পাহৰি পেলাইছিলোঁ
বছৰে বছৰে বাঢ়ি অহা এটি সত্য উপলদ্ধি ;
আচলতে
ওপজা দিনৰ পৰাই
আমাৰ জীৱন নেওতাখনিৰ গণনা
আৰম্ভ হৈ যায় জানা
শৈশৱ কৈশোৰৰ চপলতা,
বাঞ্ছিত যৌৱনৰ উল্লাসী দিনবোৰ ক্ৰমে চুটি হোৱা যেন অনুভৱ হয়
বিচ্ছুৰিত বৰ্ণালীয়ে
লুকা ভাকু খেলা
জীৱনৰ পদূলিত
ভৰ দুপৰীয়া পাৰ হৈ
চুচুক - চামাককৈ আবেলিপৰত
বেলি লহিয়ায়!
তুমি মনত পেলাই নিদিয়া হ'লে মইতো ব্যস্ততাৰ ৰঙিয়াল মূহুৰ্তবোৰত নিজকে বিলাই দিলোহেঁতেন
আপোন পাহৰা হৈ,
এতিয়াও কোনো দিন
ভবা নাই নিজকে
অসহায় আৰু
দুৰ্বল বুলি....
তথাপিও,
তুমি সকিয়াই দিয়া বুলিয়েই মাজে মাজে থমকি ৰওঁ ভাৱনাৰ দুৱাৰডলিত
আনমনা হৈ !!
বয়স নামৰ
অসুৰটোৰ যিহে চতুৰালি!!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ