সাৱধান-সুশান্ত দাস

Aditi Tanti
0
সাৱধান হোৱা হে 
      অসমীয়া জাতি,
সুবিধাবাদী ৰ দলে আহি
     নহ'লে লগাব নাকি।।

শিল্পী আমি সৰল প্ৰাণৰ
     অমিত বাহুবল আছে,
মিছা কৌশলৰ নহওঁ চিকাৰ
    জাতি মাটিৰ ৰক্ষাৰ বাবে।।

আমি জনতা স্বাধীন প্ৰেয়সী
   স্বাধীনতা জন্মস্বত্ব,
আমাৰ অসমীক অপমান কৰিছে 
    নাজান' ব্যৱহাৰ মন্ত্ৰ।।

আমাক ভাবিছ’
       মূৰ্খ জনগণ
                ৰুঢ় জনতা বুলি।
আমি অসমীয়াৰ 
     একতাৰ শক্তি
             নাজন’ কিমান বলী।।

মহাত্মা গান্ধী, গোমধৰ কোঁৱৰ
আদিৰ সঞ্জীৱিত প্ৰাণ অসম,
মহাবিদ্বানৰ অমূল্য মন্ত্ৰ বোৰ
নোৱাৰ' কৰিব এনেয়ে বিফল।।

জনতাক পূজা কৰাৰ আগতে
      অৰ্থবোৰ হয় লুণ্ঠন,
ৰূপহী আমাৰ সোণৰ জনমভূমি
  বনাব খুজিছ'ধূসৰ।।

মহান মহান অসমৰ জনতা
নিদিয়ে তহঁতক লাই,
স্ব-প্ৰণোদিত বলেৰে দিব
নিজ সততাক চিনাই।।

আমি সকলোৱে চিনিব পাৰিলো
হে সুবিধাবাদী দল,
      তহঁতৰ অহংকাৰী মন।
সাৱধান হম আমি জনগণ
অসমীয়া জাতিৰ স্ব-অভিমান 
    যাবলৈ নিদিওঁ ক্ষয়।।

     

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)