শত্ৰুজনৰো ভাল কামত উৎসাহ আৰু প্ৰেৰণা যোগাওক -হেমেন হাজৰিকা

Aditi Tanti
0
এই ধৰাধামত বসবাস কৰা আমিবোৰৰ চিন্তাধাৰা সকলোৰে বেলেগ বেলেগ । ক'ৰবাত কাৎচিত দুই এজনৰ মিল থাকিব পাৰে । সমাজত এনে কিছুমান মানুহে আপোনাৰ উন্নতি দেখি, ভাল হোৱা দেখি ঈৰ্ষাত জ্বলি-পুৰি মৰে । মুখ ফুটাই একো ক'বও নোৱাৰে , সেই কাৰণে আপোনাৰ ভাল কামত তেওঁলোকে উৎসাহ আৰু প্ৰেৰণা যোগাব নোৱাৰে । কিন্তু আমি মানৱীয়তাৰ ফালৰপৰা শত্ৰু জনেও যদি কিবা ভাল কাম কৰিছে তেন্তে তেওঁকো উৎসাহ আৰু প্ৰেৰণা যোগাব লাগে । কাৰোবাক উৎসাহ আৰু প্ৰেৰণা যোগাব পৰাটো এটা ভাল গুণ । যিটো সকলো মানুহৰ নাথাকে । আপোনাৰ সন্মুখত একো ক'ব নোৱাৰে কিন্তু পেটে পেটে বেয়া পাই থকা স্বভাৱৰ মানুহবোৰ বেছি ভয়ংকৰ হয় ।মনে মনে বেয়া পাই থাকিলেও তেওঁলোকে একো কৰিব নোৱাৰে । এটা কবিতা পঢ়িছিলোঁ সৰুতে 
     পৰৰ সুখত পৰৰ দুখত
      হিয়া যদি পমি যায়
    পৰক আপোন কৰিব পাৰিলে
    সংসাৰত দুখ নাই
  কেইজনৰ গাত আছে এনে গুণ 
 এপাচি শাকত এটা জালুকৰ দৰে । তেনে বোৰ মানুহ তাকৰকৈ থকা স্বত্বেও পৃথিৱীখন ইমান ধুনীয়া হৈ আছে । প্ৰত্যেক মানুহৰ আচাৰ- আচৰণ বেলেগ বেলেগ হয় । এইবোৰক লৈ কেতিয়াও হতাশাত নুভূগিব । এই যে মানুহৰ ভাল কামত উৎসাহ আৰু শুভেচ্ছা দিব নোৱাৰা মানুহবোৰ আচৰিত নহয়নে ? আপোনাৰ চিনাকি , আপোনাক ভাল পোৱা আপোনাৰ অচিনাকী জনেও উৎসাহ আৰু প্ৰেৰণা দিয়ে । সেইবোৰত ভেজাল নাই । কিন্তু ইয়াৰ ভিতৰত কিছুমানে বাধ্যত পৰিহে দিয়ে । তথাপিও দিয়ে । 
এইটো আলোচনাৰ বিষয় হ'ব নোৱাৰে । কিন্তু যিবোৰে দিব নোৱাৰে , কিয় নিদিয়ে কিয় উৎসাহ আৰু শুভেচ্ছা দিয়াৰ পৰা আতৰি থাকে তাৰ হয়তো কিছু কাৰণ আছে । প্ৰথমতে আপুনি যি কাম কৰি আছে সেই কাম তেওঁলোকে কৰিব নোৱাৰে । তাৰবাবে হতাশাত ভুগি উৎসাহ আৰু শুভেচ্ছা দিবলৈ বেয়া পাই । 
দ্বিতীয়তে তেওঁলোকে আপোনাৰ বেয়া দিশবোৰৰ চৰ্চা আৰু সমৰ্থনত থাকে । তৃতীয়তে নিজকে ডাঙৰ মানুহ বুলি ভাবি তেওঁক শুভেচ্ছা দিয়া উৎসাহ দিয়া কি দৰকাৰ বুলি ভাবে । এইবোৰৰ বাবেই আপোনাক বাহিৰে ভাল পালেও ভিতৰত বেয়া পাই । আপোনাক যে বেয়া পাই সেইবোৰ কাৰণৰ জৰিয়তে আপুনি বুজিব লাগিব জানিব লাগিব আৰু তাতকৈ দুগুণ উৎসাহেৰে কাম কৰি আগবাঢ়িব লাগিব । কাৰণ আপোনাক সন্মান দিবলৈ আন এচাম সচেতন লোক আগ্ৰহেৰে বাট চাই আছে । গতিকে সেই শুভাকাঙ্খীখিনিৰ বাবে আমি সেই কাম কৰিব লাগিব । নহ'লে তেওঁলোকে আঘাত পাব । সমাজত তেনে মানুহ থাকিবই । সেই বুলি আপুনি কাম নকৰিব নেকি ? আমাৰ যে কথাত কয় ওকণিৰ ভয়ত চুলি খুৰাব নেকি ?
যিখিনি মানুহে আপোনাক পেটে পেটে বেয়া পাই তেওঁলোকক দেখুৱাই আৰু বেছিকৈ আপুনি কাম কৰিব লাগিব । নহ'লে তেওঁলোকে দুগুণ উৎসাহ পাব ।
ইতিকিং কৰিবলৈ সুবিধা পাব । যেতিয়া আপুনি দুগুণ উৎসাহ উদ্দীপনাৰে কাম কৰিব তেতিয়া হিমালয়ৰ বৰফ গলাদি তেওঁলোকৰ মনবোৰো গলিবলৈ আৰম্ভ কৰিব । তেওঁলোকেও আপোনাক ভাল পাবলৈ আৰম্ভ কৰিব । আপোনাৰ কামক প্ৰসংশা কৰিবলৈ ল'ব । আপোনাক উৎসাহ যোগাবলৈ ল'ব আৰু সেয়াই হ'ব আমাৰ সফলতা ।।

          

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)