সমাগম ‌ ইংৰাজী নৱবৰ্ষক‌ কেনেদৰে ‌ উদযাপন কৰিম‌-মনোৰমা দাস

Rinku Rajowar
0
২০২২ চনৰ নৱবৰ্ষ উপলক্ষে অসম ভাৰত‌ তথা বিশ্বৰ মোৰ প্ৰিয়‌ শ্ৰদ্ধাৰ কবি, সাহিত্যিক, বন্ধু- ‌বান্ধৱ ,‌ জ্ঞাতি - কুটুম সকলোলৈ‌ হিয়াভৰা‌ আন্তৰিক ‌ শ্ৰদ্ধা‌  প্ৰণাম‌ , শুভেচ্ছা, মৰম, চেনেহ ভালপোৱা, আশীৰ্বাদ ‌ জ্ঞাপন ‌ কৰিলোঁ ‌।  ২০২২ ‌চনটোত‌  ‌যেন‌ কৰ'না মহামাৰী‌ বিলুপ্তি‌ ‌ হৈ‌ দেশৰ‌ সকলোৱে ‌ ‌ ভাতৃত্ব বোধৰ‌  এনাজৰীৰে‌  সমাজৰ ‌ অপায়‌ অমঙ্গল  নেওঁচি ‌  সকলোৱে‌ হাতে‌ হাত‌ ধৰি ‌ ভবিষ্যত‌ উন্নতিৰ‌ জখলাত‌ দোপতদোপে‌ আগুৱাই ‌ যোৱাটোৱে‌ মোৰ ‌ জীৱনৰ ‌ কামনা‌ আৰু ‌ সাধনা‌‌।‌চাওঁতে  চাওঁতে ‌ ২০২১ বৰ্ষত‌ আমেৰিকাত‌ এজন ‌ দুজনকৈ‌ ‌ তিনিওটা ‌ ল'ৰাৰ‌ ঘৰত‌ ঘূৰি ‌ থাকোঁতে ‌পাৰ‌ হওঁ‌, হওঁ। সময়ৰ‌ চকৰিত‌ কেলেণ্ডাৰৰ‌ পাত‌ লুটিয়াবলৈ‌ বেছিপৰ‌ নাই‌।‌।                                            ‌সফলতা বিফলতা‌,‌ হাঁহি - কান্দোন, বিষাদ‌ বেদনা, দুখ কষ্ট, সুখ- দুখ, সমালোচনা- বিলোচনা‌ আমাৰ জীৱনৰ ‌ মূল ‌এজেণ্ডা ‌।গুৱাহাটীলৈ গৈ‌ পালে‌ প্ৰথমে ‌ এই বছৰৰ‌ আধৰুৱা ‌দায়িত্ব সমূহ কৰিব‌ লাগিব ‌। তিনিখন মান ‌ কিতাপ ডি‌ টি‌ পি‌ ‌ কৰি‌ কিতাপ ‌ আকাৰে‌ ‌ ৰাইজৰ ‌ মাজত ‌ উলিয়ায় ‌ দিয়াৰ ‌ মানস‌ কৰিছোঁ ‌। তাৰ ‌ মাজতে‌ ‌ শৰীৰৰ‌ যতন‌ লৈ‌ চিকিৎসালয়ত‌ পৰীক্ষা ‌ নিৰিক্ষা‌ কৰিব‌ লাগিব, যিহেতু ‌ গুৱাহাটীত‌ অকলে‌ থাকিবলৈ ‌ লাগিব। এতিয়া বয়সে ভাটি‌ দিছে‌ যেতিয়া‌ শৰীৰৰ‌ যতন‌ লৈ‌ ‌ সাহস,‌ পৰিশ্ৰম,‌ সততাৰে‌ জীৱনৰ ‌ জীয়াই ‌ থকা‌ দিনকেইটা‌ অতি‌ নিষ্ঠাৰে ‌ শুদ্ধ ‌ আৰু ‌ শুভ ‌ কাম‌ কৰি‌ ‌ যাম‌ বুলি ‌ প্ৰয়াস ‌ কৰিছোঁ ‌। নাজানো ‌ সকলো ‌ পৰম ‌কৰুণাময়‌ প্ৰভূ‌ ভগবানৰ ‌ হাতত‌। মানুহে ‌ কৰোঁ বুলি ‌ কোনো ‌ কাম‌ কৰিবলৈ ‌ নোৱাৰে, প্ৰভূ‌ ভগবানৰ ‌ কৃপা‌ নাথাকিলে‌। অনাগত‌ ভৱিষ্যতে, সদায় ‌ ভৱিষ্যত,‌ যেতিয়ালৈ‌ সেই ‌ সময়কণ‌ অতীত ‌ নহয়‌।সচাঁকৈআমি‌ সপোন দেখিব‌ লাগে ‌। সপোনটোক‌ চিন্তালৈ‌ আৰু ‌ চিন্তাক‌ কামলৈ‌ ৰূপান্তৰ ‌ কৰিব‌ পাৰিলে ‌ সুফল‌ নিশ্চিত ‌ বুলি ‌ মোৰ ‌ মনে‌ ধৰে‌।  জীৱনত ‌ কেতিয়াও ‌ মূল্যবান ‌ অলঙ্কাৰ হ'বলৈ ‌ বিচৰা ‌ নাছিলোঁ ‌। সামান্য  হওঁক ,‌ সমাজৰ ‌ এপদ‌ সম্পদ ‌ হোৱাৰ ‌ কামনা‌।‌ মোৰ ‌ ধনাত্মক ‌ দৃষ্টি ভংগীৰে ‌ সদায় ‌ মই ‌ আশাবাদী ‌, এদিন ‌ হয়তো‌ দেবীতুল্য  নাৰীৰ ‌ বাবেই‌ ‌ দেৱতা‌ সদৃশ ‌ পুৰুষ ‌ নিশ্চয় ‌ সৃষ্টি ‌ হ'ব ‌। গতিকে ‌ পৰিশ্ৰমেই‌ হ'ল ‌ আমাৰ ‌ একমাত্ৰ ‌ পৰিত্ৰাণ ‌ । আমি‌ নিজেই ‌ বাচি‌ লোৱা ‌ কৰ্ম ক্ষেত্ৰত ‌ কঠোৰ পৰিশ্ৰম ‌ কৰিব‌ পাৰিলে ‌ আমাৰ ‌ মনলৈ ‌ আত্ম বিশ্বাস ‌ আপোনা‌ আপুনি ‌ আহিব‌।‌ তেতিয়া ‌ আমাৰ ‌ সাহস প্ৰতিফলিত হব‌ ‌কৰ্মৰ মাধ্যমেৰে। অহিংস আৰু ‌ মানৱতা ‌ মোৰ ‌ জীৱনৰ‌ মূলমন্ত্ৰ । ইয়াকে ‌ সাৰথি‌ কৰি‌ জীৱনৰ ‌ বাকীছোৱা ‌ দিন দহৰ‌ স্বাৰ্থৰ ‌ বাবে ‌কৰ্ম ‌কৰি‌ ‌যাবলৈ ‌ যৎপৰোনাস্তি ‌চেষ্টা ‌চলাই‌ ‌যাম‌ বুলি ‌ প্ৰতিজ্ঞাবদ্ধ ‌‌।‌ জীৱন, এই ‌ জীৱন ‌ বৰ‌ অনুপম‌। অথচ‌ এই ‌ জীৱনটোৱে   হৈছে ‌ এক‌ উত্তৰ বিহীন ‌ সাথঁৰ।


 ✍️মনোৰমা দাস, আমেৰিকা যুক্তৰাষ্ট্ৰ। ছাউথ ‌ কেৰোলিনা‌, ফোৰ্ট মিল‌ ‌। 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)