ধাৰাবাহিক উপন্যাস সূৰ্যোদয়-২৫ | ৰাজেন দাস

(১) 
চোনা, 
কোৱা সোণ
কিবা ক'বা? 
অ'
কৈ যোৱা-
অ-
তুমি মোক কিয় লাইফপাৰ্টনাৰ কৰিলা? 
কিয় তোমাৰ কিবা সমস্যা?
না
না
তেন্তে? 
নহয়.. 
নহয় মানে..
মানে.. 
মানে.. 
কি মানে 
মানে কৈ আছা!
কোৱা।
শুনা- 
মোৰ দৰে ছালছিগা এটাক কিয় পছন্দ কৰিলা? 
পিছলৈ কেনেকৈ খোৱাব-পিন্ধাব বুলি চিন্তা হোৱা নাই?
কিয় হ'ব!
তুমিও কি এইদৰে থাকিবা? 
লোকৰ ছোৱালী এজনী আনি নোখোৱালে কেনেকৈ হ'ব
কি মাটি-পানী খুৱাই ৰাখিবা বুলি প্লেন কৰিছা? 
চোৱা, চোনা-
কি?
হেই শুনা কথালৈ চোৱা, মনেৰে চোৱা বুজিবলৈ-
আমাৰ এসাজ খালে এসাজলৈ চিন্তা
তাতে আকৌ ছমাহ-বছৰেক নাটে? 
চোৱা সোণ-
নাৰীৰ শক্তি অপাৰ।
যিমানেই ধন ঐশ্বৰ্য্য দিয়া সুখী নহয়
হাৰি যাবা
কিন্তু মই তেনে নাৰীৰ শাৰীৰ নহয়।
মোক লাগে তোমাক।
মই কি সুদৰ্শন পুৰুষ!
সুদৰ্শন নহয়,
মনটো সুন্দৰ।
ভৱিষ্যতে কিবা যে কৰিবা মোৰ এশ শতাংশ বিশ্বাস লগতে ভগৱানৰ আৰ্শীবাদ সদায় থাকিব। সদায় সৎ থাকা। কষ্ট কৰিলে ফল পাবা। এইবাৰে নেটৰ বাবে বহু কষ্ট হৈছে। তুমি নিশ্চয়ই ভাল ফল পাবা। "অন্ততঃ বিফলতাৰ চকুপানী বন্ধ হৈ পৰেইবা"। 
'দেখিলেহে লেখিম দিয়া। অলপতে ইউজিচিৰ অফিচিয়েল ৱেবচাইটত আপলোড দিবই। ছ'ছিয়েল মেডিয়াত হুলস্থূল লাগি যাব। জীৱনৰ অন্য এখন যুদ্ধও আৰম্ভ। 

(২) 
মোৰ কোঠাৰ ভাড়া সাতশ টকা। ক'ৰনাত টিউশ্যন, কে.কে.এইচৰ ক্লাচবোৰ বন্ধ হৈ গৈছে। পইচা ওলোৱা ৰাষ্টা বন্ধ। বৰতাৰ দোকানত বাকী। ভাড়া পইচা দিব পৰা নাই। ঘৰৰ পৰাও বিচাৰিব নোৱাৰোঁ। নোখোৱাকৈ কেনেকৈ থাকোঁ। হে প্ৰভূ মোৰ যে কি দিন-কাল চাপিল! পইচা দিব পৰা নাই বাবে এষাৰ-দুষাৰ টানকৈও শুনিবলৈ পাওঁ। 
"পইচা দিবি আকৌ। তিনিমাহেই হ'ল। আমাৰ ঘৰত চাকৰি-বাকৰি নাই নহয়। বিতু দাদাৰ গাড়ীও বন্ধ"। 
ববৌ। মোৰ অলপ অসুবিধা হৈছে। পইচা দিমেই। জীৱনত কাকো অন্যায় কৰি, ঠগ-বাজি কৰি পোৱা নাই, সৰুৰ পৰা মা-দেউতাই ন্যায় শিকাই আহিছে। চিন্তা নকৰিব। অলপ বুজিবলৈ যত্ন কৰক। 
এনেকৈ কৈ থাকোঁ। বতৰটো গোমা হৈ আহিছে। চাৰিওফালে অন্ধকাৰ। শলিতাচাকি জ্বলাবলৈকো কেৰাচিন নাই। ববৌৰ পৰা অলপ লৈ ল'লোঁ। চাকিটো বতাহত পতকৈ নুনুমাই।কাৰেন্টো নায়েই। ডবাপিটা বৰষুণ। নেৰাপতাইয়েদি বৰষুণ হৰহৰাই পৰিছে। বতাহৰ ভয় লগা হো-হো-ৱনী। বাল্টি দুটামান দিছোঁ। নাই নাই নহ'ব। দুবাৰ তিনিবাৰ জনাইছোঁ। বৰষুণ পৰা কথাটো কাণষাৰ নাই। বাল্টিত পানী ভৰি গৈছে। পেলাই গৈছোঁ।নহ'লে ৰুমলৈ বিয়পিছে। কিতাপ-পত্ৰ কাপোৰ-কানি সোপাকে নষ্ট কৰিব। পানী পেলাই আছোঁ। পেলাই আছোঁ। হাঁহিম নে কান্দিম লাগি গৈছে। ঘৰতো পানী পৰে। ইমান কৈ নহয়। 
আমি বানাক্ৰান্ত লোক। মাছমৰীয়াৰ ল'ৰা। মই ভাবিলোঁ কিমান বৰষুণ দিয়ে দি থাকক। মইয়ো হাৰি নেযাওঁ।জীৱনতো কেতিয়াও হাৰিব খোজা নাই বাবে আজিৰ এই অৱস্থা। একো নাই। জীৱনৰ প্ৰতি খোজ যুদ্ধই চোন। প্ৰৱল শক্তিৰে মহতিয়াই গতিপথ নিৰ্মাণ কৰিবই লাগিব। 
"হাতত চৰিয়া লৈ পানী টুকি থাকিব  লাগিব, মা-জনী ঐ ,আমাৰ নো পানী পৰা ঘৰ...। 
গানটোকে ফোনত লগাই পানী বাল্টিয়ে বাল্টিয়ে খিৰিকীয়েদি পেলাইছোঁ।দৰ্জাইদি পেলাইছোঁ। এসময়ত বিজুলি-ঢেৰেকনিৰে গুজৰি-গুমৰি অহা বতৰটো স্তব্ধ হ'ল। মোৰ বিৰাট ভাগৰ লাগিল। লাহেকৈ টোপনিত ঢলি  পৰিলোঁ।

(৩) 
হাতত নাই কণটো বৰসবাহলৈ মনটো! কথাষাৰ মনলৈ আহে। কোনোৱে ফিচিঙা ফিচিং কৰে। মই নিৰৱ। মোৰ বাবেই ক'ৰবাত তেনে হ'ল নেকি? শীতল যুদ্ধ নিৰৱেই ভাল। বিজ্ঞান পঢ়িবলৈ মন মেলিছিলোঁ। প্ৰথম বিভাগ লেটাৰ বিজ্ঞান। মানুহে মা-দেউতাক ভয় খুৱালে। বহু টকা-পইচা লাগিব। এনে কিছু মানুহ আছে। যি আনৰ ভাল দেখিব নোৱাৰে। ভাল দেখালেও পেটে পেটে ৰং নাপায়। অথচ নিজেও কৰিব নোৱাৰে।আনকো উৎসাহ-উদ্দীপনা নিদিয়ে।ঘৰৰ,সমাজৰ কথা আনক লগাব।আৰ কথা তাক ক'ব। তাৰ কথা তাক ক'ব। সেই শ্ৰেণীৰ কাম সেইয়াই নেকি? 
"সমাজখন আগুৱাই নিবলৈ সৰ্বাঙ্গীন উন্নতি কামনা কৰাত আমাৰ কি লোকচান? মিচিং নাট্যকাৰ আৰু অভিনেতা বানুৰাম বৰতাৰ কথাখিনি চিন্তনীয়। কুৰি ঘৰৰ ওচৰত নাটক লিখিছে। বহু বাৰ্তা দি আহিছে। বোকোৰা মিচিং দলৰ ৰংগমঞ্চত মঞ্চায়ন হৈ অহা তেওঁৰ নাটকে ৰস, চিন্তা,চেতনা,সাহস বিশেষতঃ মিচিংসকলৰ সামাজিক সাংস্কৃতিক জীৱনৰ বহু বাস্তৱ দিশ তেওঁ সংযোগ কৰিবলৈ যত্ন কৰি আহিছে। অদূৰ ভৱিষ্যতে নাটখিনিৰ মূল্যাংকন কোনোবাই কৰিব। বহু তথ্য পোহৰলৈ আহিব। যি কি নহওঁক ন নাট্যকাৰলৈ অলেখ শুভেচ্ছা আৰু সুস্বাস্থ্য কামনাৰে...। 
বিজ্ঞান পঢ়া সপোন তচনচ হৈ গ'ল। কলা শাখাই জীৱনৰ সাৰথি।পঢ়োচোন 'ক'ৰপানী ক'লৈ যায়'। পঢ়া-শুনা চলি গৈ থাকিল। নতুন সপোনৰ ৰোষত বিজ্ঞান পঢ়া সপোন তল পৰিল। মনে মনে ভাবো কিছু কথা।যি হয় ভাললেই হয় বোধহয়!নানান কথাৰ মাজৰে আৰু এষাৰ কথাই জুমুৰি দিয়েহি। সেই যে কয় নহয়-
"লাগনি নহ'লে জুই নজ্বলে, টুটকীয়া নহ'লে গাঁও নবহে"। 

(ক্ৰমশঃ)

✍️ৰাজেন দাস

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send