ধাৰাবাহিক উপন্যাস সূৰ্যোদয়-২৪- ৰাজেন দাস

Aditi Tanti
0
 (১) 
নেট পৰীক্ষা দি ৰৈ আছোঁ। ফল আহিব আহিব কৰি। নিদিষ্ট সময়তহে দিব। 
"লোআ, ৰিজাল্ট কেতিয়া দিব? 
" ৰ, চোন দিব আৰু"
মা ই চিন্তা কৰি আছে। বাৰে বাৰে দি আছে। কিবা এটা হওঁকচোন। বাপেকটোৱেও বৰ দুখেৰে চিন্তা কৰে। গাঁৱৰ মানুহেও। কাৰণ সৰুৰে পৰা কমখন কষ্ট কৰি থকা নাই। 

"লগৰবোৰে ৰাতিপুৱাই কিতাপ পঢ়ে,আমাৰ সি লোকৰ ঘৰে ঘৰে মাছ বেচিবলৈ যায়। খোজকাঢ়ি খোজকাঢ়ি জাইলাচুটি গৈছে। বৰ দুখ লাগে। তথাপি আকৌ শ্ৰেণীত প্ৰথমেই আহে। আকৌ টিউশ্যন এটা দিয়াই নেপালে।নিজৰ মগজুৰে যি কণ কৰিছে আৰু। তাতে মানুহ সৰহ। মাক-বাপেকে বৰ কষ্টকৈ পঢ়াইছে-শুনাইছে। "

দেওবৰী আইৰ মাত। লাহিপাহি আইতাই কোমলকৈ কয়। মিহিলৈ ভাৱ এৰে। স্পষ্টকৈ কয়। দেউতাৰ সম্বন্ধীয় পেহী। মই আইতাৰ ঘৰতো বহুবাৰ মাছ বেচিছোঁ। সৰুৰে পৰা লাজ নাইকিয়া। কাম কৰি খোৱাত বা কিহৰ লাজ।
 
  (২) 
এনটিএ নেট কনডাক্ট কৰিছে। ৰিজাল্ট দিব আৰু। দুগুণ ভয়। নে সকলো সপোন পূর্ণ। নে দৰ্পচূৰ্ণ। অসমীয়া মেজৰ লৈ পঢ়ি আহিছো। তাৰ আগতে এডভান্স আছামিজ লৈ এই বিষয়লৈ আহিবলৈ সুবিধা পালোঁ। ইংৰাজী, অংকলৈ ভয়। পিচে এই খিনিয়ে দেখোন লগেই নেৰে। ইংৰাজী, অংক নাজানিলে বহু অসুবিধা হৈ যাব। বিভিন্ন ৰাষ্ট্ৰৰ জাতীয় সাহিত্য কেনেকৈ জানিম। অংক নাজানিলে সৰুকৈ ব্যৱসায় এটাকে কেনেকৈ কৰিম। বজাৰ-হাট বেজালৈ চম্ভালিম। 
অসমীয়া মেজৰ লৈ আহি মাষ্টাৰ ডিগ্ৰী কৰিলোঁ। আৰম্ভ হ'ল নেট/জেআৰএফৰ কাহিনী। কলেজত চাকৰি পাবলৈ নেট পাছ কৰিব লাগে। ইয়াৰ চাৰ্টিফিকেট খন লাইফটাইম ভেলিডিটি হয়। জেআৰএফ পালে এমফিল, পিএইচডি কৰিবলৈ চৰকাৰে পইচা দিয়ে। পাঁচ বছৰ। মোক সেইটোকে লাগে। কিমান যে নেট/জেআৰএফ হৌল্ডাৰৰ ইন্টাৰভিউ চাঁও। মোৰ দৰে বাৰে বাৰে ফেইল কৰি থকাও ক'ৰবাত পাই যাঁও। তেতিয়া ভাবো মোৰ দৰে আৰু নেট পাচ নকৰা আছে। আকৌ যুদ্ধ আৰম্ভ হয়। শীতল যুদ্ধ। মনোজগতে শীতল যুদ্ধ। মই অসমীয়া খনক বেছি গুৰুত্ব দি চাইছোঁ। ইংৰাজী খনত নম্বৰ কমে। ইংৰাজী খনত দিলে অসমীয়া খনত নম্বৰ নাহে। পুৰণি কাটঅফো চাই থাকোঁ। লাষ্ট বিশবছৰৰ পুৰণি প্ৰশ্নোত্তৰ সমাধান কৰিলোঁ। মেজৰ খনৰ বাবে
সদায় ইউনিট উৱাইজ পঢ়িলোঁ। টান টান বিষয় খিনি ইন্টাৰনেট/টেস্কটবুক বা বিজ্ঞজনৰ পৰা সহায় লৈ আগবাঢ়িলোঁ। বহুবাৰ সত্যেন্দ্রনাথ শৰ্মাৰঃ"অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত"গ্ৰন্থ খন পঢ়িছোঁ। পিছতহে বুজি পালোঁ।
 কি বুজি পালা কোৱাচোন? 
তাৰ পৰা বহু প্ৰশ্ন আহে। টেস্কটবুক পঢ়িব লাগে। তাত সেই সেই তথ্যৰ ঐতিহাসিক ধাৰাৱাহিকতাখিনি ৰক্ষিত হয়। প্ৰত্ন অসমীয়া সময়, প্ৰাক বৈষ্ণৱ,বৈষ্ণৱ, শংকৰোত্তৰ, অৰুণোদয় যুগ, জোনাকী যুগ, আৱাহন যুগ এনেকৈ ভাগ ভাগ কৰি পঢ়িছোঁ। কুৱেচন পেটাৰ্ণ আৰু ফৰ্মত মন দিছোঁ।পৰ্যাপ্ত পৰিমাণে চন,তাৰিখ মনত ৰাখিব লগা হৈছিল।সেইয়া ভাষা-সাহিত্য-সংস্কৃতি,লোক-সংস্কৃতি,
তুলনামূলক সাহিত্য যিয়েই নহওঁক। বহুপৰ পঢ়ি দিওঁ। মুখখন বিষ হয়। ডিঙিত কিবা এক অনুভৱ হয়। মূৰবিষ হৈ শুই থাকোঁ। পঢ়াৰসময়খিনিত কাৰোৰে ফোন নধৰোঁ। মোক মাত্ৰ নেট/জেআৰএফ লাগে। কাৰোৰে মেচেজ ফোনৰ এই সময়ত দৰকাৰ নাই। নিজক আৰু কিমান ঠগিম। মা-দেউতাক কিমান কষ্ট দিম। প্ৰেয়সীক মিছা কথা পঢ়িছিলোঁ। কি হয় তেৰাই জানে। মোৰখিনি মই কৰিলোঁ। আৰু নোৱাৰোঁ। মুখ বুটি হৈ গৈছে। নিদিও আৰু। কোম্পানি চাকৰি কৰিবলৈ যাম। কেতিয়া যে অন্ত পৰিব। ।


   (৩) 
লাহে লাহে ক'ৰনা কমিছে।মাস্ক খুলিছে। এনেয়ো বিভিন্ন দুৰ্গন্ধৰ পৰা হাত সাৰিবলৈ মাস্ক মাৰিবই লাগে। চশমা পিন্ধাসকলৰ অলপ কষ্ট হয়। উপায় নাই স্বাস্থ্য টো ভালে ৰাখিব লাগিব। 
অসমীয়া, শিক্ষা ৰ সৈতে জড়িত মিছ গীতা ৰাণীৰ, জাতীয় প্ৰেমৰ সৈতে জড়িত বৰ্ডাৰ,গড্ডাৰ এক প্ৰেম কি কথা, ৰাজনীতি ৰ বিভিন্ন দিশ জড়িত নায়ক , সত্য আৰু ন্যায়ৰ দিশ থকা শক্তিমান চিৰিয়েল -হিন্দী, ইংৰাজী, মিছিং চিনেমা, টক চৌ,বিভিন্ন ব্যংগাত্মক ভিডিঅ' চাবলৈ এতিয়াহে সময় পাইছোঁ। আগতেও চাঁও। সৰহ অসমীয়া। ডিয়ুত চিনেমা চাবলৈ যোৱা মনত পৰে। দুবছৰত মাত্ৰ এদিনহে চাইছিলোঁ। মন প্ৰাণ ভাল নাথাকিলে গান, চিনেমাই ইয়াৰ ঔষধ স্বৰূপ। "বন্দুকৰ গুলিৰে কথা কোৱা মানুহে হৃদয়ৰ ভাষা কি বুজি পাব" কোনোবাখন চিনেমাৰ ডাইলগ। বিভিন্ন বা-বাতৰি, প্ৰশাসন দৰে গধূৰ দিশ, ব্যংগৰ দিশ ইত্যাদি বহুদিশ থকা উত্তৰ-পূবৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট।মই ৰুচি-অভিৰুচিখিনি কৈ যাব বিচাৰোঁ। শিকিবলৈ।দুখ ঢাকিবলৈ। আনকো দেখুওৱা লৈ। সকলো ভাল হওঁকচোন ।
 ইংৰাজী ইমপ্ৰুভ কৰিবলৈ "লভ থিপ"এন ইলিগেল ট্ৰেভেল টু ইণ্ডিয়া" চাব পাৰে। কেইবাবাৰো চাইছো।আন ভাষা আয়ত্ব কৰা ইজি নহয়। তথাপি একেবাৰে পৰ্বতত কুঠাৰ মৰাৰ দৰে টানো নহয়। কথাষাৰ মনলৈ আহে-
"টান কামত নকৰিবা ভয়। হাতীয়ে বোলে হয় হয়। "।
তদুপৰি ই গুৰু এপ ব্যৱহাৰ কৰিব পাৰি। 
"দৌন্ট গীভ আপ"
 ৰ দৰে থকা ইন্সপাইৰচনেল জেকমাৰ ভাষণ, গুৰুগোপাল দাস চাৰৰ বক্তব্য, বিভিন্ন দিশৰ চেলিব্ৰেটিয়ে আগবঢ়োৱা ইংৰাজী স্পিছ(চাবটাইটোল) বোৰ মোৰ প্ৰিয়। 
নেট দি আমনি লাগিছে। এতিয়া আকৌ ৰিজাল্ট পাবলৈ ৰৈ ৰৈ আমনি লাগিছে। বিনাই আছোঁ। ভাল ফল লাগে। বীনাকষ্টত নহয়। যথেষ্ট কষ্ট কৰিছোঁ। মনলৈ আহে নহয় আকৌ-

" ৰৈ ৰৈ কেতেকী বিনালে
অমাতৰ মাত... "



ক্ৰমশঃ


             

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)