জীৱনৰ অন্য নাম সংগ্ৰাম(খণ্ড নং-২০)~পূৰ্ণিমা বৰঠাকুৰ বেজবৰা

©Admin
0
হঠাৎ পদুমনি গাৱঁত আনন্দ উছাহৰ ঢৌ ৷ ফুলৰ থোপা লৈ লৈ উঠি অহা যুৱ প্ৰজন্ম,ডেকা গাভৰুসকল নলিনীহঁতৰ ঘৰলৈ সোঁত বলিছে ৷ বয়োজেষ্ঠ সকলেও আশীৰ্বাদৰ টোপোলাৰে নলিনী মূৰত হাত থৈছে ৷            নলিনী পদুমনি গাঁৱৰ উঠি অহা যুৱক যুৱতী সকলৰ প্ৰেৰণাৰ উৎস হৈ জিলিকিছে ৷  আপোন চেষ্টাৰে কোনো চৰকাৰী সাহাৰ্য্যৰ অবিহনেই               স্বনিৰ্ভৰশীলতাৰ নিদৰ্শন ডাঙি ধৰিলে নলিনীয়ে ৷ পিতৃ-মাতৃহীনা এজনী কনমানী ছোৱালী যি আনৰ আশ্ৰয়ত  থাকি অথচ আনৰ সহায়েৰে জীৱন গঢ়াৰ সপোন নেদেখি স্ব নিৰ্ভৰশীল  হৈ দহজনৰ অনুপ্ৰেৰণাৰ আকৰ হৈ ধৰা দিলে ৷ এমা-ডিমা বয়সতে আত্মবিশ্বাসৰ জৰীডাল হৃদয়ৰ গভীৰলৈকে শিপাই  জীৱনসংগ্ৰামৰ পথাৰখনত জঁপিয়াই পৰা নলিনীজনী আজি চাৰিটাকৈ ভায়েক ভনীয়েকৰ সাহসী অনুপ্ৰেৰণা হৈ থিয় দিয়াৰ ওপৰিও পদুমনি গাওঁখনৰ প্ৰতিজন ডেকা বুঢ়া সকলোকে আপোন কৰ্মবিশ্বাসী কৰি তুলিবলৈ সক্ষম হ’ল , এই কনমানীজনীৰ আত্মবিশ্বাস আৰু সাহসীকতাৰ কথা জানি চৰকাৰে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হ’ল ৷ 
     বিশেষ সুত্ৰে দিল্লীত থকা কংকী আৰু বসন্ত চৌধুৰীৰ লগত পদুমনি গাৱঁত বন্ধন বেংকৰ শাখা বেংক খুলিবলৈ অহা শিৱসাগৰৰ প্ৰনয় চৌধুৰী আৰু মাধুৰীমা বৰুৱা পদুমনি গাঁৱলৈ আহি কংকীহঁতৰ ঘৰ পাইছিলহি আৰু কংকীহঁতৰ ঘৰতে আশ্ৰয় লৈ থকা নলিনী আৰু নলিনীৰ ভায়েক ভনীয়েকহঁতৰ লগত পৰিচয় হৈ কৰ্মপটু নলিনীৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত হ’ল ৷ নলিনীৰ জীৱন সংগ্ৰামৰ কাৰুকাৰ্যত বাৰুকৈয়ে অভিভূত হ’ল তেওঁলোক ৷ মেট্ৰিক পাছ কৰা নলিনীয়ে আৰু ওপৰলৈ পঢ়াৰ কথা বাদ দি সেই কনমানী বয়সতে নিজৰ সুন্দৰ ভৱিষ্যত জীৱন গঢ়াৰ সিদ্ধান্ত ল’ব পৰা দক্ষতাত তেওঁলোক আচৰিত হোৱাই নহয়  এই গৰাকী কৰ্ম উদ্যোগী কনমানীক  চৰকাৰী সাহায্যৰে অকনমান সহায় কৰাৰ মানসেৰে দুয়োগৰাকীয়ে সকলো প্ৰমাণিত বিৱৰণ সহ চৰকাৰলৈ প্ৰত্ৰ লিখিলে ৷ এই কথাত তেওঁলোকে বিশেষভাৱে গুৰুত্ব দি লিখিলে যে --- স্বগৃহহীনা এইগৰাকী কণমানীক তৎকালীনভাৱে এটি বাসগৃহ আৰু তেওঁৰ মাচৰোম ফাৰ্মখনৰ পৰিসৰ বৃদ্ধিৰ লগতে চাৰিওপিনৰ পৰিবেশ উন্নতিকৰন কৰি এটা সুস্থ পৰিবেশত কৰ্ম কৰিবৰ বাবে চৰকাৰে যাতে আৰ্থিকভাৱেও সাহাৰ্য্য প্ৰদান কৰি নলিনীৰ লগতে গাঁওখনৰ অন্য যুৱকযুৱতীসকলকো                   স্বনিৰ্ভৰশীল হ’বলৈ উৎসাহিত কৰে ৷ 
     প্ৰণয় চৌধুৰী আৰু মাধুৰীমা বৰুৱাৰ পত্ৰখন পোৱাৰ লগেলগেই চৰকাৰেও  বিভাগীয় মানুহ পথাই সকলো অনুসন্ধান কৰালে আৰু নলিনীৰ বয়স অনুপাতে কৰ্মদক্ষতাৰ উচ্চ নিদৰ্শন দেখি অভিভূত হৈ পৰে ৷ এইগৰাকী নবীন কৰ্ম উদ্যোগী যুৱতী পদুমনি গাঁৱৰ আন সকলো যুৱকযুৱতীৰ অনুপ্ৰেৰণাৰ উৎস হিচাপে সদায় উজ্জ্বলি থাকক আৰু দোপতদোপে উন্নতিৰ জখলাত আগুৱাই যাবৰ বাবে চৰকাৰে নলিনীক এটি আহলবহল সুন্দৰ বাসগৃহ আৰু দহলাখ টকাৰ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰি যুৱপ্ৰজন্মৰ ওচৰত নলিনীক উজ্জ্বল নিদৰ্শন হিচাপে  প্ৰমাণ কৰিলে ৷ এইখবৰটোৱে গোটেই পদুমনি গাওঁখনতে হৈ ছৈ লগাই     দিলে ৷ আনন্দ উছাহত সকলো নলিনীৰ ওচৰলৈ ঢাপলি মেলিছে ৷ নিজৰ কৰ্ম দক্ষতাৰে  গাওঁখনক গৌৰৱাম্বিত কৰিবলৈ সক্ষম হোৱা  ছোৱালীজনীক বয়োজ্যেষ্ঠজনে আশিৰ্বাদ দিবলৈ , সমনীয়াসকলে অভিনন্দন জনাবলৈ আৰু কণমানী সকলে নলিনীৰ হাতৰ মৰম পাবলৈ ....মুঠৰ ওপৰত পদুমনি গাঁওখনৰ বাবে নলিনী এতিয়া আনন্দ উছাহৰ উৎস ....
      নলিনীৰ কৃতকাৰ্যতাত বৰুৱাৰ ঘৰখনৰ এগৰাকী ব্যক্তি  বিশেষভাৱে সুখী হৈছে ৷ নলিনীৰ কৃতকাৰ্যতাই  ঘৰখনত তেওঁৰ অস্তিত্বই নোহোৱা কৰি পেলাইছে তথাপিও কিন্তু আজি তেওঁৰ হৃদয়ত নলিনীৰ প্ৰতি বেয়া ভাৱ নাই ৷ বৰঞ্চ নলিনী সিহঁতৰ ঘৰখনৰ গৌৰৱ বুলিহে ভাৱিবলৈ অনুপ্ৰেৰণা পাইছে তেওঁ ৷ সিহঁতৰ ঘৰলৈ গোটেই পদুমনি গাৱৰ ৰাইজ আহিছে ৷ চৰকাৰী মানুহ আহিছে ৷ নলিনীহঁতৰ দুৰ্দিনত সহায়ৰ হাত আগবঢ়োৱাৰ বাবে সিহঁতৰ ঘৰখনক প্ৰশংসাৰে উপচাই    পেলাইছে ৷ গোটেই দেশতে সিহঁতৰ ঘৰখনৰ মানুহখিনি মানৱ দৰদী হিচাপে পৰিচয় লাভ কৰিছে ৷ এইয়া একমাত্ৰ নলিনীৰ কৰ্মৰ বাবে সম্ভৱ হৈ উঠিছে ৷ আজি  দেউতাক  জীৱন বৰুৱা থকা হলে কিমান যে আনন্দ পালেহেঁতেন ! মাকজনীও যদি সুস্থ হৈ থাকিলে হেতেন কম গৌৰৱ অনুভৱ কৰিলেহেঁতেন নে !  কথাবোৰ ভাৱি ভাৱি  অকণমান আগতে নলিনীক গৃহহাৰা কৰি সলঠেকত পেলাব খোজা কংকীজনী এতিয়া ভীষণভাৱে আত্মগ্লানিত দগ্ধ হৈ পৰিছে ......
      ঘৰলৈ অহা অগনন ৰাইজৰ লগত ব্যস্ত  হৈ থকা নলিনীয়ে কংকীৰ আত্মগ্লানিৰ একো খবৰেই নাপালে ...(আগলৈ )


পূৰ্ণিমা বৰঠাকুৰ বেজবৰা
নগাঁও ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)