আন্দোলন কৰো আহঁক- চুমিন্দ্ৰ চৌধুৰী

Aditi Tanti
0
হয়, আপুনি ঠিকেই পঢ়িছে। আজি কিছু দশকৰ পৰা কিছুমান নপতা ফুকনে নিজকে অসমৰ হৰ্তাকৰ্তা বিধতা সাজি হকে বিহকে আন্দোলনৰ আহ্বান জনালেই ক্ষোভ আৰু ঘৃণাত নাক কোঁচ খোৱাই দিয়া অমুকাই অসমৰ জাতি উপজাতি নিৰ্বিশেষে সমগ্ৰ যুৱক-যুৱতীক একত্রিত হৈ ককালত টঙালি বান্ধি এক বিশেষ জংগী আন্দোলনৰ বাবে মাৰবান্ধি ঠিয় হ'বলৈ আহ্বান জনাব বিচাৰিছো। অন্তঃত আগন্তুক পাচঁবছৰৰ বাবে যদি অসমৰ শিক্ষিত, অশিক্ষিত, চহৰীয়া আৰু গাঁৱলীয়া অসমীয়া যুৱক যুৱতীয়ে ভণ্ড ৰাজনৈতিক নেতা সকলৰ লেঙটিত ঘুৰিবলৈ বাদ দি মই ঘোষণাৰ কৰা আন্দোলনত যোগ দিয়ে তেন্তে বুঢ়া ডাঙৰীয়াৰ নামত শপতখাই অসমৰ জনসাধাৰণক প্ৰতিশ্ৰুতি দিব পাৰোঁ যে এই আন্দোলনত অংশগ্ৰহণ কৰা প্ৰতিজন যুৱক-যুৱতীয়ে আৰু কোনোকালেই কৰ্ম সংস্থাপনৰ বাবে তথা দুবেলাৰ দুসাঁজ ভোকৰ ভাতৰ বাবে কোনো ৰাজনৈতিক ভণ্ড নেতাৰ ওচৰত হাত পাতিব নেলাগিব। আৰ্থিক অভাৱত হতাশাগ্ৰস্ত হৈ তেওঁলোকে এজাক শিয়ালৰ উচতনিত জংঘললৈ গৈ বিপ্লৱৰ বেপাৰীও হ'ব নেলাগিব। অনবৰতে সমাজত পিয়াপি দি থকা হাতী জোক সদৃশ অংগ সৰবৰাহকাৰী দালালৰ হাততো দুৰ্ভাগ্যবশতঃতেওঁলোক চিৰদিনলৈ ঘূণীয়া হ'ব নোৱাৰিব। তেওঁলোকৰ এই আন্দোলনে অপহৰণ, অপৰাধ আৰু হিংসাৰ অৱসান ঘটাই এখন দুৰ্নীতি মুক্ত প্ৰগতিশীল অসমৰ পুনৰুত্থান কৰিব বুলি দৃঢ়তাৰে ক'ব পাৰো। 
এই আন্দোলনৰ সকলোতকৈ উল্লেখনীয় কথা কেইটা হ'ল -
১৷ আন্দোলনকাৰী সকলে ঘৰ দুৱাৰ এৰি প্ৰতিবাদৰ নামত ভোকে লঘোণে গৈ ৰাস্তাই ঘাটে বাগৰি দিয়াৰ প্ৰয়োজন নাই। 
২৷ ঘোৰ জাতীয়তাবাদী চিন্তাধাৰাত বিশ্বাসী বুলি প্ৰমাণ দিবলৈ তেওঁলোকে ৰাজহুৱা স্থানত শিয়ালৰ দৰে হোৱা দি পৰিৱেশ বিনষ্ট কৰাৰো দৰকাৰ নাই ।
৩৷ জংগী আন্দোলন নামৰ এটা আসুৰিক উৎসৱৰ বাবে জনতাৰ পৰা দাবি ধমকি দি অনা ধনৰ অপব্যৱহাৰ তথা ৰাজহুৱা সা-সম্পত্তি ধ্বংস কৰি তাণ্ডৱ প্ৰদৰ্শন কৰাৰো প্ৰয়োজন নাই । প্ৰথমতে তেওঁলোকে আঞ্চলিকতাবাদ, জাতীয়তাবাদ, লুঙীবাদ, ধূতিবাদ আৰু প্ৰতিবাদ এই শব্দ কেইটা এই বিশেষ আন্দোলনৰ সময়ত বাদ দি তলৰ কাৰ্য্যসূচী সমূহত সক্রিয় ভাৱে অংশ গ্ৰহণ কৰিলে এই আদৰ্শ বাদী জংগী আন্দোলন সফল হোৱাটো নিশ্চিত। 
১ । এই আন্দোলনত প্ৰতিজন আন্দোলনকাৰীয়ে এককীয় ভাৱে যুঁজিব লাগিব। 
২৷ মোৰ একো নাই, মোক একো দিয়া নাই বুলি হাত সাৱটি নাথাকি এলেহুৱা স্বভাৱটো পৰিত্যাগ কৰি নিজৰ মনটোক কৰ্মমুখী কৰি তুলিবলৈ নিজৰ স'তে প্ৰথমে আন্দোলন কৰিব লাগিব। 
৩ ৷ অকল চৰকাৰী বেচৰকাৰী চাকৰিৰ আশাত হাত সাৱটি বহি নাথাকি অথবা চাৰি আলিত আড্ডা দি সময়ৰ অপব্যৱহাৰ নকৰি যিকোনো লঘূ-গুৰু ব্যৱসায়,কৃষি কৰ্ম কৰি বা গীতমাত গাই দুপইচা আৰ্জন কৰাৰ চিন্তা কৰিব লাগিব।
৪৷ চান্দা সংস্কৃতিৰে দাবি ধমকি দি ধন সংগ্ৰহ কৰি পৰম্পৰাগত নিয়ম নীতি বিকৃত কৰি বিহু,পূজা ইত্যাদিবোৰৰ ফাংচন পাতি সময়ৰ অপব্যৱহাৰ কৰাতকৈ স্ব নিয়োজনৰ বাবে সময়ৰ সৎ ব্যৱহাৰ কৰিব পাৰিব লাগিব। 
৫ ৷ শিক্ষিত বুলি দম্ভ মাৰি সৰু সুৰা কামত হাত নিদিয়াটো এটা মাৰাত্মক আত্মঘাটী মনোভাৱ । কামৰ কোনো সৰুবৰ নাই। কাৰণ সকলো কৰ্ম ক্ষেত্ৰতেই আজি কালি অভিজ্ঞতা থকা জনকেই অগ্ৰাধিকাৰ দিয়া হ'য়। 
৬৷ দিল্লী,বোম্বাই, কলিকতা আদি চহৰলৈ চাকৰি বিচাৰি যাবলৈ অথবা চিকচিকাই থকা মটৰ চাইকেল চলাই ধুনপেচ মাৰিবলৈ অসহায় পিতৃ মাতৃক তাগিদা দি পৈতৃক খেতিৰ মাটি বহিৰাগতক বিক্ৰী কৰি পুনৰ সেই বহিৰাগতক খেদিবলৈ আন্দোলন কৰাত কৈ নিজৰ আৰ্থিক দুৰৱস্থাৰ সতে যুঁজ দি উপাৰ্জনমূখী চিন্তাধাৰাৰে কামত মনোনিৱেশ কৰিব লাগিব।
সদৌ শেষত চলিত বৰ্ষৰ অন্তিম মাহটো আৰু নৱ বৰ্ষৰ প্ৰথমটো মাহ বনভোজ আৰু গান বাজনাৰ নামতে অপচয় নকৰি কৰ্ম মনোনিৱেশ কৰা অতি প্ৰয়োজন। অত্যন্ত উপভোগ আৰু আনন্দ বিলাসেই এসময়ৰ প্ৰভাৱশালী দেশ তিব্বত আজি চীনৰ অধীন হৈ পৰিল। কৰ্মবিমুখ অসমীয়াৰ বাবেই অসমতে অসমীয়া এদিন ভগনীয়া হ'ব লাগিব। গতিকে আহকছোন আজিয়েই আমি স্ব-সামৰ্থ্য আৰু ইচ্ছাৰে একক ভাবেই এই কৰ্ম আন্দোলনৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰো।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)