মাজুলীৰ চিঞৰ- ভাৰতী দাং টাইদ

এটি বিষাদ চিঞৰ শুনিছোঁ
এটা ডাঙৰ দ্বীপৰ পৰা মোক
বচোৱাৰ
মোক উদ্ধাৰ কৰা মই জাহাজৰ যাত্ৰী....
মই অসমৰ মই মাজুলী....
নদীদ্বীপ মাজুলীৰ চিঞৰ 
আমাক সহায় কৰা 
মই আজি অসহায়
মই আজি দুৰ্বল
মোৰ আপোনজন ঢুকাইছে
মোৰ আপোনজন ভূমিহীন হৈছে
কত জনে চকুলো টুকিছে
আজি ঐতিহ্য নগৰীৰ বিননি
শ্ৰমজীৱি ঘামৰ পানী এতিয়া নদীত
এতিয়া নদীদ্বীপ মাজুলীৰ শেষ ভৰসা চৰকাৰ।

      
       

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send