সেউজীয়া গছে-বনে অতি মনোমোহা
দুবৰিৰ দলিছাত
শেৱালিৰ বুটা বাছি
ধৰণীৰ শীতল পাটী হয় মনোৰমা
গকুলৰ গোপিনীৰ সৈতে
সপোন পুৰী যমুনা বালিত
ৰাসক্ৰীড়া কৰিব জগতকৰ্তা শ্ৰীকৃষ্ণ আহি
লয়লাস ভংগীমাৰে নাচি নাচি
বজাবহি সুমধুৰ মোহন বাঁহী
জগত জননী দুৰ্গতি নাশিনী
দুৰ্গা মাও আহি গ'ল
শৰতৰে এটি পৱিত্ৰ ষষ্ঠী তিথিত
জনতাৰ সেৱা লৈ গ'লগৈ
বিজয়া দশমীৰ শুভক্ষণ গণি
আকাশ বন্তিও জ্বলিলে শৰতৰ ৰাতি
যিদিনা কাতিৰ সংক্ৰান্তি
অশুভ শক্তিবোৰ আকাশতে বিলীন হৈ
পোহৰাই ধৰিত্ৰী জননী
সীতা মাতৃক উদ্ধাৰি ৰামচন্দ্ৰ গোঁসায়ে
কালী পূজা পাতিছিল
শৰতৰে এৰাতি, দীপাৱলী পাতি
শস্য সেউজ ভাৰতীয়ে শৰততে
ধূপে দ্বীপে কৰিব লক্ষিমী আৰতি
শৰৎ সঁচাই অনন্য তুমি।
✍🏻অমিয়া দেৱী বৰঠাকুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ