ইচ্ছা কৰিলে শিশুৰ পৰা শিকিব পাৰি - হেমেন হাজৰিকা

Aditi Tanti
0
সুখী হবলৈ কাৰ নো মন নাই ।
আছে নেকি কোনোবা বাৰু যি সুখী হ'ব নিবিচাৰে ।
     মই ভাবো পৃথিৱীত বসবাস কৰা প্ৰতি গৰাকী লোকেই আমৃত্যু সুখী হব'লৈ আকাংক্ষা কৰে । কাৰ নো ইচ্ছা নাযায় জীৱনটো সুখী হৈ পাৰ কৰিবলৈ ।
      কিন্তু দেশমাতৃয়ে কেতিয়াবা কেতিয়াবা এনেকুৱা কিছুমান বিশেষ সন্তান প্ৰসৱ কৰে যি অসাধাৰণ । অসাধাৰণ মানুহৰ অসাধাৰণ চিন্তা । তেওঁলোকৰ মগজুৱে এনেকুৱা কিছুমান চিন্তা কৰে যি আনতকৈ অসাধাৰণ হয় 
      প্ৰকৃতিত বোধহয় শিশুৰ সমান সুখী আৰু কোনোৱেই নাই সিহঁতৰ মুখৰ নিৰ্মল হাঁহিটো চাইয়েই ক'ব নোৱাৰি নে বাৰু সিহঁত যে সুখী । নাই কোনো চিন্তা নাই কোনো ভাৱনা ইত্যাদি । সিহঁতেও কিবা চিন্তা কৰে, সেই চিন্তা মতে কিবাকিবি কৰে , খেলে হাঁহে , ভাবে কান্দে আৰু ইচ্ছা মতে শোৱে ।
     সাগৰৰ পাৰত কেৱল বালি আৰু বালি , সেই বালিময় ঠাইত কিছুমান শামুকৰ খোলা লৈ আপোনমনে , চিন্তাহীন মন লৈ খেলি থাকিব পৰা শিশুটোৰ সমান সুখী ব্যক্তি কোনোবা থাকিব পাৰে নে বাৰু! ক্ষমতা টকা পইচা সৌন্দৰ্যৰ হাঁহি , নাৰী এই সকলোৰে উৰ্দ্ধত নহয়নে শামুকৰ খোলা লৈ বালিত ওলমি থকাজন।
     পৃথিৱীৰ সকলো শিশুৱেই সুখী। কাৰণ এই বিনন্দীয়া পৃথিৱীখনত কেৱল মাত্ৰ সুখী হোৱাৰ বাহিৰে আন কোনো কথাই গ্ৰহণ কৰিবলৈ শিশু সকল বাধ্য নহয় । শিশুসকলৰ দৃষ্টিয়ে কেৱল সেইবোৰৰহে সন্ধান কৰে যিবোৰে তেওঁলোকক সুখী কৰিব পাৰে । বেলেগ কথা তেওঁলোকে চিন্তা নকৰে । সেই কাৰণেই বোধহয় কোৱা হয় যে পৃথিৱীত কেৱল শিশু সকলেই সুখী ।
      নোবেল বঁটা প্ৰাপক তুৰ্কী লেখক আৰহান পামুক । অধ্যয়ন পিপাসু সকলে এইগৰাকী মহান লেখকক নিশ্চয় জানে । তেখেতে কৈছিল যে পৃথিৱীত কেৱল মূৰ্খ আৰু দুষ্ট মানুহবোৰ হে সুখী হৈ থাকিব পাৰে । মগজু থকা বিবেকবান অথবা হৃদয়বান মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে। কিন্তু সময় অতিবাহিত হোৱাৰ লগে লগে আৰহান পামুকে নিজেই হেনো উপলদ্ধি কৰিছিল to be is not rude, and it's takes brain. সুখী হোৱাটো অশিষ্ট কথা কেতিয়াও নহয় ।
   তেখেতে কৈছিল যে পৃথিৱীত সুখী হব'লৈ মগজুৰ প্ৰয়োজন। এটা শিশুৱে অগ্ৰজ সকলৰ ধ্যান ধাৰণা সলনি কৰি দিব পাৰে । সিহঁতে মনে বিচৰা ধৰণে কাম কৰে । খেলে, হাঁহে, কান্দে,শুনে আদি । সিহঁতৰ মনত পৰম বিশ্বাস জন্মে যে, পৃথিৱীত সিহঁতৰ কাৰণে ভাবিব লৈ আন কোনোবা আছে। এই শিশু সমূ্হৰ মুখ কেইখনলৈ চাই নিজৰ এৰি অহা জীৱনৰ কথা ভাবি অনুভৱ কৰিব পাৰি পৃথিৱীত মেন সিহঁতৰ সমান সুখী আৰু কোনোৱেই নাই । এই পৃথিৱীত যিমান কণমানি শিশু আছে সকলো সমানেই সুখী । পৃথিৱীৰ যিকোনো এটি শিশুৰ মুখৰ সংলাপেই সকলো শিশুৰ সংলাপ ।
   শিশুসকলৰ নিজৰ মনৰ পৰম বিশ্বাসেৰে সিহঁতে শংকা মুক্ত । সুখী হ'বলৈ হ'লে আমিও শিশুৰ দৰে শংকামুক্ত হ'ব লাগিব । কিন্তু আমি পাৰোঁ জানো । পাৰিম জানো নিজকে শংকামুক্ত কৰিবলৈ  
অনিশ্চিত ভৱিষ্যতৰ কোনো অনিৰ্দিষ্ট সময়ত আহিব লগা কোনো বিপৰ্যয়ত শংকিত হৈ আমি দুৰ্বিষহ কৰি তোলো আমাৰ বৰ্তমানক । অনেক আশংকা এটা সময়ত অমূলক বুলিও পৰিগণিত হয় । কিন্তু ইতিমধ্যে তাৰ মূল্য দিয়া হয় জীৱনৰ পৰা সুখ জলাঞ্জলি দি ।
এটা সুখী শিশুৰ মুখ খনি চালেই নিজকো সুখী বুলি গণ্য হয় । তেতিয়া ভাব হয় তেৱেই পৃথিৱীৰ আটাইতকৈ সুখী মানুহ ।
সুখী হ'ব পৰা মন্ত্ৰ আমি এটি শিশুৰ পৰা শিকিব পাৰো ।
    আমাৰ যে কিছুমান চিন্তা যেতিয়া আমি কেতিয়াবা কাৰোবাক আমাৰ জীৱনলৈ আদৰি আনিবলৈ প্ৰস্তুতি চলাও তেতিয়া আমি ব্যক্তিজনৰ মাজত সুপ্ত হৈ থকা আমাৰ প্ৰতি ভালপোৱাবোৰ অনুসন্ধান কৰো ।
তাৰ বিপৰীতে তেতিয়া কোনো এজন ব্যক্তিক আমাৰ জীৱনৰ পৰা বিদায় দিয়াৰ কথা ভাবো তেতিয়া ব্যক্তিজনৰ আন সকলোবোৰ কথা বাদ দি কেৱল তেওঁৰ দোষবোৰৰ কথা অনুসন্ধান কৰো। আমি তেখেতৰ বিষয়ে কি অনুসন্ধান কৰিম সেয়া আমি আগতেই ঠিৰাং কৰি লওঁ। ঠিক তেনেদৰে সুখৰ অন্বেষণৰ ক্ষেত্ৰটো অনুৰূপ কথাৰেই পুনৰাবৃত্তি হয় । আমি যদি নিজকে সুখী কৰি ৰাখিব বিচাৰো তেন্তে আমি সেই সুখবোৰ বিচাৰি পাব পাৰো বিচিত্ৰ ৰঙীন চৰাইবোৰৰ সুমধুৰ কলধ্বনিৰ মাজত ।
   সুখৰ আকৰ আমি বিচাৰি পাব পাৰো আমাৰ কাষেদি বৈ যোৱা জুৰিটোত । তাত সাঁতুৰি নাডুৰি থকা ৰূপালী ৰঙৰ মাছবোৰৰ মাজত । এই সমূহো আমাৰ বাবে সুখৰ আকৰ হ'ব পাৰে ।
     সুখৰ আকৰ হ'ব পাৰে বতাহৰ ৰিব্ ৰিব্ শব্দ । অনাবিল সুখৰ আমি সুখী হ'ব বিছাৰিলে ই আমাৰ বাবে সেই সুখৰ উপচাৰ হ'ব পাৰে ৰঙ বিৰঙৰ ফুলবোৰ , তাৰ সুগন্ধি আমি সুখী হ'ব বিচাৰিলে ই শীতৰ কোমল ৰ'দ জাকৰ অপেক্ষাত বা বাৰিষাৰ প্ৰথম জাক বৰষুণত জুৰুলি জুপুৰি হোৱাৰ সপোনত বিমোৰ হৈয়ো সুখী হ'ব পাৰো কেৱল এটি সূৰ্যোদয়ৰ বিনন্দীয়া মহূৰ্তটি দৰ্শনৰ বাবে ই আমি সুখী হ'ব বিচাৰো । আমি সুখী হ'ব পাৰো বহুজন আঁতৰি যোৱাৰ পিছতো আমাৰ কাষত থকা বন্ধু সকলৰ সৈতে ।
    সকলো শিশুৱে ই সুখী কাৰণ এই ধুনীয়া পৃথিৱীখনত সিহঁতে কেৱল সুখী হোৱাৰ বাহিৰে আন একোৱেই গ্ৰহণ কৰিবলৈ সিহঁত ৰাজী নহয় । শিশু সকলৰ সেই নিষ্পাপ দৃষ্টিয়ে কেৱল সেইবোৰৰ হে সন্ধান কৰে যিয়ে তেওঁলোকক সুখী কৰি গঢ়ি তুলিব পাৰে । সুখী হোৱাৰ চাবিকাঠি মানুহৰ নিজৰ হাতৰ মুঠিতে। সুখী হ'বলৈ প্ৰয়োজন মাথোঁ শিশুৰ দৰে এটি সৰল মনৰ , যিটো মনে কেৱল সুখী হোৱাৰ সংকল্প লৈ নিৰীক্ষন কৰে চৌপাশৰ পৃথিৱী আৰু মানুহ। 

        
                

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)