প্ৰতিটো ছেকেণ্ড , প্ৰতিটো মিনিট…………
বহু দামী কাপোৰেৰে
কিন্তু তৎস্বত্বেও
মোক এটা টি-চাৰ্ট লাগিছিল
মোৰ মনৰ তোৰণ ঢাকিবলৈ ৷
যদি আজিয়ে ঢাকিব নোৱাৰো
তেন্তে শেষ কৰি পেলাব
সমাজত বিয়পি পৰা বিষাক্ত মাখিবোৰে ৷
সেইবাবে মোক এটা টি-চাৰ্ট লাগিছিল ৷
মই গলিব নোখোজােঁ
নঙঠা মম(সূতা নথকা)ৰ এন্ধাৰ পোহৰত
মই হেৰাই যাব নোখোজোঁ
বজাৰৰ বহু দামী গলিত
মই হেৰাবলৈও নিদিওঁ
সাহিত্য-সংস্কৃতিৰ মৌচাকখনি ৷
সেই বাবে মোক এটা টি-চাৰ্ট লাগিছিল ৷
মই ঢাকি থ'ব খোজো
মোৰ মনৰ তোৰণেৰে অহা
সৰু-ডাঙৰ অভিপ্ৰায় আৰু সমীক্ষাবোৰক ৷
সেই বাবে মোক এটা টি-চাৰ্ট লাগিছিল ৷
✍🏻ধনঞ্জয় ৰায় , ধুবুৰী ৷