মায়াবিনী অৱনী - কল্পনা বৰা

Aditi Tanti
0
কোনেনো সৰজিলে তোমাক ধৰণী 
           তোমাৰ প্ৰেমত আমি অভিভূত,
কি সাজেৰেনো কৰিলা শুৱনি
             তোমাৰ ৰূপ চাই হওঁ মোহিত...।

নীল আকাশত উৰি উৰি যায়
              জাকে,জাকে নানাৰঙী চৰাই...., 
মোৰো মন যায় উৰি যাবলৈ 
             সপোন ৰচিছিলো সৰুৰে পৰাই.....।

সোণালী বালি পাৰত লৈ আজি 
               বৈ যায় নাচনী জুৰি,
শৈৱালিনীৰ পাৰত শুকুলা কঁহুৱাই 
                বতাহৰ তালে তালে নাচে হালি-জালি....।

আঘোণ মাহত সেউজী পথাৰ
                শইচেৰে হয় নদন- বদন...,
তোমাৰ ৰূপ চাই হেঁপাহ নপলাই...
                 তাকে ভাবি হৈ পৰো মগন...।

তগৰ , নাৰ্জী, বকুলৰ কুঞ্জই 
                সমীৰ কৰে আমোল -মোল...,
ভাবি ভাবি মই পৰিধি নাপাওঁ
                 কৰি নিয়ে মোক ভোল......।

শৈলৰ পৰা প্ৰস্তৰৰ বুকুৱেদি        
             বৈ আহে ফেনিল স্ৰোত ধাৰা...,
অৰুণৰ কিৰণে উজলায় তোলেহি ...
              ৰূপময়ী এই সুন্দৰ বসুধা......।

অৰ্ণৱৰ হিল্লোলে প্ৰতি ক্ষণতে 
               মন মোৰ কৰে অশান্ত,
তোমাকে চাই তৃষ্ণা নুগুচে 
               কিদৰেনো কৰিলা চক্ৰান্ত...?

মেদিনী আজি সজাই তোলে
                সেউজবুলীয়া বিটপী বোৰে.....,
তোমালৈ মোৰ সঁচা চেনেহ
                আছে প্ৰতি খোজে খোজে...।

কি খোৱাইনো সেউজী ধৰণী
                 মোহিলা মোৰ মন,
তোমাতে ভাৱি সীমা নাপাওঁ
                এৰিলো মই বন...।

পুৱাৰ ভানুৰ ৰক্ত কিৰণে 
               দি যায় মোক এটি আশাৰ বতৰা.....,
কৰি যোৱা,কৰি যোৱা চিৰকাল আশীৰ্বাদ
               মই যে তোমাৰে দুহিতা....।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)