হয় মই মধ্যবিত্ত-বাহাৰুল ইছলাম মাদানী

Rinku Rajowar
0
এটা মধ্যবিত্ত পৰিয়ালত জন্মলাভ কৰিলে বেলেগ কোনো অভিশাপৰ প্ৰয়োজন নহয়।
কাৰণ মধ্যবিত্ত পৰিয়ালত অভিশাপ লৈ হে জন্ম হয়।
মধ্যবিত্ত পৰিয়ালৰ সন্তানৰ বেলেগ কোনো কাৰণত সপোনবোৰ উছৰ্গা কৰাৰ প্ৰয়োজন নহয়।
মধ্যবিত্তৰ সন্তানে চকুৰ সন্মুখত সপোনবোৰ মৃত্যু হোৱা নিজৰ চকুৰে দেখা পায়।
মধ্যবিত্তৰ সপোন ভাঙিলে কষ্ট নহয় বৰঞ্চ সপোন ভাঙি যোৱাৰ বহীৰ পাতনি অলপ দীঘল হৈ যায়।
কাৰণ এটাই, আমি মধ্যবিত্ত।
এজন দুখীয়া মানুহৰ সপোন ভাঙি গ'লে তেওঁ অলপ চকুৰ পানী ওলাই কান্দোন কৰে,,
এজন ধনী ব্যক্তিৰ সপোন ভাঙি গ'লে অলপ আফচোছ কৰে,
কিন্তু মধ্যবিত্তৰ সপোন ভাঙি গ'লে আকাশৰ ফালে চাই এইটো ক'ব লগা হয় সকলো আকাশৰ খেল , মোৰ হয়তো এনে হোৱাৰেই কথা আছিল।
কাৰণ আমি মধ্যবিত্ত।
ৰাতিপুৱা কুকুৰা ৰ মাত আৰম্ভ হয় এজন মধ্যবিত্তৰ সপোন ভাঙি যোৱাৰ শব্দৰে।
ভন্টিৰ বয়স ২০ বছৰ হোৱাৰ পিছত ও দাদা পকেটৰ চাহিদা থকা সত্বেও ভন্টিৰ কাপোৰৰ সপোনটো ভাঙিয়েই থাকে।
মা' ক কেতিয়াও সোণৰ জুৱেলাৰী পিন্ধা দেখি পোৱা নাই , এজনী নাৰী হিচাপে সোণৰ অলংকাৰ পৰিধান কৰা মা'ৰ সপোন সপোন হৈয়েই থাকে।
দেউতাক দিয়া প্ৰতিশ্ৰুতি যে তোমাৰ চকুৰ অপাৰেশ্যন অহা বছৰ কৰিম ,
এতিয়া দেউতাৰ সেই সপোন ও নিজৰ চকুৰে দেখা বন্ধ হৈ গ'ল।
কাৰণ মই মধ্যবিত্ত।
এই পৃথিৱীত সকলোতকৈ অভিশাপ মধ্যবিত্ত।
মধ্যবিত্ত এই অভিশাপ এদিন মই দাপোনত দেখিবলৈ ইচ্ছা কৰিম
কিন্তু সিদিনা মোক কোনেও দাপোন নিদিয়ে,
কাৰণ মৃত ব্যক্তিক দাপোনত দেখা নাপায়।    

  ✍️বাহাৰুল ইছলাম মাদানী
 চৌদি আৰৱ 
মক্কা আল আমজাদ    কলেজৰ কৰ্মী।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)