হেৰি .....শুনিছেনে । প্ৰতি বছৰে আমি আঘোণৰ পথাৰত ধান দাই ভোজভাত খাওঁ যেতিয়া এইবাৰ মই ভাবিছো ভোজভাত অলপ ডাঙৰ কৰিম , নে কি কয় ?
--তোমাৰ নগৰীয়া বোৱাৰীৰ বাবে নিশ্চয় আয়োজন । ঠিক আছে কৰিবা দিয়া ।
নিৰ্দিষ্ট দিনটোত সকলো আয়োজন কৰি দাৱনী আৰু আলহী -দুলহীৰ সৈতে পো-বোৱাৰীলৈ আটায়ে আগ্ৰহেৰে ৰৈ থাকিল । শেষত মণিৰাম আৰু পদুমীলৈ পুত্ৰৰ পৰা এটি ফোন আহিল যে- এতিয়া আগৰ দিন নহয় যে সিহঁতে অবাবত সময় নষ্ট কৰিব । সময়ৰ লগত আগবাঢ়িব লাগিব । গতিকে অভিযন্তা বোৱাৰীৰ কামৰ তাগিদাত কৰ্মস্থলীলৈ সিও যাব লাগিব ।
এইবোৰ কামত যে পুত্ৰ -বোৱাৰীয়ে সময় কটাব নোৱাৰে তাক বাৰুকৈয়ে সিহঁতে বুজিলে ।