টিক-টাক টিক-টাক
কাৰণ মোৰ জীৱনৰ ৰং
খেৰবৰণীয়া
ৰাতিপুৱাৰ উঠন বেলিটোৰ দৰে
আশাবাদী মই
পাৰ ভঙা দুখৰ দিনত
সুখৰ তীব্ৰতা কমাম
আমন্ত্ৰিত দুখেৰে
প্ৰেম মোৰ জীৱনৰ ধৰ্ম
সেউজ কোঠাত উপচি পৰা
আক্ষেপ মোৰ তোমাৰ বাবে
আপোচকামী চিন্তাৰে
তোমাক ঘিণ কৰোঁ
প্ৰাণী জগতৰ নিষ্ঠুৰতাত
শিহৰিত হয় মোৰ বুকু
মাতৃ মগজু ভক্ষণত মত্ত
কেঁকোৰা পোৱালি
নিজৰ তৃতীয়টো পোৱালীৰে
জাল খোৱা
মাতৃ কুকুৰনীৰ
উল্লাস।
✍🏻বিটুমনি কোছঁ
ধেমাজি (মাছখোৱা)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ