আবদ্ধ ৰাজপথ, টায়াৰৰ ধোঁৱাৰে
বতাহত বিয়পিছে কাৰ্বন মনঅক্সাইড।
ভোকাতুৰে বিচাৰি আছে
মৰাশ ভক্ষণৰ বাট,
হকে-বিহকে কাউৰীৰ প্ৰতিবাদ।
কাউৰীজাকো ভোকাতুৰ।
জনৈক ধুৰন্ধৰ ব্যৱসায়ী,
কাউৰীৰ প্ৰতিবাদক শিৰোনাম সজাই
ইন্টাৰনেট জগতত ৰমৰমীয়া বেহা।
ধৰ্মৰ নামত বিক্ৰী কৰিছে
জাতীয় অসভ্যৰ সাক্ষাৎকাৰ।
চতুৰ্থ স্তম্ভ বক্ৰ পথত অগ্ৰসৰ,
বোকাত ডুবি আছে সংবাদ।
উদ্ধাৰৰ নাম গোন্ধ নাই,
নাক ছিটকেনি দিছে দৰ্শক।
বীনা নিবিদাৰ ধৰ্ম ঠিকাদাৰৰ
মৃত বানী পোনপটীয়া প্ৰচাৰ,
গো-মাংস মানে মুছলমানৰ খাদ্যৰ জুতি,
গো-মূত্ৰত হিন্দুত্ববাদীৰ প্ৰসাদৰ মোহৰ।
মুঠতে গৰু উপকাৰী জন্তু
মৃত্যু হ'লে শগুণৰো লঘোন ভাঙে,
কাউৰীয়েও খায়।
হাড়ৰ সোৱাদ ল'বলৈ
কুকুৰটোৰো জিভাৰ পানী পৰে।
শিয়ালে লুকাই লুকাই লালটি পেলায়।
ক'ৰণাত ভয়ভীত বিদ্যালয়ৰ চাবি
কুম্ভকৰ্ণ নিদ্ৰাত মচগুল ।
যুৱ-চামৰ হাতত স্মাৰ্ট ফোনৰ বিদ্যালয়
ভাল দিশটো অগ্ৰাজ্য কৰি
অংক জংক পংক, ফেচবুক, হোৱাটচএপ(what's app) অধঃপতনৰ বাট নীলা ছবি আৰু
মগজু খাইছে ফ্ৰী-ফায়াৰে।
কাউৰীয়ে নীৰৱে গৰুটোৰ পিনে চাই আছে।
বৰণ সলনি কৰাৰ জটিল প্ৰয়াসেৰে
গাত ৰং আঁকি দিয়া হৈছে
কাউৰীক লগোৱা হৈছে চূণ।
লিখা হৈছে অবৈধ বেদখলকাৰী,
স্বাগতম পতঞ্জলি আদানী আম্বানী।
কাউৰীৰ নাতি-নাতিনীহঁতে ক'ব
ইয়াতে আজো-ককাহঁতে কা কা কৰিছিল।
কিন্তু,
কোনেও বুজি পোৱা নাই
কাউৰীৰ প্ৰতিবাদ।
"ছাৰে জাহাছে আচ্ছা
হিন্দুস্থান হামাৰা
হাম বুলবুলে হে ইনকে
ইয়ে গুলস্তান হামাৰা"
✍️জহিৰুল ইছলাম, কোকৰাঝাৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ