১৯কাতি, শনিবাৰ, ইং ৬ নৱেম্বৰ।
২০২১।
সূৰ্য্যোদয় ঘ:৫/৩৮/২৫ ,সূৰ্য্যাস্ত
ঘ:৪/৩৬/৫
*ৰাশি:-* বৃশ্চিক ৰাশি।
*তিথি :-* শুক্লা দ্বিতীয়া । ৰা:ঘ:- ১০/৪৩/১৬ লৈ।
*নক্ষত্ৰ :-* অনুৰাধা।ৰা:ঘ:- ৩/২৯/২১ লৈ।
*শুভ সংখ্যা:-* ৪/৮
*শুভ ৰং :-* কলা/নীলা ৰং।
*আদ্যঋতু হলে :-* পতিহীনা যোগ।
*মৰণত দোষ:-* দ্বিপদ।ৰা:ঘ:- ১০/৪৩/১৬ যোৱূ এপাদ।
*যাত্ৰা:-* উত্তৰ দিশত নাই।ৰা:ঘ:- ১০/৪৩/১৬ যোৱাত অগ্নি কোনত নাই।
*যোগিনী :-* উত্তৰ দিশত ।ৰা:ঘ:- ১০/৪৩/১৬ যোৱাত অগ্নি কোনত।
*ভক্ষাভক্ষ্য:-* তিতা খোৱা নিষেধ।ৰা: ঘ:- ১০/৪৩/১৬ যোৱাত পটল খোৱা নিষেধ।
১. *মেষ ৰাশি* (অ,ল) : - মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ধন সন্মান লাভ হব,সমস্যাৰ সমাধান হব, লগত আজি আপুনি পাৱ লগীয়া ধন ঘূৰাই পোৱাৰ যোগ দেখা যায়।
২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত বিবাহ প্ৰাৰ্থী সকলৰ শুভ হব , যদিও আজি আপুনি সজাগ নহলে মনত সামান্য হতাশাৰ ভাৱ বাঢ়িব পাৰে লগতে আজি আপুনি সকলো দিশতে সজাগ হোৱাটো ভাল হব।
৩. *মিথুন ৰাশি* ( ক,ছ) : - মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ধন সন্মান লাভ, মনটো সুস্থিৰ হব যদিও আজি আপুনি সজাগ নহলে ভ্ৰমণত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।
৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব, কৰ্মত মধ্যম হব , যদিও আজি আপুনি সজাগ নহলে মনত সামান্য অশান্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ হব, যদিও আজি আপুনি সজাগ নহলে আৰ্থিক ক্ষেত্ৰত সামান্য অৱনতি হোৱাৰ যোগ দেখা যায়।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, সন্তানৰ আনন্দ লাভ কৰিব যদিও আজি আপুনি যি কোনো সিদ্ধান্ত গ্ৰহণ কৰোতে সাৱধান হোৱাটো ভাল হব।
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব, লগতে আজি আপোনাৰ উত্তম ভোজন লাভ হোৱাৰ যোগ দেখা যায়।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক সন্মান লাভ হব, আদৰ্শবাদী মনোভাৱ বাঢ়িব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, কৰ্মক্ষেত্ৰ শুভ হব, লগতে আজি আপুনি কৰ্ম ক্ষেত্ৰত প্ৰতিস্থা লাভ হোৱাৰ যোগ দেখা যায়।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ সামান্য পৰিবৰ্তন আহিব পাৰে, লগতে কৰ্মত সামান্য সমস্যাৰ আহিব পাৰে যদিও যদিও আজি আপুনি সকলো দিশতে সজাগ হোৱাটো ভাল হব।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত আয় বাঢ়িব, মনত ভক্তি ভাৱ বাঢ়িব, লগতে বিদ্যাৰ্থী সকলৰ শুভ হোৱাৰ যোগ দেখা যায়।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক ক্ষেত্ৰত শুভ হব, প্ৰতিভা বিকাশৰ সুযোগ লাভ হব, যদিও আজি আপোনাৰ মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :-
" মা কামাখ্যা গেট " (নাৰ্চাৰী)
গুৱাহাটী
Ph no -9101096481
Wp no - 9577136205
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ