শিশুদিৱস:এক অনুভৱ-প্ৰিয়ংকা চমুৱা

Rinku Rajowar
0
“মই হ’ম জৱাহৰলাল, পৰাধীনতাৰ সাগৰ সাঁতুৰি তৰিম জয়ৰ পাল, মই হ’ম জৱাহৰলাল”—এইজনা মহান  মনীষি জৱাহৰলাল নেহৰুৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। তেওঁ আছিল স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী ।
আজি ১৪ নবেম্বৰ । পণ্ডিত জৱাহৰলাল  নেহৰুৰ জন্ম দিন। আজিৰ দিনটো সমগ্ৰ দেশে ওলহ মালহেৰে শিশু দিৱস হিচাপে পালন কৰে। নেহৰুৱে শিশু সকলক বহুত  ভাল পাইছিল আৰু এই ভালপোৱাৰ প্ৰকাশ । আচলতে আমি সকলোৱে শিশু সকলক ভাল পাব লাগে, শ্ৰদ্ধা কৰিব লাগে আৰু শিশুসকলৰ আধিকাৰ আৰু সুৰক্ষাৰ প্ৰতি সজাগ, সচেতন হ’ব লাগে। বহু সময়ত অধিকাৰ আৰু সুৰক্ষাৰ খৰ্ব হোৱা দেখা যায়। বৰ্তমান সময়টো বহু ফুলকুমলীয়া শিশুক হোটেল, ইটা ভাটা, আঢ্যৱন্ত কাৰোবাৰ ঘৰত শ্ৰমিক হিচাপে নিয়োজিত হৈ আছে। ই আমাৰ বাবে অতি পৰিতাপৰ কথা । 
আজি শিশু কালিলৈ দেশৰ ধৰণী। গতিকে শিশুসকলৰ শৈশৱটো যাতে পংগু নহয় তাৰ বাবে আমি সকলোৱে সচেষ্ট থকা উচিত । নেহৰু ক শ্ৰদ্ধা জনাই শিশু দিবস পালনৰ প্ৰাসংগিতা তেতিয়াহে হ’ব, যেতিয়া সকলো দিশ সুকলমে কাৰ্য্যকৰী হ’ব। এই আপাহতে সকলোকে শিশু দিৱসৰ শুভেচ্ছা জনাইছো।
আমাৰ সমাজত সঘনাই পৰিলক্ষিত হোৱা অতি  দুৰ্ভাগ্যজনক ঘটনা হৈছে এই মহান ব্যক্তিসকলক আমি তেঁওলোকৰ স্মৰণীয় দিনটোতহে স্মৰণ কৰাৰ লগতে দিনটো উদযাপন কৰো আৰু বছৰৰ বাকীকেইটা দিন নিজৰ মতে চলিব গৈ সমাজৰ একাংশ লোকৰ দুখ-দুৰ্দশা পাহৰি যাওঁ। প্ৰকৃততে এই দিনটোৰ লগত জড়িত আমাৰ কৰণীয় খিনি আমি কৰাটোহে অত্য
বছৰৰ এটা বিশেষ দিনত ‘শিশু দিৱস’ পালনৰ লগে লগে শিশুসকলৰ সৰ্বাঙ্গিন উন্নতিৰ বাবে চিন্তা কৰাটোও চৰকাৰ আৰু জনসাধাৰণৰ কৰ্তব্য হোৱা উচিত। কিন্তু পৰিতাপৰ কথা যে, আমাৰ সমাজত শিশু শ্ৰমিক এতিয়া অলিয়ে-গলিয়ে পোৱা যায়।ইজিৰ এইখন ভদ্ৰলোকৰ সমাজতে আজিও কন্যা সন্তান লাঞ্চিত হৈ আছে,নাৰীসকল ধৰ্ষিতা হৈ আছে। তদুপৰি আইনগত ভাবে অপৰাধ বুলি জানিও এতিয়াও কন্যা ভ্ৰুণ হত্যা কৰা হয়, বহু শিশু এতিয়াও অনাহাৰে-অৰ্দ্ধাহাৰে দিন কটাইছে, বিভিন্ন সময়ত দৰিদ্ৰতাৰ কবলৰ পৰা ৰক্ষা পাবলৈ বহু শিশুয়ে অতি কুমলীয়া বয়সতে আনৰ ঘৰত বনকৰা লৰা হবলগীয়া হৈছে! এইবোৰ চলিয়ে আছে আৰু হয়তো জনসাধাৰণ সচেত হলেহে শিশু দিৱসৰ তাৎপৰ্য তথা কৰণীয় বোৰ ভৱিষ্যত সময়ত প্ৰযোজ্য হব।
আমাৰ দেশ ভাৰতৰ সংবিধানত শিশুৰ বিনামূলীয়া শিক্ষা, শিশু শিক্ষাৰ বাবে ও আইন আছে আৰু এটা ‘শিশু কল্যাণ’ বিভাগ আছে। কিন্তু এই আইন, অধিকাৰ ঠিকমতে ৰক্ষা হবলৈ হলে আমি জনসাধাৰণ পোনপ্ৰথমে সজাগ আৰু সচেতন হব লাগিব।তেতিয়াই সুৰক্ষিত হব শিশুৰ ভৱিষ্যত আৰু গঢ় লব সুস্থ মানসিকতাৰ যি মানসিকতা ই গঢ়ি তুলিব এখন প্ৰগতিশীল তথা সংস্কৃতিবান সমাজ তথা দেশ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)