জীৱনৰ অন্য নাম সংগ্রাম(খণ্ড নং-২২)~পূৰ্ণিমা বৰঠাকুৰ বেজবৰা

©Admin
2
কংকীৰ অচেতন অৱস্থাতেই মৃত গিৰিয়েক (  বসন্ত চৌধুৰীৰ  ) ৰ কামকাজবোৰ হৈ গ’ল ৷ পুত্ৰ  বসন্তৰ মৃত্যুৰ বাবে অনিৰ্বাণ চৌধুৰীয়ে কংকীকে জগৰীয়া কৰিব বিচাৰিলে ৷ কিয়নো কংকীয়ে যদি দিল্লীৰ পৰা লক্ষীমপুৰৰ ঘৰলৈ এনেকৈ নাহিল হেতেন তেতিয়া হ’লে বসন্তই এনেদৰে মৃত্যু বৰণ কৰিব লগা নহ’লহেঁতেন ! তাত ততাতৈয়াকৈ উন্নত চিকিৎসা কৰাব পৰা গ’লহেঁতেন ....৷ সেয়েহে তেওঁ বোৱাৰীয়েক কংকীৰ ওপৰত নিজৰ গিৰিয়েকক হত্যাৰ আৰোপ লগাই কেচ্ দিয়াৰ কথা ভাৱি ডাক্তৰৰ পৰা মৃত পুত্ৰৰ চিকিৎসাৰ  ৰিপৰ্টবোৰ বিচাৰিলে ৷ 
‌    ডাক্তৰ নিলকমলে চৌধুৰীক বুজালে ---  এইটো ভুল আপুনি নকৰিব ৷ জন্ম মৃত্যু বিবাহ এইয়া কাৰো হাতৰ মুঠিত নাথাকে ৷ কংকীয়ে নিজৰ স্বামীক কিয় হত্যা কৰিব ! তাতে তেওঁ এতিয়া বসন্তৰ সন্তানৰ মাতৃ ৷ বসন্তক সময়মতে আপোনালোকে যথোচিত চিকিৎসা কৰোৱা হ’লে কংকীৰ জীৱনটো অকালতে মৰহি নগ’ল হেতেন ...৷ আচলতে আপোনালোকেহে কংকীৰ ওচৰত দোষী  !  কেচ্ কৰিব গ’লে আপোনালোকৰ হে শাস্তি হোৱাৰ সম্ভাৱনা বেছি ৷ সেয়ে মোৰ কথা শুনক আপুনি কেচ্ দিয়াৰ কথা পৰিহাৰ কৰি নিজৰ পো বোৱাৰীৰ যত্ন লওক ৷ আপোনাৰ নাতি যিহেতু এতিয়াও বহুত সৰু ৷ আনহাতে তাৰ মাক মানে আপোনাৰ বোৱাৰী কংকীৰো চেতন অৱস্থা নাই , ইফালে কংকীহঁতৰ ঘৰতো এনে কোনো মানুহ নাই যে আপোনাৰ নাতি ল’ৰাৰ যত্ন ল’ব পাৰিব ! নলিনীয়ে নো কোনফালে খবৰ ৰাখিব ! চাৰিটাকৈ ভায়েক ভনীয়েকৰ পঢ়া শুনাৰ দায়িত্ব , ঘৰ চলোৱাৰ দায়িত্ব .... বৰমাকৰ চোৱাচিতাৰ দায়িত্ব , তাতে আকৌ এতিয়া কংকীৰো এই অৱস্থা ৷ ঘৰখনৰ উপাৰ্জনৰ ব্যক্তিও নলিনীয়েই ৷ শুনিবলৈ পাইছোঁ জীৱন বৰুৱাৰ বেংকত বহুত লোনৰ ধাৰ আছে ৷ বিনিময়ত ঘৰে মাটিয়ে সকলো বেংকে জব্দ কৰি ল’ব ৷ ভাগ্যে নলিনীয়ে চৰকাৰী ঘৰতো লাভ কৰিলে , নহ’লে যে কি গতি হ’ল হেতেন সিহঁতৰ .....৷ আপোনাৰ দৰে জনাশুনা ব্যক্তি এজনক মইনো আৰু কি বুজাম ৷ ইমানখিনি কোৱাৰ পিছত কি কৰিলে ভাল হ’ব নিজে ভাৱি চাব ৷ কিন্তু এটা কথা মিছা অপবাদত কেচ্ কৰিবৰ বাবে আমি চিকিৎসাৰ ৰিপৰ্ট দিব নোৱাৰিম , মোক ক্ষমা কৰিব ৷বহু সময়একেৰাহে দীঘলীয়া লেকচাৰ দিয়াৰ পিছত ডাক্তৰ নিলকমলে চৌধুৰীৰ মুখলৈ চাই খন্তেক ৰ’ল ....
‌      চৌধুৰীয়ে কিছুসময় তভকমাৰি কিবা ভাৱিলে তাৰ পিছত ডাক্তৰলৈ চাই ক’লে তুমি ঠিকেই কৈছা ৷ মোৰ ভুল হৈছিল ৷ আচলতে মই মোৰ মানবীয়তা পাহৰি বৰ স্বাৰ্থপৰ হৈ পৰিছিলোঁ ৷ মোৰ ভুলৰ প্ৰায়শ্চিত্ত মই নিজেই কৰিম ৷ কংকীৰ ভালদৰে চোৱাচিতা কৰা ৷ টকাৰ বাবে কোনো চিন্তা নকৰিবা ৷ মোৰ অজস্ৰ টকা আছে ৷ বোৱাৰীজনী সোনকালেই ভাল হৈ উঠক ৷ মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিম ৷ তোমাৰ মোৰ মাজত হোৱাএইবোৰ কথা যেন কোনেও গম নাপায় ৷ মোৰ প্ৰয়োজন হ’লে খবৰ দিবা ৷ এতিয়া মই যাওঁ ৷ চৌধুৰী গ’ল গৈ ৷ চৌধুৰী যোৱাৰ ফালে চাই চাই ডাক্তৰ নিলকমলে ভাৱিলে ঈশ্বৰে সকলোকে বিচাৰ কৰে ....( আগলৈ )


পূৰ্ণিমা বৰঠাকুৰ বেজবৰা
নগাওঁ ৷

Post a Comment

2Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. মনোৰমা দাস আমেৰিকা যুক্তৰাষ্ট্ৰ ‌‌।

    ReplyDelete
  2. মনোৰমা দাস আমেৰিকা যুক্তৰাষ্ট্ৰ

    ReplyDelete
Post a Comment