স্বৰ্গীয় জ্যোতিৰে
নিৰ্মিত হাত দুখনৰে
আহি টোপনিৰ পৰা
জগাই দিছিলে মোক
মোৰ মায়ে সযতনে
জীৱন যুদ্ধৰ অস্ত্ৰ দিছিল
মোৰ হাতত তুলি, আৰু
সেই অস্ত্ৰ কিতাপ কলমেৰে
নিতৌ আৰ্হি বনাইছিলো
মই মোৰ জীৱন যুদ্ধৰ
পাৰাপাৰহীন বহু সংকীৰ্ণ পথ,
আৰু আত্মনিৰ্ভৰতাৰ
ক্ষুদ্ৰাতিক্ষুদ্ৰ স্বপ্ন দেখাৰ
পাইছিলোঁ প্ৰেৰণা !
মছজিদত শুনিছিলোঁ
মধুৰ আজান,
মন্দিৰৰ দেখিছিলোঁ
বহু সাধু-সন্ত,
গীৰ্জাৰ চৌহদেৰে গৈছিলোঁ
জ্ঞানৰ আলয়লৈ,
বালিময় পাহাৰ বগাই,
আজি বহু প্ৰত্যাহ্বানৰ
সন্মুখীন হৈছো সন্ধিয়া পৰত
আইয়ে দিলে সোঁৱৰাই
মই বোলে কোনো
ভগৱানক সেৱা কৰা নাই !
কোনে ক’ব মোৰ আইক
বুজাই যে আজিকালি
ভগৱানৰো কিয় কোনো পাত্তা নাই ৷
হিন্দু মুছলিমৰ নামত আছে
আৰু কোনে বাৰু কিয় জগৰ লগায় ?
মই আজি মোৰ মাৰ আশীৰ্বাদতে
নিৰ্ভয়ে প্ৰতিটো পুৱাই যেন
পৃথিৱীৰ সতে মুখামুখি হ’বলৈ
আছোঁ ৰৈ অগ্নিৰ ডেউকা হৈ ৷
মানৱতাৰ পূজাৰী হ’ব লাগিব
আমি নিৰ্দ্বিধাই স্বীকাৰ কৰিছোঁ
মা মছজিদ যোৱা নাই
মই মুছলমান হ’ব লাগিব বুলি ৷
মন্দিৰতো যোৱা নাই মই
মা মোক হিন্দু বুলি ভাবিব বুলিহে ৷
মা মই গীৰ্জাত যোৱা নাই
লোকে মোক খ্ৰীষ্টান বুলিব যে,
মানৱতাৰ পূজাৰী হৈ
বিচাৰো মই জগত জিনিবলৈ ৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ