নাৰীয়েই সৃষ্টি নাৰীয়েই ধংস-চিন্ময় ডেকা

©Admin
0
দুদিনীয়া জীৱন ব্যস্ততাত পুৰুষৰ তুলনাত নাৰী চলনাময়ী, মমতাময়ী। সচৰাচৰ পুৰুষক বশ কৰিব পৰা এটা অদ্বিতীয় শক্তি হৈছে নাৰী। যি কোনো ৰূপত যেনে ধৰক নিজ মাতৃ, পত্নী, প্ৰেমিকা বা অন্য ভিন্ন ৰূপত। কাহানিও কল্পনা কৰিব নোৱাৰা এক নাৰীৰ অপৰিসীম সত্তা। নাৰী অবিহনে একোটি পূৰ্ণাংগ জীৱৰ অস্তিত্ব সমীচীন। প্ৰসংগত আমি সকলোৱেই অৱগত, তথা উপলব্ধি কৰিব পাৰোঁ, কিন্তু সাম্প্ৰতিক সময়ত এক অৰাজক পৰিস্থিতিয়ে বিৰাজ কৰিছে। নাৰীসকল অকণো সুৰক্ষিত নহয়। আমি আধুনিক সমাজৰ একবিংশ শতিকাৰ নাৰী পুৰুষ, সকলোৰে আছে যথাযথ জ্ঞান প্ৰাচুৰ্য্য, তথাপি নাৰী আজিৰ সমাজত অৱহেলিত। অত্যাচাৰ, ধৰ্ষণ,  এনেধৰণৰ অপৰাধ জনিত সমস্যাৰ পৰা সুৰক্ষা নহয় কিয়? প্ৰশ্ন হয় কোনে দিশে গৈছে আমাৰ যুৱ-নৱপ্ৰজন্মৰ ভবিষ্যত। 
         নাৰীৰ হৃদয়খন কোমল অন্তৰৰ হোৱা হেতুকে পুৰুষ সকলক বশ কৰিব পাৰে সেয়ে অনুভৱ শক্তিত সদায় নাৰী এখোজ আগত।
         সেয়েহে ক'ব পাৰি নাৰী তুমি অন্যান্য, অপৰূপা, মোহময়ী, কল্পনা বিলাসী আৰু চলনাময়ী ইত্যাদি ইত্যাদি। আমি যদি শক্তি অপচয় কৰি কাম কৰোঁ কিন্তু সেই নাৰীয়ে  হাঁহিৰে বহু ডাঙৰ কাম পলকতে সমাধান কৰিব পাৰে। এই নাৰীয়ে অসুৰ আৰু দেৱতাৰ মাজত খলকনি তুলাই নহয়; দেৱ-দেৱী, মহা-মহা যোগী সকলকো কামনা বাসনাৰে দমন কৰি ৰখা মহা প্ৰভু শিৱকো এসময়ত উলংগ কৰিছিল, য'ত কালিকা পুৰাণত উল্লেখিত আছে। গতিকে নাৰী ইমান সাধাৰণ নহয়। কিন্তু বৰ্তমান সময়ত নাৰী অবহেলিত হয় কিয়? আপোনাৰ জানো মনত প্ৰশ্ন নহয়? আমি সকলোৱে নাৰীক শ্ৰদ্ধাৰ কৰোঁ আহঁকচোন, তেতিয়া হয়তো সমাজৰ পৰা এই অবহেলিত শক্তিবোৰ ক্ৰমে ম্লান পৰিব।
✍️চিন্ময় ডেকা, টংলা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)