তোমাৰ কবিতাৰ ভাষা
ৰাতিৰ তৰাৰ দৰে জিলিকি থাকে
তোমাৰ শব্দৰ ছন্দ
সাঁচতীয়া আদৰবোৰৰ মাজত
তোমাৰ শব্দৰ সুৰ নিগৰি আহে
ইমানবোৰ শব্দৰ সুৰ
বুকুৰ মাজেৰে বৈ থাকে
নিজৰা হৈ
সিঁচৰিত যেনি-তেনি
তোমাৰ কবিতাৰ ছন্দই
উপচি আছে চৌদিশ মোৰ
তোমাৰ কবিতাৰ পংক্তিবোৰ
জিৰাই থাকে হৃদয়ত
গোপনে গোপনে
এদিন ফুলিব সেউজীয়া
আৱৰণ খুলি
এপাহি ৰক্তজবা হৈ
ময়ো বিচাৰি ফুৰিছোঁ
সঁচা এখন হৃদয়
প্ৰাপ্তিৰে নহয়
প্ৰাপ্তিৰ আকাংক্ষাতো নহয়
নিপিড়িত-আৰ্তজনলৈ
সেৱাৰ সুৰ
মোৰ হৃদয় মই ভাঙি যাবলৈ নিদিওঁ
ববলৈ নিদিওঁ দুখৰ নিজৰা
বোজাবোৰ হেলাৰঙে পাৰ কৰা
মোৰ জন্মদাত্ৰী আইৰ দৰে
তোমাৰ কবিতাই শিকাই
কেনেকৈ কৰিব লাগে
ধাৰ পৰিশোধ
তোমাৰ কবিতাৰ শব্দই
কেতিয়াবা
উচুপি উচুপি নিশাৰ বুকুত
অযুত সপোন ৰচে
ৰাতিৰ নদীৰ পাৰত
কোনোবা প্ৰেমিকে
নিসংগতা আঁতৰাই
আপোন মনে বাঁহীৰ সুৰত
এটি এটি ক্ষণ পাৰ কৰাৰ দৰে
ময়ো বিচাৰোঁ এক নিৰ্জনতা
য'ত মই আৰু তোমাৰ কবিতাৰ ছন্দৰে ৰচিব পাৰোঁ
মৰুপ্ৰান্তত
এটি জীৱন সুৰীয়া গান।
✍️নিভা লয়িং
পাণবজাৰ,গুৱাহাটী
সুন্দৰ হৈছে
ReplyDelete