নদী খনৰ ওপৰত পৰি ৰোৱা পৰিত্যক্ত পুৰণি কাঠৰ দলংখনত ৰনে এটা কাঠৰ মূৰ্ত্তিৰ দৰেই বহি কথা বোৰ ভাবিবলৈ ল'লে।তগৰ বিহীন তাৰ জীৱনৰ সময় বোৰ আজি নাযায় নুপুৱাই।সময়ৰ পখিলা যে ইমান লাহে লাহে উৰে সি উপলব্ধি কৰা নাছিল।তগৰক হেৰুৱাই সি এটা অসহ্য বুকুৰ বিষ অনুভৱ কৰিছে।কিছুমান কথা কাকো ফুটাই ক'ব নোৱাৰি।ই বুকুৰ মাজতেই নজহা নপমাকৈ থাকি যায়।ঘৰত মাকে তালৈ ছোৱালী চাই ফুৰিছে।বিয়া পাতিবলৈ উপযুক্ত বয়স হোৱা লৰাটোৱে আজিলৈকে নিজে ছোৱালী পছন্দ কৰা নাই।মাকে ছোৱালী চাই দিব বুলি আশা পালি বহি আছে।ওচৰ চুবুৰীয়াৰ আগত দিয়া মাকৰ ভাষ্য। মাকক সি একো নকলেও সি জানে তাৰ হৃদয়ৰ মাজত ইমান দিনে যি গৰাকী নাৰীয়ে খুপনি পুতি আছে।সেই নাৰীক অন্যায় কৰি অন্য এগৰাকীক তাৰ হৃদয়ত ঠাই দিব নোৱাৰে।সি আজি বৰ অনুতপ্ত।সমাজৰ ভয়ত মূৰ তুলি কথা কব নোৱাৰা বাবেই হয়তো সি তগৰক এদিনো মুখ ফুটাই কব নোৱাৰিলে তুমি মোৰ বাবে জীয়াই থাকিব লাগিব।নাইবা সি তগৰে পোৱা শাস্তিৰ কথা জানিব পাৰিও একো প্ৰতিবাদ কৰিব নোৱাৰিলে।মাত্ৰ নিৰৱ দশক হৈ থাকিল।চকুৰ কোনত দুটোপাল চকুলোৱে আমনি কৰিল।
ইফালে দিন বাগৰা লগে লগেই তগৰে মন্দিৰৰ সকলো নিয়ম নীতি শিকি পেলালে।সকলোৰে লগত নম্ৰ ব্যৱহাৰ কৰা তগৰক মন্দিৰৰ সকলো কৰ্মকতাই ভাল পায়।তাইৰ দায়িত্ব লয়।তগৰ মন্দিৰৰ সকলোৰে বাবে ৰাধে।এই সকলো বোৰ কথা লক্ষ্য কৰি প্ৰধান প্ৰভূৱে তগৰক শৰন দিয়া কথা প্ৰকাশ কৰিলে।তগৰে অবাক বিস্ময়ত প্ৰধান প্ৰভূলৈ চালে।শৰন মানে কি তাই বুজি নাপায়।প্ৰধান প্ৰভূৱে তগৰক শৰন মানে কি বুজাই ক'বলৈ ধৰিলে।
শৰন মানে সত্যক জানি লবলৈ চেষ্টা কৰা।পৰমেশ্বৰ ভগৱানৰ সৈতে থকা আমাৰ নিত্য সম্পৰ্কৰ বিষয়ে উপলব্ধি কৰি, সেই অনুসাৰে কৰ্ম কৰাটোৱেই হৈছে, প্ৰতেক মানুহৰ কৰ্তব্য।যদি এইটো সম্ভৱপৰ হয়,তেতিয়াহে আমাৰ জীৱনৰ উদ্দেশ্য সফল হ'ব।ভগৱান আছে আৰু প্ৰতি মুহূৰ্ততে আমি তেওঁক দৰ্শনো কৰিব পাৰোঁ।আমাৰ জীৱন কালত যদি আমি ভগৱানক চাবলৈ নিবিচাৰোঁ ,তেতিয়াহ'লে অন্তিম সময়ত তেওঁ আমাৰ সন্মুখত নিষ্ঠুৰ মৃত্যু ৰূপে আহি উপস্থিত হ'বহি।এজন মানুহে এটা পশুতকৈ উন্নত জীৱন যাপন কৰাৰ সুবিধা লাভ কৰিছে কিয়? প্ৰকৃতিয়ে পশুবোৰতকৈ মানুহ বোৰক বেছিকৈ সা -সুবিধা দিছে।কাৰণ কেৱল ভোকত কলমলাই থকা পেটৰ ক্ষুধা নিবাৰণতেই ব্যস্ত হৈ থকা পশুবোৰৰ তুলনাত মানুহৰ গুৰুত্ব পূৰ্ণ দায়িত্বও আছে।কুকুৰ বা গাহৰিৰ দৰে কঠোৰ পৰিশ্ৰম কৰাৰ বাবে আমি এই মনুষ্য জীৱন লাভ কৰা নাই।জীৱনৰ সম্পূৰ্ণ সাফল্য অৰ্জন কৰিবৰ বাবেহে আমি এই জীৱন পাইছোঁ।
এই মানৱ শৰীৰটো এখন উত্তম যানৰ দৰে, যাৰ সহায়ত আমি এটা নিত্য জীৱন লাভ কৰিব পাৰোঁ।অজ্ঞতাৰে ভৰা ভৱ সমুদ্ৰ পাৰ হ'বৰ বাবে এই মানৱ শৰীৰটো হৈছে, এখন অতি দুৰ্লভ আৰু অতি প্ৰয়োজনীয় নৌকা।এই নাওখন পৰিচালনা কৰিবৰ বাবে এজন নাৱৰীয়াৰ প্ৰয়োজন।আৰু সেই নাৱৰীয়া জনেই হৈছে আধ্যাত্মিক গুৰুজনা।যাৰ ওচৰত শৰন ল'লে, গুৰু জনাৰ কৰুনাই নাওখন ভৱ সমুদ্ৰ পাৰ কৰি নিব।আৰু আধ্যাত্মিক গুৰুজনাই যি জ্ঞান প্ৰদান কৰে, সেইয়েই হৈছে শৰন।প্ৰধান প্ৰভূৱে ,ইমান সুন্দৰকৈ শৰনৰ বিষয়ে বুজাই দিলে, তগৰে শৰন লবলৈ উদবাউল হৈ পৰিল।প্ৰধান প্ৰভূ মৌন হৈ চকুহাল মুদি দিলে।এক উজ্জ্বল পোহৰৰ দীপ্ত তেওঁৰ মুখত প্ৰতিভাত হ'ল। তগৰে প্ৰভূলৈ চায় সেৱা জনালে।এজন প্ৰভূৱে শৰন লবলৈ ইচ্ছুক ভক্ত সকলক এটা শুভ দিনত শুভক্ষনতহে প্ৰধান প্ৰভূৱে শৰন দিব বুলি জানিবলৈ দিলে।
মন্দিৰৰ পৰা তগৰে তাই থকা ৰুমলৈ যাবলৈ ধৰিছে।নিৰ্বাক বিস্ময়ত একেথৰে চাই থকা পুলিচটো দেখি তগৰৰ অন্তআত্মা কপি উঠিল।তাই ওৰনিখন টানি খৰখোজেৰে বাট ল'লে,যদিও পুলিচ জন তাই পিছে পিছে আহি থাকিল।আগলৈ,,,,,,,।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ