মোৰ প্ৰিয় মাহ
কাৰণ,
ইযে মাহ মোৰ হিয়াৰ
কেঁচাপতীয়া হেঁপাহৰ।
ইযে মাহ
ৰ'দৰ বুকুত গান গোৱা
সোণালী মেঘৰ
আলসুৱা সুৰৰ।
ধাননিয়ে ধাননিয়ে
দাৱনীৰ হাতৰ
লাৱনী পৰশ লগা মাহ
এই আঘোণ!
বতাহৰ নিটোল হাতত
ধানৰ থোকবোৰ
হালি-জালি নচাৰ মাহ
এই আঘোণ।
সেয়ে আঘোণ প্ৰিয় মাহ মোৰ।
সোণোৱালী ধান সাবটি ধৰা
পথাৰবোৰত
সপোনবোৰ ফুলি উঠা মাহ আঘোণ।
প্ৰিয় মাহ আঘোণ মোৰ
পথাৰে পথাৰে
বাজি উঠা
এটি কলিজা কঁপোৱা গীতৰ সুৰ।
✍️কুঁহিস্মিতা বৰা।
স্নাতক তৃতীয় ষাণ্মাসিক
জেডিএছজি কলেজ, বোকাখাট।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ