ধাৰাবাহিৰ উপন্যাস সূৰ্যোদয়-২৬ - ৰাজেন দাস

Aditi Tanti
0
(১) 
"কায়ৰে পিছফালৰ পৰা আক্ৰমণ কৰে।" চাকৰি -বাকৰি নেপালে আগন্তুক খিনি ধূলিসাৎ হ'ব। মা-দেউতাক কি লাগে নো? ল'ৰা-ছোৱালীয়ে ভাল কাম কৰিলে সেইয়াই যথেষ্ট। চালফুটা আকাশৰ তলতেই জোনাকী পৰুৱাৰ ঘৰ থাকে। বোকাতে পদুম ফুলা নতুন কথা নহয়। পাতে বিচাৰে আকাশ। ফলে বিচাৰে পুষ্টিৰ খাদ্যাভ্যাস। এনেকৈ ওলাব এটি বাট। নাইবা ঠিকনা। ঠিকনা বিচাৰিয়েই থাকে। পৃথিবীৰ শ্ৰেষ্ঠতম আইৰ কোলাখনতেই নিচুকাই ক'ত শিক্ষা দিয়ে। সেই আই ক কিছু পুত্ৰ-বোৱাৰীয়ে ৰাস্তাত এৰি থৈ আহে। বৃদ্ধাশ্ৰমৰ আলহী সাজে।কত'শত উচুপনিৰ বাসস্থল হয়। ইয়াতকৈ এই পৃথিবীত দুখলগা কথা কি হ'ব পাৰে। একো কৰিব নোৱাৰোঁ। অন্তৰে কান্দি উঠে।বা-বাতৰিবোৰ মালিকৰ ঘৰত কেতিয়াবা বাতৰিত পাওঁ। 
ডিব্ৰুগড় ৰ চন্দ্ৰমা কাকতি বাইদেউৱে মজিয়া নামৰ কাকত এখন উলিয়াই আছে। সাহিত্যে ৰ দিশলৈ আগবাঢ়ি আহিছে। ইয়াৰ আগতে কবি ৰাজীৱ বৰাৰ বিচাৰত"কেতেকীপহীয়া বুকুৰ চোতালে" সাৰ পাইছিল। শিৱসাগৰ হাঁতচ'ৰাৰ লটাচ ক্লাবে আয়োজন কৰিছিল। প্ৰথম পুৰস্কাৰ পোন্ধৰশ পাওঁ। বুকু ফুলি উঠিছিল। যোৰহাটৰ দিগদৰ্শন"মনালিচা তোমাৰেই হাঁহি",কবি অজিত দত্তৰ সঞ্চালনাত"লাখুটি"য়ে সাৰে আছিল। কবিতা এটা লিখিবলৈ চেষ্টা কৰিয়েই আছোঁ! 
ন-পুৰণি কবিৰ কবিতাই আপ্লুট কৰি আহিছে। বহু কবি সাহিত্যিক আছে। সাহিত্য -সংস্কৃতিৰ পথাৰখনক চহকী কৰি আহিছে। 
ডিব্ৰুগড় খনে বহু ব্যক্তি ৰ সান্নিধ্যলৈ আনিলে। সেই সান্নিধ্যে খিনি বুকুত আজীৱন লৈ ফুৰিম। সেই বিশেষ ব্যক্তিৰ সান্নিধ্য ই বহু কথা শিকালে। শিকিও আছে। "মুঠি মুঠিকৈ কাটি তোৰ ঢেঁকীয়াৰ আঙুলি" ৰ ৰচক নীলমণি ফুকন চাৰক লগ পাইছিলোঁ।
"মাৰ মুখৰ ভাষাটো নাইকীয়া হ'ব "বুলি কৈ কেব'ৰ বিৰোধিতা কৰি উচুপি উঠিছিল। সহস্র জনতা বিৰোধী পক্ষত। আমিও সদায় কেবল, কা'ৰ বিৰোধী সুতিতহে থাকিম। ৰাজ্যৰ আকাশ-বতাহ চৌদিশ কঁপাই তুলিছে আন্দোলনে। 
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনিৰুদ্ধ ভৱনত কিবা বিশেষ সভাত যেতিয়া চাপৰি চাপৰি গৈ আছিল। মই পিছতহে ছাৰ বুলি গম পাইছিলোঁ। অতিথি অধ্যাপক হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ড° উপেন ৰাভা হাকাচাম ছাৰৰ ক্লাচকেইটাই সদায় সোঁৱৰাই থাকিব যে অসমৰ দৰে এক বৃহৎ পৰিসৰত বহু জাতি-জনজাতিৰ আৱাসস্থলী। সংস্কৃতিৰ বহু দিশ আমাক জানিবলৈ দিলে। তেওঁৰ বহু গ্ৰন্থই পাঠকক নানান তথ্যৰ যোগান ধৰি আহিছে। 
  (২) 
তেজপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড°মদন শৰ্মা ছাৰৰ কবিতা, অনুবাদ কবিতা সম্পর্কে দিয়া ক্লাচকেইটাও জলজলপটপটকৈ ভাঁহি আহি থাকে। বিশ্বসাহিত্য সম্পর্কে তেওঁৰ গ্ৰন্থ আমি পঢ়িবলৈ পাইছোঁ। ঘৰ ঘৰ খেলিবা আহা'ৰ স্ৰষ্টা ৰত্না বাইদেউ ক লগ পাইছিলোঁ। ডিয়ুৰ অনুষ্ঠানত আমাৰ পিচে তেওঁ খাবলৈ থিয় হৈ আছিল। আমি কৈছিলোঁ-
"বাইদেউ, আগলৈ আহক"
বাইদেৱে একেষাৰে কৈছিল-
"মই ৰোল ব্ৰেক নকৰোঁ"
লাহে লাহে সময় কেনি উৰিছিল ধৰিবই পৰা নাছিলোঁ। এদিনাখন নাহেন্দ্ৰ পাদুন ছাৰ আহিছিল। বিভাগৰ ছাৰ, বাইদেউৰ সৈতে আহি প্ৰায় পঞ্চলিশ মিনিটমান বহু সোণীয়া কথা কৈ গ'ল। 
জোনাক আৰু মই ডিয়ুত মাষ্টাৰডিগ্ৰী কৰাৰ পৰাই একেলগে আছোঁ। ডিয়ুৰ ওচৰ-পাজৰৰ কবিতা অনুষ্ঠানলৈ কবিতা পাঠ কৰিবলৈ, কবিতা শুনিবলৈ গৈ থাকোঁ। তেনেধৰণেৰে বৈদ্যব্ৰাইট দাদাক লগ পাঁও। বহু আগৰে পৰা অসমৰ আগশাৰীৰ আলোচনীত পাই থাকোঁ। তেতিয়াৰ পৰা দাদাৰ কবিতা শুনা, কবিতাৰ অনুষ্ঠানত লগ পাই থকাৰ সুবিধা হ'ল। 
বিশ্ববিদ্যালয় ৰ ক্লাচ যেতিয়া নাথাকে তেতিয়া বিশ্ববিদ্যালয়ৰ আৱাসিক চৌহদত থকা শ্ৰদ্ধাৰ আনন্দ বৰমুদৈ ছাৰৰ ঘৰলৈ যাঁও। নানাত কিতাপ পত্ৰ, বঁটা-বাহনে ঘৰটোত ঠাহ খাই আছে। 
আনন্দ বৰমুদৈ আৰু প্ৰয়াত পূৰবী বাইদেউক লগ পোৱা এক সুকীয়া আকাশঃ
বিশিষ্ট সাহিত্যিক পূৰবী বৰমুদৈৰ ১৯৫০ চনৰ ৮ মে' তাৰিখে দেৰীউগাঁৱত পিতৃপ্ৰয়াত চন্দ্ৰনাথ তামুলী আৰু মাতৃ পদ্মা তামুলী। দেউতাক চন্দ্ৰনাথ তামুলী শিক্ষক মাতৃ এগৰাকী সু-অনুবাদক হিচাপে পৰিচিত । 
মাজে মাজে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আৱাসিক চৌহদত থকা ঘৰলৈ যাঁও। লাহে লাহে সঘনে যাঁও। বহু ভাল লাগে। ছাৰ/বাইদেউৰ পৰা বহু শিকিব পাৰি। মৰম আদৰ ভৰা দুখন মহাসাগৰ। এবাৰ বাইদেউ ৰ জন্মদিনত গৈছিলোঁ। ছাৰে হুইলচেয়াৰত বাইদেউক লৈ আহে। বহী কলম হাতত লগাই থৈ দিয়ে। এই কলম সাধাৰণ নহয়। কথা এষাৰ আছে নহয়- "কলম শ্ৰেষ্ঠ নে বন্দুক"। কলমৰ শক্তি বেছি। আন আন ৰচনাৰাজি লিখাৰ কথা কৈ থকা প্ৰসঙ্গতে সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত ইতিহাস,গৱেষণা ইত্যাদি দিশেৰে ভৰপূৰ শান্তুনুকুলনন্দন লিখোতে বাইদেউৱে বহু কষ্ট পোৱাৰ দিশ উনুকিয়াই।পঢ়া-শুনাৰ সমান্তৰালকৈ খেতি-পথাৰ, ভৌগোলিক অৱস্থান, বিল, নদী, পুখুৰীৰ কথা সুধি শ্ৰদ্ধাৰ আনন্দ বৰমুদৈ চাৰৰ ওচৰত পাৰ কৰা সময়খিনি সোণসেৰীয়া। ছাৰ বাইদেউ দুটি জোনাকী পৰুৱা। ইটো পৰুৱা সি পৰুৱাৰ ছাঁ ৰ দৰে। থাকেও সেইদৰে। থাকক এই জৰী চিৰদিনে।
হুইলচেয়াৰত বহি আমাৰ লগত বহু কথা পাতে।ঘৰৰ সকলো কথা সোধে। কথা পাতি পাতি শৈশৱলৈ ঘূৰি যায়-
"আগতে লৱৰি-ঢাপৰি আছিলোঁ। আকাশ, প্ৰকৃতি গছ-বন, ফুল-লতা ইত্যাদি বৰ ভাল লাগে... "।
  (৩) 
কৈ শেষ কৰিব নোৱাৰা নাহৰ দেশৰ নানান কথা। দুটিমান পৃষ্ঠাহে স্মৃটিপটৰ পৰা উলিয়াই আনিছোঁ। হোষ্টেলত থাকোঁতে নেট/শ্লেট বা বিভাগ/কেন্দ্ৰৰ পৰীক্ষা হ'লে কিবা এটা ভাল লাগে। আজিও গা টোত কিবা শক্তি আহি যোৱা যেন লাগে। বহু শিকিবলগীয়া থাকিল। যিদৰে শ্ৰেণীকোঠাত ছাৰ/বাইদেউৱে সোধা প্ৰশ্নৰ উত্তৰ দিয়াৰ পিচতো ঘৰত আহি ভাবো-
"ইস! আৰু ধুনীয়াকৈ উত্তৰটো দিব পাৰিলোঁহেতেন। এনেকৈ ক'ব লাগিছিল। মই এই কথাষাৰো সংযোগ কৰিব লাগিছিল... "। 
সময় নাই। ইউজিয়ে আনচাৰ কি আপলোড দিছে। মিলাব লাগে। কিমান শুদ্ধ হয়। এই কামটোও ভয়ানক। " ইনজাৰ কা ঘড়ী খটম"।
নেটৰ আনকি ইউজিচিয়ে জমা লৈছে। চেলেঞ্জিং ৰাখিছে। মানে কি? 
মানে আতৈ 
ধৰি লোৱা পৰীক্ষা টো দিলোঁ। তাৰ পিচত কুৱেশ্বচনৰ উত্তৰ জমা দিব লাগিব। পৰীক্ষাত হৈ যোৱা আৰু ইউজিচিয়ে দিয়া উত্তৰতকৈ কেনডিডেটে নিজে শুদ্ধ বুলি প্ৰমাণিত উত্তৰ দিয়াটো। লগত একহাজাৰ দিব লাগিব ইউজিচিক। শুদ্ধ হ'লে পইচা ঘূৰাই পাবা। মাৰ্ক পাবা.... 

   

  ক্ৰমশঃ



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)