চিলেটৰ দিনবোৰ-অমৰেন্দ্ৰ দাস

এটি পাহৰিব নোৱাৰা স্মৃতি....
 চিলেটত লিখা সোনালী দিনবোৰ
 বাৰে বাৰে লিখিছিলোঁ
 অ আ ক খ......।

       আজিও মনত পৰে
       দেউতাই বিচনীৰে বিচি
       ম'হ খেদি থকা সময়
       চোতালত পাতি পাৰি
       ক খ গ ঘ লিখা সময়...!!
    লিখি লিখি মচি দিছিলোঁ
    তোমাৰ নাম...
    অ খ ৰা 
    অক্ষৰা.....!!
   বাৰে বাৰে ভূল হৈছিল আখৰৰ পাক
   চিলেটত লিখি লিখি
    কেতিয়া যে হৃদয়ত লিখিলোঁ তোমাৰ নাম?

আজিও হুমুনিয়াহ কাঢ়ে
 অতীতৰ স্মৃতিবোৰে
এতিয়া যে বুকুত লিখা 
তোমাৰ নাম মচিবই নোৱাৰোঁ
এতিয়া কি ভাৱ হয় জানা.....?
সেই চিলেটত লিখা দিনবোৰেই ভাল আছিল
শুধৰণিৰ সুবিধাকণ মোৰ হাততেই আছিল।।

কাৰ পৰশত ফুলি গুচি গলা তুমি
মন ভাগিছাত মোক অকলে এৰি
বুকুৰ ভাষাবোৰ যে
আজিও বুকুতেই ৰ'ল 
গুপুতে গুপুতে.....!!

     

1 Comments

  1. মোৰ ক্ষুদ্ৰ অনুভৱটিক প্ৰকাশ কৰা বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

    ReplyDelete
Previous Post Next Post