জীৱনৰ অন্য নাম সংগ্ৰাম(খণ্ড নং-২১)~পূৰ্ণিমা বৰঠাকুৰ বেজবৰা

চৰকাৰী বাসগৃহটোত  গাৱঁৰ সকলো ৰাইজে মিলি এভাগ গণেশ পূজাৰ আয়োজন কৰিলে আৰু পূজাৰ শেষত  সকলোৰে মৰম আশীৰ্বাদ শুভেচ্ছা শিৰত লৈ নলিনীয়ে ভায়েক ভনীয়েকৰ সৈতে গৃহ প্ৰবেশ কৰিলে ৷কংকী আৰু বসন্ত চৌধুৰীয়ে নলিনীহঁতক থানথিত্‌ লগাই থাকোঁতেই হঠাৎ অন্য এক আনন্দৰ ঢৌৱে সকলোকে ছুই গ’ল ৷ উৰ্বশী আৰু ৰুবুল  দুয়োটাই প্ৰথম দহটাৰ দুটা স্থান  অধিকাৰ কৰি মেট্ৰিক পাছ কৰিছে ৷ উৰ্বশীয়ে প্ৰথম দহটাৰ প্ৰথম স্থান আৰু ৰুবুলে দশম স্থান লৈ পদুমনি গাৱঁলৈ গৌৰৱৰ  জোৱাৰ নমাই আনিলে ৷ নলিনীৰ নতুন বাসগৃহৰ চৌদিশে আনন্দৰ বন্যা বিয়পি গ’ল ৷ পদুমনি গাঁৱৰ হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে নলিনীৰ বাসগৃহত পদধূলা দি নলিনীৰ মূৰত হাত থৈ আশীৰ্বাদ কৰিলে ....জীৱনত কেৱল সফলতা আৰু সফলতা লাভ কৰাৰ আশীৰ্বাদ ৷ ঈশ্বৰেও হয়তো আজি এই কনমানীজনীৰ জীৱনৰ সফলতাত গৌৰৱ কৰিছে তেওঁৰ অপূৰ্ব সৃষ্টি এই কণমানী ৷
           ইমান আনন্দৰ মাজতো আজি বহুদিনৰ পিছত নলিনীৰ চকুত  চকুলো ৷ কৰ্ম ব্যস্ততাৰ বাবে তাই যেন হাঁহিবলৈ কান্দিবলৈকো পাহৰি গৈছিল ৷ কিন্তু আজিৰ এই অপৰিসীম আনন্দ উচাহৰ সময়খিনিত আপোন পিতৃ মাতৃলৈ বৰকৈ মনত পৰিল নলিনীৰ ৷ তাইৰ মৰমৰ বৰদেউতাক জীৱন বৰুৱালৈয়ো মনত পৰিল .... বৰমাক অৰুন্ধতী বৰুৱাৰ অভাৱটোও বৰকৈ অনুভৱ কৰিলে নলিনীয়ে ৷ আজিৰ এই আনন্দৰ মুহূৰ্তখিনিত বৰদেউতাক বৰমাক থকা হলে  কিমান যে আনন্দ পালেহেঁতেন ৷ তাহাতৰ মাক আৰু দেউতাকে এই সফলতাৰ বাবে কিমান যে গৌৰৱ কৰিব পাৰিলে হেতেন ! সিহঁতৰ দেউতাক প্ৰসন্ন শৰ্মা বা ক’ত কেনেকৈ  আছে গৈ  ? আৰু জীয়াই বা আছেনে নাই তাৰো টো কোনো খবৰ বাতৰি নাই পোৱা সিহঁতে ৷ দেউতাকৰ বাৰু এবাৰলৈও সিহঁতৰ কথা মনত পৰা নাইনে  ! পিতৃ মাতৃ নিজৰ সন্তানৰ বাবেও ইমান নিষ্ঠুৰ হ’ব পাৰে নে ? সিহঁতৰ কৃতকাৰ্য্যতাৰ খবৰবোৰ তেওঁ পোৱা নাই নে বাৰু ....যদি পাইছে তেওঁৰ এবাৰো নিজৰ সন্তানক আকোঁৱালি মৰম কৰিবলৈ অকণমানো মন যোৱা নাইনে ? এনে হাজাৰটা প্ৰশ্নই নলিনীক আজি বৰ দুৰ্বল কৰি তুলিছে ৷  এৰি অহা অতীতৰ  সকলো মধুৰ স্মৃতিয়ে একেলগে জুমুৰি দি নলিনীক কান্দিবলৈ বাধ্য কৰালে ৷ কোনেও বাধা নিদিলে নলিনীক  ৷ চকুৰ দুই কোণেদি যিমান পাৰে সিমান অশ্ৰু বোৱালে নলিনীয়ে ....সাগৰৰ দৰে অক্ষয় ভাণ্ডাৰ এই চকুলো ! ক’ত যে সোমাই থাকে এই চকুলোবোৰ ....৷ কংকীৰ বুজনিত শান্ত হ’ল নলিনী ... ৷ কংকীক সাৱটি ধৰিলে নলিনীয়ে... আৱেগৰ চকুলোৰে উঠলি উঠিল কংকীৰ দুনয়ন ! নিমিষতে নুমাই ছাই হৈ গ’ল নলিনীৰ প্ৰতি থকা ঈৰ্ষাৰ দাৱানলখিনি ....৷ আকৌ আগৰ সেই কংকীজনী হৈ পৰিল কংকী ৷ 
     এনেতে হঠাৎ এটা ঘটনা ঘটিল --- বসন্ত চৌধুৰী অৰ্থাৎ কংকীৰ গিৰিয়েকৰ পেটৰ বিষ ৷ বিষ মানে চিঞৰত গগন ফলা বিষ ৷ বিষত  তেওঁ সৰু ল’ৰাছোৱালীৰ দৰে চিঞৰিবলৈ ধৰিলে ৷ লৰালৰিকৈ হস্পিতালত এড্‌মিত কৰোৱা হ’ল ৷ ডাক্তৰ নিলকমলৰ তত্ত্বাৱধানতে চিকিৎসা আৰম্ভ হ’ল ... ৷ ইমাৰজেন্সী বেজি এটা দিয়াৰ পিছত  বিষ কিছু শাম কাটিলে ৷ কিন্তু ডাক্তৰে কৈছে এক ডেৰ ঘন্টাৰ পিছত আকৌ বিষ আৰম্ভ হ’ব পাৰে ৷ আল্ট্ৰাচাউণ্ড কৰিব লাগিব ৷ অপাৰেচন কৰিব লগীয়াও হ’ব পাৰে ৷ বসন্তৰ শিৱ সাগৰৰ ঘৰলৈ খবৰ দিয়া হ’ল ৷ ৰাতি আঠমান বজাত বসন্তৰ দেউতাক অনিৰ্বাণ চৌধুৰী হস্পিতাল আহি পালেহি ৷ তেওঁক বৰ চিন্তিত দেখি ডাক্তৰ নিলকমলে ক’লে  ...“ চিন্তা নকৰিব সকলো ঠিক হৈ যাব ...ঈশ্বৰৰ ওপৰত ভৰসা ৰাখি ধৈৰ্য্য ধৰক ...” ৷ ডাক্তৰ নিলকমল চাৰৰ কথাই চৌধুৰীক শান্ত কৰিব নোৱাৰিলে ৷  তেওঁ ডাক্তৰ নিলকমলক সকলোৰেপৰা আঁতৰাই একাষৰীয়া কৰি মাতি নিলে আৰু মাতি নি ডাক্তৰ নিলকমলক যিখিনি কথা ক’লে , শুনি নিলকমল চাৰে কোনো উত্তৰ নিদি উধাতু খাই বসন্তৰ বিচনাৰ ওচৰ পালে গৈ ....কিন্তু ইতিমধ্যে সকলো শেষ হৈছে ৷ ডাক্তৰ নিলকমলে ভৱামতেই বসন্তৰ মুখেদি ফেন নিৰ্গত হৈছে ৷ কুকুৰে কামোৰা মানুহৰ বহু বছৰৰ পিছত এনেকৈ পেটৰ বিষ হৈ মুখেৰে ফেন ওলালে কাৰো সাধ্য নাই তেওঁক বচাব ৷ ইতিমধ্যে বসন্তৰো মৃত্যু হৈছে ৷ আকস্মিক দুৰ্ঘটনাটোৱে কংকীৰ মুখৰ মাত হৰিলে ....তাই অচেতন হৈ হস্পিতালৰ বাৰাণ্ডাতে পৰি গ’ল ৷ কাষতে থকা নলিনীয়ে  হুলস্থূল কৰাত ডাক্তৰ। নাৰ্চ আহি ততাতৈয়াকৈ উঠাই নি বেডত শুৱাই দিলে ৷ ইতিমধ্যে কংকীৰ শৰীৰ ক্রমাত পৰিনত হৈছিল ৷ কেতিয়া  আগৰ সুস্থ অৱস্থা পাব সেইটো ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰিব ....
      ঘৰখনত আনন্দৰ জোৱাৰ তোলা ৰুবুল আৰু উৰ্বশীৰ পৰীক্ষাৰ ফলাফলৰ আনন্দখিনি বসন্ত ভিনিহিয়েকৰ মৃত্যু আৰু বায়েক কংকীৰ ক্রমাত হোৱা ঘটনাৰ বেজাৰত নিৰানন্দত পৰিণত হৈ পৰিল ৷ বায়েক কংকীৰ জীৱনলৈ হঠাৎ আহি পৰা দুৰ্যোগৰ বাবে নলিনীয়ে নিজকে জগৰীয়া কৰি অপৰাবোধৰ দুখত  একেবাৰে ভাগি পৰিল যদিও নিজৰ দায়িত্ব আৰু কৰ্তব্য তিলমানো নাপাহৰি ডাক্তৰৰ লগত ফৰ্মেলিটিখিনি সম্পূৰ্ণ কৰি বসন্ত ভিনিহিয়েকৰ মৃতদেহটো ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰিলে ....  ( আগলৈ )


পূৰ্ণিমা বৰঠাকুৰ বেজবৰা
নগাঁও। ৷

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send