পাপীৰ পাপ স্বীকাৰ-দেৱ দাস

©Admin
0
    কলেজত পঢ়ি থকা দিনৰ কথা। একেটা অঞ্চলৰে আমি  তিনিটা  চহৰৰ আমাৰ কলেজৰ পৰা কিছু দূৰৈত এটা বাঁহৰ কেঁচা ঘৰত মেচ কৰি আছিলো। আমি ঘৰৰ পৰা এসপ্তাহত একোটাই  চাউল, খৰি, শাক পাচলি আনকি মাছ পৰ্যন্ত  পাল পাতি আনিছিলো। আটাই কেইটা খেতিয়কৰ ল'ৰা। নগদ টকাৰ বাদে বিশেষ অভাৱ অনুভৱ নহৈছিল। হাৱাই ছেন্দেল পিন্ধি মেচৰ পৰা প্ৰায় দুই কিলোমিটাৰ পথ খোজকাঢ়িয়ে কলেজ কৰোঁ। ঘড়ী এটাও নাই। ঘৰৰ ছাঁ চোতালত চিন দি সময় নিৰ্দ্ধাৰণ কৰোঁ।
       মেচৰ গাতে লগা মালিকৰ ঘৰৰ কুৱাঁ , কেঁচা লেটিন আদি আমিও ব্যৱহাৰ কৰোঁ। কম দিনৰ ভিতৰতে মহা চালাক খগেন্দ্ৰ নাথ মালিকৰ আটাইতকৈ বিশ্বাসী অনুচৰ হৈ পৰিল। সি মালিকৰ ঘৰৰ দোকান কৰা, বাৰীত কোঁৰ মৰা,  তামোল পাণ পৰা, পুখুৰীৰ পৰা জালেৰে মাছ ধৰি দিয়া ,গৰু বিচাৰি অনা আদি কামবোৰ কৰি দিয়াৰ বাবে আমাৰো কিছু লাভেই হৈছিল। কিন্তু মাজে মাজে কিবা চেলু লৈ সি কলেজ খতি কৰা হ'ল। বাবাজী হেন লগা মালিক মালিকনীৰ লগত তাৰ বহু হলিগলি।  ফুচফুচীয়া মেল ।
      এদিন সি এযোৰ চামৰাৰ নতুন ছেন্দেল কিনি আনি আমাক আচৰিত কৰি দিলে। আকৌ আন এদিন এটা কলা দায়েলৰ নতুন টাইমষ্টাৰ ঘড়ী আনি কলেহি " দাঙিলো ৰহ , পূৰা এক চ  বিছ  (১২০) টকা, এক লাল পইচা কম নাই"।  এনেদৰে গগলচ, জোতা, টেৰিকটনৰ চাৰ্ট পেন্ট ,চুৱেটাৰ আদিৰে খগেন হিৰ বনি গ'ল। আমি দুটাই তাৰ আঁৰত কোৱাকুই কৰোঁ- 
      “ই  বেয়া গেঙত সোমাল নেকি ঐ !  নহলে চুৰ ডকাইতৰ পাৰ্টীৰ লগ লগিল বা ! ”
    "  কলেজ খতি কৰি মালিকৰ চাইলকেল খন লৈ গধূলি পৰলৈকে ক'ত কি কৰেগৈ?" 
     "ৰাতি ৰাতি কলৈ যায়?"
     "ঘৰলৈও নোযোৱা হ'ল ন ?" 
      "আমি হে সিহঁতৰ ঘৰৰ পৰা ৰেচন পাতি আনিব লগা হ'ল ।" ইত্যাদি ইত্যাদি। 
      এদিনৰ কথা। দুভাগ ৰাতি  খগেন ভিজা মেকুৰীটোৰ দৰে ৰুম সোমালহি। ভৰিত নতুনকৈ লোৱা জোতা যোৰ নাই, কাপোৰ কানিৰো অৱস্থা নাই। আৰে ! ইয়াৰ হিপ্পী ৰখা দীঘল চুলি বোৰ চবলা-চবলকৈ কাটি কি ষ্টাইল বনালে! পৰীক্ষাৰ কাৰণে পঢ়ি থকা আমি দুটাই ইটোৱে সিটোলৈ চালো।
      আহিয়েই কাপোৰ- কানি নোখোলাকৈ চিধাই বিছনাত পৰিল।
     "ঐ ভাত ৰন্ধা আছে,বাঢ়ি খা । " ৰমেশে কলে। সি একো নেমাতি ধোবং দিলে।
     পিছদিনা সি পুৱাই পুৱাই ৰাতিৰ ঠাণ্ডা ভাত গাল খাই, মূৰত গামোচা এখন লৈ ওলাই গ'ল।কলেজলৈ যোৱা সময়ত চুটি চুটি কৈ চুলি কটাই নতুন টুপী এটা পিন্ধি ঘৰ সোমাল আৰু গা ধুই বিছনাত বাগৰ দিলেহি। কলেজলৈ যোৱাৰ কথা সোধাত 'আজি নেযাওঁ ʼ বুলি ক'লে।
      " ঐ তহঁতি আজিৰ ভিতৰত ঘৰ খালি কৰ । শুনিচনে নাই ,অ আজিয়েই।" বাহিৰত মালিক খুড়াৰ গোজৰনি। ভাত খাই থকা আমি দুটাই চকু তিয়া-তিয়ী কৰিলোঁ। 'কি হ'ল ?, ই  কিবা ঘটনা কৰিলে নিশ্চয়' মই ভাবিলো।
     " খুড়া  মই বাৰে বাৰে কৈছো, আচলতে মোৰ দোষ নাই। কুকুৰ........." খগেনে কিবা কব বিছাৰিছিল।
     " চুপ ! মোক বুজাবলৈ চেষ্টা নকৰিবি, ওলা ! তই এতিয়াই মোৰ ঘৰৰ পৰা ওলা। নহ'লে তোক কাটি জেললৈ যাম। " আমাৰ ফাট দিয়া বসুমতী পতালে লুকাও অৱস্থা।
    "হ'ব খুড়া , এতিয়াই আমি ঘৰ বিচাৰি যাম" ৰমেশে ভয়ে ভয়ে ভিতৰত পৰাই ক'লে।
    "থিক আছে ,"ভোৰ ভোৰাই কিবা কিবি কৈ কৈ মালিক গ'ল গৈ। 
     সেই দিনা কলেজ বাদ দি ঘৰ বিচাৰি গৈ ঘৰ পালোঁ। আবেলিলৈ  মাটিত খুটি পুতি সজা চাঙৰ বিছনা সহ ঘৰ সলনি হৈ গ'ল।  কথাত আখৈ ফুটা খগেনৰ , সেইদিনা মুখৰ মাত নাছিল। 
      যাবৰ পৰত খগেনলৈ চাই মালিকে মাথোঁ ক'লে- " এই বোৰ কথা যেন আনৰ মুখেৰে নুশুনোঁ, শুনিলে কথা বেয়া হ'ব।"
       ক'ত কেনেকৈ কি হৈছিল আমি ৰেপি-ৰেপি সোধিছিলোঁ কিন্তু  নক'লে,মানে নক'লেই।
*** *** *** *** *
গাৱঁৰ মানুহক  কোনোবাই   অচিন বেমাৰ জপায় ।ভূত ,বীৰা ,কেঁচাই খাতী জপায়। পোহকৰ লগায়। বাণ মাৰি ঘৰৰ শান্তি নোহোৱা কৰে ।গৰু-মʼহ হেৰায়।হাঁহ - ছাগলী মৰি উচন হয়, সন্তান লাভ হোৱা নাই ; কোনে বীৰা জপাইছে ? কোনে বেমাৰ জপাইছে? কোনে পোহকৰ লগাইছে , কোনে বাণ মাৰিছে ? কি কৰিলে সন্তান হ'ব আদি নানা প্ৰশ্নৰ উত্তৰ, আউঁসী বা  একাদশীৰ ৰাতি আত্মা আহ্বান কৰি , তান্ত্ৰিকে আত্মাৰ মুখৰ পৰা উলিয়ায় আৰু বিধান লয়। আত্মাই নিজ মুখে দিয়া বিভিন্ন প্ৰশ্নৰ উত্তৰ আৰু বিধান শুনি গৃহস্থ পৰম ধন্য হয়। মুক্তহস্তে দান দক্ষিণা সিধা ভুজনী দি ৰক্ষা পৰে।
      সেইদিনা আছিল অমাৱস্যাৰ দুপৰ নিশা।  দূৰৈৰ এখন গাঁও। চুবুৰীটোৰ কোনেও লেম চাকি জ্বলোৱা নাই ।ঘিটমিতীয়া এন্ধাৰ। তান্ত্ৰিকে আত্মা মাতিছে। কুকুৰে ভুকিছে।গছৰ ডাল ভাঙি আত্মা অহাৰ আগ  জাননী দিছে। কʼতো কাৰো মাতবোল নাই। এন্ধাৰ ঘৰত গৃহস্থ আৰু চুবুৰীয়া নিতাল মাৰি বহি আছে। তান্ত্ৰিকে সুধি গৈছে এটাৰ পিছত এটা প্ৰশ্ন । ঘৰৰ পিছফালৰ পৰা আত্মাইও যথাযথ  উত্তৰ দি গৈছে-
  -তই কোন? নাম ক ।
 -  ধ-না-ই । (ভঙা মাতৰ উত্তৰ)
- বাপেৰৰ নাম কি?
- ব জ ৰু।
- কৰ পৰা আহিছ?
- আ হঁ ত তলি  শ্ম শা নৰ পৰা।
-কোনে পঠাইছে?
-চে ঙে লী য়ে।
 -কি লাগে ? কি লাগে তোক? নেমাত কিয় ? বুলি তান্ত্ৰিকে জুইত ঘিউ ঢালে।
    নাই ,আত্মাৰ মাত বোল নাই। কুকুৰৰ ভুকভুকনি বেছি হ'ল। ইফালে তান্ত্ৰিকৰ নিশাৰ বুকু ফলা গৰ্জণ। ' ক ! তোক কি লাগে ,নহলে নাগ পাশেৰে বান্ধিম '। কুকুৰে আত্মাক খেদি নিছে । আত্মাই দপদপাই দৌৰি গৈছে।
 " ঔ মৰিলো ! মৰিলো ঔ " আত্মাৰ হৃদয় ফলা চিঞৰ শুনি তান্ত্ৰিক টৰ্চ লৈ বাহিৰলৈ দৌৰিলে। পিছে পিছে আনবোৰ। গৈ দেখে  লঠঙা আহঁত এজোপাৰ ডালত  সো- শৰীৰে আত্মা আৰু কুকুৰ দুটাই তলৰ পৰা ভুকি আছে। আত্মা ধৰা পৰিল। গঞাই তান্ত্ৰিক আৰু আত্মাক  লপা থপা দি, চুলি কাটি, চুন সানি ,সৌকাৰে কোবাই কোবাই গাৱঁৰ পৰা বাহিৰ কৰি দিলে।
***  **** ***
    শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ  কাজিৰঙা অধিৱেশন । হাইস্কুল এখনৰ প্ৰধান শিক্ষক হৈ অৱসৰ লোৱা আৰু সঙ্ঘৰ ওচৰৰ জিলা খনৰ সভাপতিক লগ পালোঁ বহুদিনৰ মূৰত।ভাল বেয়া খবৰ খাতি লৈ থাকোতেই  হঠাতে  বাপজনাই মোৰ ভৰি দুখন সাৱটি ধৰি কান্দিবলৈ ধৰিলে। মই, মোৰ পত্নীৰ লগতে তেখেতৰ পত্নী,আতৈ - সঙ্গী সকলো অবাক। কান্দি কান্দিয়ে কলে -" গোটেই জীৱন কঢ়িয়াই লৈ ফুৰা মহাপাপটো বেকত কৰি ৰৌ ৰৌ নৰকৰ পৰা মুক্তি হ'বলৈ অলপ সময় দিয়ক বাপ ” 
      * * * * * * * * * *
 - উপসংহাৰ-
 মালিকে কেচটো লোৱাৰ পিছত খগেনে গৈ গৃহস্থ ঘৰৰ বিষয়ে  আলঙে আলঙে তদন্ত কৰি উপৰিপুৰুষৰ নাম ,কোন কেতিয়া কেনেকৈ মৰিছিল আদি তথ্য সংগ্ৰহ কৰিছিল আৰু মালিকে শিকোৱা মতে আত্মা হৈ ঘৰৰ পিছফালৰ পৰা তান্ত্ৰিকৰ প্ৰশ্নৰ উত্তৰ 
দিছিল। সেই দিনা কুকুৰে খেদি নি কামুৰি জোতা এৰুৱাই নিছিল আৰু গছত উঠি ৰক্ষা পৰিছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)