আলিংগন- বিটুমনি কোঁছ

 শাওনৰ গভীৰ সজোৰ চুম্বন
গুৰি গুৰি হৈ স্থিতিহীন হোৱাৰ
দুৰ্বাৰ বাসনা,,,,,,,।

নিষ্পেষিত হোৱাৰ বাসনাত
সংগমস্থানত সুৱাসিত নিশ্বাসৰ
উম অনুভূতি,,,,,,,,।

পাহাৰৰ উঠা-নমা দেহ ভংগীমাত
শৰীৰ-মন ব্ৰহ্মানন্দৰ অনুভৱ
সান্নিধ্যৰ তৃপ্তি,,,,,,,,।

সৌন্দৰ্য পৰিৱৰ্তনৰ সংজ্ঞাৰে
অম্লপিত্তত ভুগি প্ৰেমৰ অঞ্জলিয়ে
গৰিমা হেৰুৱাই,,,,,,।

দ্বিধাগস্থ মন প্ৰশান্তিৰে ভৰি
নীচাত্মিকাবোধৰ মাজত
ভুগিব লাগিছে,,,,,,,,,।

আত্মাই গ্ৰহণ কৰে স্নেহ স্পৰ্শৰ অমৃত
সংগমহীন প্ৰেমৰ জোৱাৰত
বিবসনা প্ৰকৃতি,,,,,,।

প্ৰেম কাতৰ মুখৰ অধীৰ অন্বেষন
কোমল ৰ'দত হাঁহি থকা পৃথিৱী
  মেঘৰ আলিংগন।

     

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send