ছেই! অ' ছেই! মহামাৰী
জন মানস পতনকাৰী;
বিদেশত জনম লৈ
আমাক কিয় গ্ৰাসিছ ঐ??
কৰি নিজক মৰণ পণ
নাকাঢ়ি চাউল আয়ুসৰ
ধাৱিত হ নৰকত
বিহ্ খাই মেডিচিনৰ।
হেজাৰ-বিজাৰ বেমাৰী
তাৰ মাজত বানৰ ধ্বনি;
কেনেকৈ বৰ্তিব গণে
দুই দুৰ্যোগত তেনে?
আধিকৰ আত্মহত্যা
সাহসৰ বিদায় বিয়া;
বিপুল আছে পৰিবাৰ
নাই আশ্ৰয়ৰ পৰিত্ৰাণ।
নাই বণিকৰ দুখীয়া
ব্যৱসায়ৰ আইডিয়া;
লুটিছে খাই তোতেই টান
পুতিছ তোৰ পেটত প্ৰাণ।
উপাধি যে কৰ'ণা
নিচ অত দুনীয়া;
এইবাৰ সমাধি তোৰ
চাবোনী হাতত মোৰ।
নাথাকে কাতৰ ৰোগী
উভতিব মেদিনী;
দেখুৱাম বাপ্পেকে
কলিজাখন লগাই শীঘ্ৰে।
আহ্ ঐ আহ্ ওলাই আহ্
সাৱধানী চব জোৱান
একেলগে মাৰোঁ বান্ধি
ছেই! ছেই! মহামাৰী।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ