স্মাৰ্টফোনৰ ব্যৱহাৰ- মানস প্ৰতীম মালী

©Admin
0
মোবাইল ফোন ব্যৱহাৰ কৰাটো বেয়া নেকি ?
মোবাইল ফোনে ল'ৰা ছোৱালীৰ জীৱন ধ্বংস কৰে নেকি ?
বহু মানুহৰ মুখত শুনিব পোৱা যায়। " মোবাইল ফোনৰ বাবে ল'ৰাজন ধ্বংস হ'ল ,মাক দেউতাকে মোবাইল ফোন ক্ৰয় কৰি নিদিয়া বাবে ল'ৰাজনে আত্মহত্যা কৰিলে "।বহুতৰে বাবে হেনো ল'ৰা ছোৱালীয়ে মোবাইল ফোন ব্যৱহাৰ কৰাটো বেয়া ! 
        বস্তু এটাৰ ভাল গুণ থাকিলে তাৰ বেয়া গুণো নিশ্চয় থাকিব ।সকলো বস্তুৱেই অধিক ব্যৱহাৰ কৰাটো বেয়া।
বস্তু এটাৰ বেয়া গুণৰ তুলনাত ভাল গুণ বহুত বেছি থাকে। বেয়াখিনিক আঁতৰাই ভালখিনি আকোঁৱালি লব পাৰিব লাগিব । 
       স্মাৰ্টফোন , ইন্টাৰনেটে সকলোৰে জীৱন বহু ক্ষেত্ৰতেই সহজ কৰি পেলাইছে । আজিকালি প্ৰায় সকলো মানুহৰ হাততেই স্মাৰ্টফোন থাকে।
কিন্তু সকলো মানুহ স্মাৰ্টফোন ব্যৱহাৰ কৰি বেয়া হোৱা নাই । 
         " স্মাৰ্টফোন ব্যৱহাৰ কৰাৰ আগতে নিজে স্মাৰ্ট হ'ব লাগিব। " কোনটো কাম কৰা ভাল কোনটো বেয়া সেইটো নিজেই বিচাৰ কৰিব জানিব লাগিব। গোটেই দিনটো স্মাৰ্ট ফোনত খেল(game) খেলাৰ পৰিৱৰ্তে আৰু বহু ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি। 
কোনটো ভাল কোনটো বেয়া বিচাৰ কৰি সেইমতে স্মাৰ্টফোন ব্যৱহাৰ কৰি গ'লে জীৱনটোও এদিন সুন্দৰ হৈ পৰিব।
          " সঠিক মাত্ৰাত  স্মাৰ্টফোন ব্যৱহাৰ কৰা কোনো মানুহ কেতিয়াও বেয়া নহয় , সঠিক মাত্ৰাত স্মাৰ্টফোন ব্যৱহাৰ কৰিলে কোনো ল'ৰা ছোৱালী ধ্বংস নহয়।" স্মাৰ্টফোনটোকেই জীৱনৰ সংগী বুলি ভাবি মাত্ৰ স্মাৰ্টফোন ব্যৱহাৰ কৰি গৈ থাকিলে  নিজই এদিন অকলশৰীয়া হৈ পৰিব । 
স্মাৰ্টফোনে কিন্তু  হৃদয়ৰ ভাষা বুজি নাপায় , স্মাৰ্টফোনে কোনো সুখ বা দুখ অনুভৱ কৰিব নোৱাৰে।
যিদিনা জীৱনটো অন্ধকাৰ হৈ পৰিব সিদিনা কিন্তু তোমাক স্মাৰ্টফোনে সাহস দিব নোৱাৰে । স্মাৰ্টফোনে ধ্বংসৰ পথৰপৰা তোমাক উভতাই আনিব নোৱাৰে ।
         অনলাইন ক্লাছৰ বাবে বহু ল'ৰা ছোৱালীয়ে স্মাৰ্টফোন ব্যৱহাৰ কৰিছিল। কিন্তু অনলাইন ক্লাছৰ শেষ হোৱাৰ পাছত যাতে স্মাৰ্টফোন ব্যৱহাৰ নকৰে তাৰ প্ৰতি অভিভাৱক সকলে গুৰুত্ব দিব লাগে। এনেকৈয়ে সৰুৰেপৰা অকলশৰে স্মাৰ্ট ফোনটোৰ লগতেই ব্যস্ত থাকিলে এদিন নহয় এদিন আপোনাৰ ল'ৰা বা ছোৱালীয়ে অকলশৰীয়া অনুভৱ কৰিব।গতিকে অভিভাৱক সকলে ল'ৰা ছোৱালীক যিমান পাৰে সিমানেই সময় দিব লাগে।স্মাৰ্ট ফোনৰ পৰা আঁতৰাই নিজৰ ল'ৰা ছোৱালীক সাধুকথা ,গল্প , কবিতা আদি অন্যান্য কিতাপ পঢ়াৰ ক্ষেত্ৰটো গঢ় দিব পাৰে।
সদায় সঠিক মাত্ৰাত স্মাৰ্টফোন ব্যৱহাৰ কৰাৰ লগতে নিজৰ কাম সময়মতে কৰি গ'লে জীৱনটোও এদিন সুন্দৰ হৈ পৰিব ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)