সন্তানৰ বাবে শিক্ষা, পিতৃৰ বাবে আশা- হেমেন হাজৰিকা

Aditi Tanti
0
সময়বোৰ যে কি হ'ল নহয়! আমিবোৰ বাৰু ক'লৈ গৈ আছো!আমিবোৰ বাৰু বেছি শিক্ষিত হ'লো নেকি?তাৰ বাবেই কিজানি ইমানবোৰ অথন্তৰ। ইয়াত দোষ কাৰ? সময়ৰ নে মানুহৰ? কি পৰিৱেশত মানুহৰ মগজুত এনেবোৰ কথাই বিলাই থাকে। পিতৃ-মাতৃ আৰু সন্তানৰ মাজৰ সম্পৰ্কত ঘুণে ধৰাৰ দৰে হ'বলৈ আৰম্ভ কৰিছে।কিয় সন্তানে নিজৰ জন্মদাতাক বৃদ্ধাশ্ৰমৰ দৰে অনুষ্ঠানত থৈ আহিব পৰা মানসিকতাই ঠাই পালে। ঘৰৰ পৰা উলিয়াই নি নিৰ্জন ঠাইত পথৰ কাষত এৰি থৈ আহি ঘৰত মাছে-মঙহে ভাত খাব পৰা হ'ল । কেৰোণতো ক'ত লাগিল? সেই পিতৃ-মাতৃৰো এনে দুৰ্ভাগ্য হ'ল তেনে সন্তান জন্ম দিয়াৰ। সেইবোৰ অধঃপতনে যোৱা সন্তান তেওঁলোক পৰিয়ালৰে নহয় জাতিৰো কলংক।ধিক তেনে সন্তান।শতৰুৰ পেটতো জন্ম নহ'ওক তেনে সন্তানৰ।
     সমাজত যিমানেই কলংকিত মানুহ নাথাকক কিয় তাৰ মাজতে সম্পূৰ্ণ মানৱীয় গুণেৰে বিভূষিত মানুহ থকাৰ কাৰণেইটো সমাজখন এতিয়াও সুন্দৰতাৰ প্ৰলেপে আগুৰি ৰাখিছে। সেই কলংকিত বতাহে তাৰ চাৰিবেৰক স্পৰ্শ কৰিব নোৱাৰে।সিহঁত সোণৰ দৰে জিলিকি থাকিব চিৰদিন চিৰকাল।সেই সন্তানে নিজৰ পিতৃ মাতৃক ভগৱান জ্ঞান কৰে।ঘৰৰ বাহিৰৰ পৰা যেতিয়াই উভতি নাহক প্ৰথমে পিতৃ মাতৃৰ খবৰ লয়।খোৱা বোৱাকে আদি কৰি সকলো।অসুস্থ পিতৃ-মাতৃক খুৱাই দিয়ে, হাত -মুখ,গা পা ধুৱাই দিয়ে । লেতেৰা কাপোৰ কানি ধোৱে যিমান পাৰে শুশ্ৰূষা কৰে। কেতিয়াও চকুত দুখৰ চকুলো ওলাব নিদিয়ে।তেনে সন্তানক লৈ সেই পিতৃ মাতৃয়ে গৌৰৱ কৰিব পাৰে। ইয়াৰ লগতে সেই বৃদ্ধ পিতৃ- মাতৃয়ে আশা কৰিব পাৰে তেওঁৰ সন্তানো যিহেতু কাৰোবাৰ পিতৃ গতিকে সিও জীৱনত দুখ কষ্ট নাপায় বুলি গভীৰ আশা কৰিব পাৰে।সেই আশা প্ৰত্যয়ৰ । 
    ইয়াৰ জৰিয়তে সিহঁতৰ ভৱিষ্যত প্ৰজন্মৰ পুৰুষ সকলে দেখিব, দেখি বুজিব, নিজৰ পিতৃ মাতৃক কি দৰে শুশ্ৰূষা কৰিব লাগে, যত্ন ল'ব লাগে।কাৰণ আজিৰ শিশুৱে বহু কথা দেখি শুনিয়েই শিকে। সিহঁতক ক'ব নালাগে এইটো কৰ, সেইটো নকৰিবি বুলি। গতিকে সিহঁতে যেতিয়া দেখিব মোৰ দেউতাই ককা আইতাৰ ইমান যত্ন লয়, ইমান মৰম কৰে।কিমান শ্ৰদ্ধা কৰে, কিমান ভক্তি কৰে। ককা আইতাক কেতিয়াও বেয়া ব্যৱহাৰ নকৰে, গতিকে এইবোৰ বেয়া কথা বুলি যেতিয়া সিহঁতে সৰুতে শিকিব তেতিয়া আৰু কোনো বতাহে সিহঁতক টলাব নোৱাৰে।সিহঁত নৈতিক শিক্ষাৰে এনেদৰে মজবুত শিক্ষাৰে শিক্ষিত হ'ব সেয়া জাতিৰ বাবে গৌৰৱৰ বিষয় হ'ব।সিহঁত একোডাল একোডাল বটবৃক্ষ হ'ব আমাৰ ভৱিষ্যত প্ৰজন্মৰ। সেয়া হ'ব আমাৰ পিতৃ সকলৰ বাবে গভীৰ আশাৰ থল।কি প্ৰশান্তি সেই বটবৃক্ষৰ তলত জিৰাব আমাৰ এটা উৰণমুখী চৰাইৰ জাক। নহ'লে আজিৰ সমাজব্যৱস্থাত আমি কি দেখিছোঁ অথবা সিহঁতে যি বুজিছে ,দেখিছে, এই সকলোবোৰৰ পৰাই শিকিছে যাক বেয়া বুলি ক'ব পাৰি তেনে কথা । আমাৰ অভিভাৱক অভিভাৱিকা সকলে সিহঁতক ভাল শিক্ষা দিব পৰা নাই।সিহঁতক শিক্ষা দিছোঁ ব্যক্তিকেন্দ্ৰিকতাৰ।কেৱল মই ভাৱটো সুমুৱাই দিছোঁ । ম আৰু পৰা আমি লৈ উত্তৰণ ঘটোৱা শিক্ষা দিব পৰা নাই। সিহঁতক কেৱল শামুকৰ খোলাটোৰ ভিতৰত সুমাই থকা শিক্ষাহে দিছোঁ।তাৰবাবে সিহঁতৰ মনবোৰ উদাৰ হোৱা নাই।গতিকে আমি যদি সিহঁতৰ মনৰ দিগন্ত প্ৰসাৰ কৰিব খুজিছোঁ তেন্তে সিহঁতক আকাশ চাবলৈ শিক্ষা দিব লাগিব ,জোনাকত বহি জোনাকী পৰুৱাৰ উৰণ দেখুৱাব লাগিব। তেনে শিক্ষা সিহঁতক প্ৰদান কৰিব পাৰিলে সেয়া হ'ব সিহঁতৰ বাবে প্ৰকৃত শিক্ষা।যেতিয়া আমাৰ আশাৰ কিৰণত সিহঁত জিলিকি উঠিব সেয়া হ'ব আমাৰ অভিভাৱক-অভিভাৱিকা সকলৰ বাবে আশা।সেই আশাই উজ্জিৱীত কৰিব আমাৰ মন। সিহঁত যেতিয়াই যলৈকে নাযাওঁক তাত যাতে সিহঁতে শিষ্টাচাৰ ৰাখি কাম কৰে , ব্যৱহাৰ কৰে, তাত সিহঁতে কাৰোবাৰ বাবে কিবা এটা এৰি থৈ আহিব পাৰে।সেই শিক্ষা আমি সিহঁতক দিব লাগিব।আমাৰ মান সন্মান যাতে বিফলে নাযাই তাৰ বাবে আমি সজাগ আৰু সতৰ্ক হ'ব লাগিব।
   আজিৰ দিনটোত সমাজখন গেলিবলৈ বজৰুৱা সংস্কৃতি আহি আমাৰ নজহা নপমা বাৰে ৰহনীয়া সংস্কৃতিত সোমাই পৰিল আৰু আমি ৰংচঙীয়া দেখি তাকে আকোঁৱালি লৈ আমি আমাৰ পৰা নিজেই বিচ্ছিন্ন হ'ব ধৰিছো।
গতিকে প্ৰকাৰন্তৰে আমি আমাৰ উত্তৰপুৰুষক সেই শিক্ষাকেই দিছোঁ। পোনে পোনে এইটোৱে কৰে বুলি কোৱা নাই ঠিকেই, কিন্তু আমি আমাৰ কামে কাজে কি কৰিছোঁ সেয়া সিহঁতে নিৰিক্ষণ কৰি আছে। সেইবোৰ কথা সিহঁতৰ মগজুৰ কোষে কোষে ৰৈ গৈছে আৰু ছেগ বুজি ওলাই আহোঁতেই যি ফল আমি দেখা পাম তেতিয়া কিন্তু সিহতক দোষাৰোপ কৰিলে সময়ে,পৰিস্থিতিয়ে আমাক দোষিব।
   গতিকে আমি আমাৰ সন্তান সকলৰ আগত এনে কাম কৰোঁ, এনে কথা ক'বলৈ চেষ্টা কৰোঁ যিয়ে সিহতক ভাবিবলৈ বাধ্য কৰাই কি ভাল আৰু কি বেয়া।আমাৰ অসজাগতাৰ বাবে ভাল আমৰ পুলিও বকৰাণিত গজিব পাৰে। তেতিয়া দুপতীয়া আমৰ পুলিটোক দোষাৰোপ কৰিলে নহ'ব। ।

            

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)