জীৱনৰ অংক- কাকলি হাজৰিকা

Aditi Tanti
0
জীৱনৰ আলিদোমোজাত 
ভাগৰি পৰোঁ
পোৱা নোপোৱাৰ
হিচাপ কৰি।
কি পালোঁ
কি হেৰুৱালো 
যোগ-বিয়োগ
পূৰণ-হৰণ কৰোঁতেই
কোনোবা খিনিত ভুল হয় 
জীৱনৰ অংক।
জীৱন হৈ ৰয়
এক উত্তৰ বিহীন প্ৰশ্ন 
তথাপি উত্তৰ বিচাৰি 
খাওঁ হাবাথুৰি,
পিছে উত্তৰ হে 
নাপাওঁ বিচাৰি ।
পোৱা নোপোৱাৰ হিচাপ
আঙুলি মূৰত থাকোঁতেই গণি 
পোৱা খিনিও হেৰাই যায় 
আঙুলিৰ মুঠি খুলি।
জীৱন ৰহস্যময়
জীৱন এটা নিমিলা অংক
জীৱন এক নুবুজা সাঁথৰ...!!


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)