মৃত্যু এক অনুভৱ-অদীপ নাথ

Rinku Rajowar
0
ক্ৰমাৎ ভৰি কেইখন
চেঁচা পৰি আহিছে
বুকুখন গধুৰ হৈ আহিছে
হৃৎপিণ্ডৰ ধপধপনি
কমিবলৈ আৰম্ভ কৰিছে
লাহে লাহে উশাহ 
চুটি হৈ আহিছে
যেনিয়ে চাওঁ তেনিয়ে
অন্ধকাৰে আগুৰি ধৰিছে
দেহৰ ভিতৰৰ যন্ত্ৰবোৰে
এটা এটাকৈ কাম কৰা বন্ধ কৰি দিছে
         
সেই অন্ধকাৰ দেশখনৰ সিপাৰৰ পৰা
এটি সুৰ ভাঁহি আহিছে আৰু কৈছে
আহা আহা
তোমাক পৃথিৱীত
বান্ধি দিয়াৰ সময় উকলি গৈছে
মোৰ মৃত্যু হৈছে
মোৰ ৰূমতে
মোৰ নিথৰ দেহ পৰি আছে
বিচনাতে... 

সময়বোৰ পাখি লগা কাঁড়ৰ দৰে
উৰি গৈছে কোবেৰে
আজি দেখোন কাৰো খেয়াল নাই
আনদিনা
কোনোবা আহে 
আহি মোৰ দুৱাৰত
টোকৰ মাৰে
আজি তাকো নাই 
সকলো ব্যস্ত
নিজৰ কামে কামে
আৰু
মই শুই আছো চিৰশান্তিৰে
কেতিয়া আহিব তেওঁলোক 
মোৰ ৰূমলৈ
তাৰেই অপেক্ষাৰে 

লাহে লাহে 
এখুজি-দুখুজিকৈ
খোজৰ শব্দ শুনিলোঁ
আহিছে কোনোবা 
দুৱাৰত টক্ টকাইছে
মই উঠিবৰ চেষ্টা কৰিলোঁ
কিন্তু
নোৱাৰিলোঁ
মোৰ যে মৃত্যু হৈছে 

হঠাৎ
এটা ডাঙৰ শব্দ হৈছে
মোৰ ৰূমৰ দুৱাৰ ভাঙি
কোনোবা সোমাই আহিছে
বহু মানুহ গোট খাইছে
কোনোবাই কোনোবাই 
মনে মনে কান্দিছে 
আৰু কৈছে 
"ভাল আছিল"
তেওঁলোকৰ মাজত
নিশ্চয় মোৰ আত্মীয় আছে
যি হিয়াধাকুৰি কান্দিছে
এজন বয়সস্থ মানুহ আহি 
মোৰ চকু জপাই দিছে,
আৰু এখন বগা কাপোৰে
ঢাকি দিছে
বাহিৰত মানুহ হাতে কামে লাগিছে 
কোনোৱে মোলৈ 
এখন চাঙি বনাইছে
কোনোৱে সন্মুখৰ বাঁহনি খনত
গাত খান্দিছে
মোক দাঙি নি চাঙি খনত থৈছে 
ধূপ-চাকি জ্বলাইছে
আকৌ কান্দোনৰ ৰোল উঠিছে
মোক চাৰিজন মানুহে 
চাঙিত দাঙি নি গাঁতৰ ওচৰত থৈছে
হৰিধ্বনি দি
সেই খৰিৰ ওপৰত
শুৱাই দিছে
মোৰ ওপৰত আকৌ খৰি জাপি দি
কাপোৰ খুলি দিছে
কোনোবা এজন আত্মীয়য়ে 
মুখাগ্নি কৰিছে 

লাহে লাহে 
মোৰ জীৱহীন শৰীৰ 
বিগলিত হৈছে
জুইকুৰা দপ্ দপ্ কৈ
জ্বলি উঠিছে
ধুমধাম হিলৈ ফুটিছে
অৱশেষত 
জুইকুৰা নুমুৱাই
ভষ্মীভূত ছাইখিনিত
মাটি দি দিছে
অলপ দিনৰ পাছত 
মোৰ সকাম পাতিছে
তাৰ পাছত 
মোক পাহৰি গৈছে 

জগতৰ নিয়ম
এনেদৰেই চলি আছে। 

✍অদীপ নাথ
গোলাঘাট, ঢেকীয়াল

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)