শৈশৱৰ এৰি অহা
মোৰ গাঁৱখনিলৈ,
সকলোৰে দৰে মোৰো আছে
এৰি অহা সোণালী এক অতীত।
বৰ্তমানক নিলগত ৰাখি মই,
উভতি চাওঁ এৰি অহা সেই
সেউজীয়াবোৰলৈ,
মন সুৰুঙাৰে
জুমি চাওঁ অতীতৰ মৃদু সুবাসলৈ।
পৰা হলে আজিও গাঁঠিলোহেঁতেন
দেউতাৰ পদূলিত তল সৰা,
সুগন্ধি বকুলৰ অলেখ মালা।
পৰা হলে খেলিলোগৈহেঁতেন,
আপোন বিভোৰ হাঁহি খিলখিলনি,
অতীতৰ লগৰীয়াহঁতৰ লগত।
নিজম দুপৰত ভাঙিলোহেঁতেন
ভাগৰুৱা হালোৱাৰ ঘূৰ্মতি ।
পৰা হলে বুটলিলোহেঁতেন
আঘোণৰ পথাৰৰ লেচেৰি,
দাৱনীৰ কাঁচিৰে বকলাই দিয়া,
কলপাতত ৰবাব টেঙাৰ জুতি।
পাহৰিও নাপাহৰো,
শৈশৱৰ স্মৃতি।
কোনোবা প্ৰেমিকৰ বাঁহীৰ সুৰত উতনুৱা গাভৰুৱে সুৰৰ মায়াজালত তৰে সপোন।
নিজম ৰাতি দূৰৈৰ বাঁহীৰ সুৰে
ব্যাকুল কৰে মোৰ সূৰ্য্যমুখী মন।
কোন দূৰৈৰ জাক জাক পক্ষীয়ে,
মোৰ গাঁৱৰ খাল- বিলত,
কলৰৱ তুলি,
শীতৰ আগলি বতৰা দিয়ে।
প্ৰতি বছৰৰ বহুৰঙী আলহী পক্ষীৰ,
আমি যেন এক নিৰৱ দৰ্শক।
কোন দূৰৈৰ সেই আলহী পক্ষী
প্ৰকৃতিক বিনন্দীয়া কৰি,
গুচি যোৱা আমাক এলাগী কৰি।
তোমালোকক লৈয়ে ৰচে
অলেখ অযুত কাহিনী।
সেই পক্ষীৰ দৰে,
আমিও যেন তীৰ্থযাত্ৰী,
হৃদয়ৰ ৰহস্য সন্ধানী।
পৰা হলে উৰি গলোহেঁতেন,
মোৰ শৈশৱলৈ,
এতিয়া মাথোন যাত্ৰা মোৰ,
অনন্ত জীৱন জিজ্ঞাসাৰ।
পৰা হলে আজুৰি আনিলোঁহেঁতেন
মোৰ সুৰীয়া শৈশৱৰ,
সুৰৰ লহৰী।
✍️নীভা লয়িং
পাণবজাৰ, গুৱাহাটী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ