তোমাৰ ফ্লেটৰ দুৱাৰ - খিৰিকীবোৰ
আজি কিছুদিনৰ পৰা বন্ধ।
তোমাৰ ফ্লেটৰ বেলকনিতো
তুমি দেখা দিয়া নাই।
চৌহদৰ চুইমিং পুল
আজি কিছুদিনৰ পৰা নিজম।
জিমতো যেন নাই কোনো উচ্ছলতা।
ফ্লেটৰ চৌহদত জগিং কৰা মানুহবোৰেও আজি কিছুদিনৰ পৰা তোমাক দেখা নাই।
কাৰণ, আজি কিছুদিনৰ পৰা
তুমি কংক্ৰিটৰ মহানগৰীত বোধ হয় নাই!
হয়তুবা তুমি আট্টালিকাৰ
মাজত বন্দী হৈ থাকিব খোজা নাই।
তুমি আছা চাগৈ
কোনোবা পাহাৰৰ পৰা নামি অহা জুৰিত, সাতুৰি - নাদুৰি!
নতুবা অৰণ্যৰ মাজত
নিজম বননিত
আকাশৰ সৈতে কথা পাতি!
সমাজৰ বান্ধোন নেওচি
গোপনে, নিৰলে
প্ৰকৃতিৰ মাজত ওমলি!
তুমি বাৰু মহানগৰীৰ
কৃত্ৰিমতাৰ বিৰুদ্ধে
প্ৰতিবাদ কৰিছা নেকি?
তোমাক বাৰু ক'ত বিচাৰি পাম?
আট্টালিকাত নে বন - বননিত নে অৰণ্যত?
কৃত্ৰিম প্ৰাচুৰ্য্যতাত নে
বিশুদ্ধ প্ৰকৃতিত?
কাৰণ, আজি কিছুদিনৰ পৰা
তুমি কংক্ৰিটৰ মহানগৰীত বোধ হয় নাই!
তোমাক মই বিচাৰি পোৱা নাই।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ