আছোঁ যে ৰৈ নিৰন্তৰে
বিষবাস্প, তিক্ততাৰে পৰিপূৰ্ণ
বিস্মৃত অতীতক কৱৰ দি
লুইতৰ ঢৌৰ কোলাহলত
জনশূণ্য ৰাজপথত
সকলোতে তাইৰ সন্ধানত
অপেক্ষাৰত মই
মোৰ কবিতাৰ ছন্দ তাই
মোৰ কাব্যৰ চমক তাই
হুমঃ চিদাঙ্গ আৰকা তাইৰ
স্নৈগ্ধ্য হাতৰ পৰশত সাতুঁৰিবলৈ
সন্তৰণবিদ্ মই
তাইৰ মৰম সাগৰৰ
বসন্তৰ মলয়াজাক হৈ
উভতাৰ অপেক্ষাত মই
চন্দনৰ সুগন্ধি লৈ
ধীৰ বতাহজাক হৈ
উভতিব তাই
ৰোমন্থন কলেজৰ দুৱাৰদলি
প্ৰত্যক্ষদৰ্শী কৃষ্ণচূড়া
লিটিকাই বৰষুণজাক
ঠেওকালি সৌৰকৰ
ব্যাপৃত ৰাজপথ
সদৌটিয়ে ৰিঙিয়াইছে তাইক
উভতিব নে তাই ?
নাই
নিশ্চিত নহয়
বাৰু...
আজিও তাইৰ অপেক্ষাত
আছোঁ যে ৰৈ নিৰন্তৰে।
✍️আস্কৰ আলী
পাঁচমাইল,তেজপুৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ