০৬ নৱেম্বৰ- ইতিহাসৰ পাতত আজিৰ দিনটো

Rinku Rajowar
0

এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা:

  • আজি শিখ ধৰ্ম গুৰু নানকৰ আৰ্বিভাৱ তিথি। আজিৰ পৰা ৫৪৬ নানাকব্দ আৰম্ভ হ'ব।
  • ১৮২ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ব্ৰিটিছ বিজ্ঞানী ছাৰ জন উইলিয়াম এলককৰ ইংলেণ্ডৰ মানচেষ্টাৰত জন্ম হয়। এলককেই বিশ্বৰ প্ৰথম বিমানেৰে আটলাণ্টিক মহাসাগৰ অতিক্ৰম কৰে।
  • ১৯২৫ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীৰ শিষ্য তথা ভাৰতৰ খাদী আন্দোলনৰ সক্ৰিয় কৰ্মী ইংৰাজ মহিলা মীৰা বেন ভাৰতলৈ আহে।
  • ১৯৪৩ চনৰ আজিৰ দিনটোতে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ অধিকাৰ জাপানৰ পৰা আজাদ হিন্দ ফৌজলৈ হস্তান্তৰিত হয়।
  • ১৯৬২ চনৰ আআজিৰ দিনটোতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ পৰা দক্ষিণ আফ্ৰিকাক বহিষ্কাৰ কৰা হয়।
  • ১৯৮৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ জগতৰ শক্তিশালী অভিনেতা সঞ্জীৱ কুমাৰৰ মৃত্যু হয়। অভিনয় জীৱনত ১৩৫খন ছবিত অভিনয় কৰি সঞ্জীৱ কুমাৰে চলচ্চিত্ৰ জগতত এক অনন্য অভিলেখ সৃষ্টি কৰি থৈ গৈছে।
  • ২০০১ চনৰ আজিৰ দিনটোতে অসমীয়া দৈনিক বাতৰি কাকত অসমীয়া খবৰ প্ৰকাশ আৰম্ভ হয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)