৰৌমাছ?? তেতিয়া ৰৌমাছ সেইচাম মানুহৰ বাবে দুৰ্লভ । গতিকে এনে এটা মহান বৃত্তিত জড়িত থাকিও তেখেতৰ মনটো কিমান দুখীয়া ভাবি চাওক । সেয়া শিশু কেইটাক তাচ্ছিল্ল্য কৰা নহ'লনে , মনত আঘাত কৰা নহ'লনে , ধনী হ'ল তাতে কি হ'ল তেওঁ কাহানিও মানসিক ভাবে ধনী হ'ব নোৱাৰিলে এগৰাকী শিক্ষয়িত্ৰী হৈও!
   আমি শিক্ষিত হৈছোঁ হয় । কিন্তু জ্ঞানী হ'ব পাৰিছোনে , শিক্ষিত হ'বৰ বাবে জ্ঞান লাগে নে জ্ঞানী হ'বৰ বাবে শিক্ষিত হোৱাটো প্ৰয়োজন । সমস্যাটো ক'ত? আচলতে আমি সকলো বুজো কিন্তু নকৰোঁ । তেনে কৰিলে মানুহে কি ক'ব , মানুহে কি ক'ব সেইটো ভাবি থাকিলে সমাজত একো কামেই নহ'ব । কাৰণ আমি এতিয়াও বাপেক পুতেক আৰু গাধ সাধুটোৰ পৰ্যায়তে আছোঁ , তাৰ পৰা আমি আগুৱাব পৰা নাই । আনে কি ভাবিব সেই ভাৱটো এৰি , মই কি কৰিছোঁ, আনতকৈ কিবা এটা বেলেগ কৰিব পাৰিছোনে যিটো আনৰ বাবে আদৰ্শ হৈ পৰিব পাৰে । কিবা এটা ভাল কাম প্ৰথমে কোনোবা এজনে কৰি দেখুৱাব লাগিব আৰম্ভ তেতিয়াহে হ'ব । মনৰ দিগন্ত আমি প্ৰসাৰিত কৰিব পাৰিব লাগিব ।
  আমাৰ এটা সৰু কামে, সৰু কথাই, অলপ সহায়ে যদি কাৰোবাৰ কিবা উপকাৰ হয় তাতকৈ আনন্দৰ কথা কিবা থাকিব পাৰেনে! তেতিয়া সেইজন মানুহৰ অন্তৰত চিৰদিন  সেইজন নমস্য হৈ থাকিব ।
  লাহে লাহে আমাৰ সমাজখনো কংক্ৰিট হ'বলৈ আৰম্ভ কৰিছে । আগৰ সেই সহজ সৰল উদাৰ মনৰ মানুহবিলাকক ক'ত জানো হেৰাই থাকিল । এনে কংক্ৰিটৰ সমাজত মনেৰে ধনী মানুহ ক'ত বিচাৰি পাব । হয়, ভাবিলে আচৰিত লাগে । অ তেনে উদাৰ মনৰ বহল অন্তৰৰ মানুহ বিচাৰিবলৈ হ'লে গাঁৱলৈ যাৱ লাগিব । প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত বসবাস কৰা, পথাৰ, নদী, পাহাৰ, চৰাইৰ মাতত সাৰ পোৱা পৃথিৱীতে ধনী মনৰ মানুহ বিচাৰি পোৱা যাব । লখিমী সদৃশ মানুহ বোৰ আমাৰ আপোন হয় । সেই যে এটা গীত আছিল , কোনখন চলচ্চিত্ৰ জানো নামটো মনত নপৰা হ'ল । ঘৰৰে লখিমী গাঁৱতহে থাকে বোপাই সদৃশ । তাৰ বাবে আমি গাঁৱলৈ যাব লাগিব মনেৰে ধনী মানুহ বিচাৰি ।

         

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)